জোনাকক একো নকয় নিশাৰ দেউতাকক মাতি পঠিয়ালে আৰু দুদিনৰ বাবে তাইক ঘৰলৈ যাব দিয়া হল । ৰাতি প্ৰায় ১২ মান বাজিল । হিল্লোলৰ টোপনি অহা নাই ( Assamese love story )।
-ঘৰখনত কি হয় আছে তুমি কিবা জানানে প্ৰভা?
-মানে??
তাৰপাছত হিল্লোলে কৈ গল ৰাতিপুৱা দেখা জোনাকৰ কথাটো । প্ৰভাই ও কৈ গল প্ৰতি দিনে নিশাৰ লগত হৈ থকা ঘটনাবোৰ । হিল্লোল সংকিত হয় পৰিল ।
নিশা ঘৰলৈ অহাৰ পিছত বিভিন্ন প্ৰশ্নৰে মাকে তাইক ব্যতিব্যস্ত কৰি তুলিলে ঘৰখন কেনে পাইছ? তই কিবা অসুবিধা পাইছ নেকি? তেনেকুৱা একো নহয় মা । নিশা মাকৰ ওচৰৰ পৰা পলায়ন কৰিব লওতেই মাকে প্ৰশ্ন কৰিলে
-জোৱাই কিয় নাহিল? ইমান ব্যস্ত নে?
নিশা থমকি ৰল অফিচৰ এইকেইদিন কিছু কাম বাঢ়িছে মা । কথা কেইটা কৈ ভিতৰলৈ গল আৰু মনতে কলে তোক কিদৰে বুজাম মা যে জোনাক এতিয়াও মোৰ হোৱা নাই । হয়তো সেইখন ঘৰত মই মাত্ৰ দুদিনৰ আলহী ।
মাকৰ ঘৰত দুদিন থাকি নিশা গুচি আহিল । ৰাতি প্ৰায় ১১ মান বাজিছে । জোনাক আহি পোৱা নাই । নিশাই ডাইনিংত ভাত সজাই তাক ৰৈ আছে । কিছু সময় পিছত সি আহিল । গাৰুটো আনি ড্ৰয়িং ৰুমলৈ যাব লওতে নিশাই কলে
-ভাত দিছো আহক ।
-নাই এতিয়া মই ভাত নাখাওঁ ।
-তেন্তে বেলেগ কিবা বনাই দিও নেকি?
-নালাগে । বাহিৰতে ডিনাৰ কৰি আহিছো ।জোনাক গুচি গল । তাইৰ দুচকুৰে দুটোপাল তপত চকুলো বৈ আহিল । তাইয়ো ভাত খাবলৈ জোনাককে ৰৈ আছিল কিন্তু সি তেনেকৈ কোৱাৰ বাবে নোখোৱাকৈ গৈ শুই থাকিল । বিচনাখনত পৰি তাই নিজকে সুধিলে কিয় তাই জোনাকৰ হৃদয় চুব পৰা নাই? তাৰ হৃদয়ত আন কোনোবাই বাস কৰি আছে নে তাই তাৰ ভাল পত্নী হব পৰা নাই? হাজাৰ প্ৰশ্নই তাইক খেলি মেলি লগাই গল ( Assamese love story )।
পুৱা ৮ বাজিছে । হিল্লোলে বাতৰিখন হাতত লৈ ড্ৰয়িং ৰুমতে বহিছে । জোনাকে গা পা ধুই বাথৰুমৰ পৰা ওলাই আহিল ।
-মোক কেইপদমান বস্তু লগা আছিল । আপুনি অফিচৰ পৰা আহোতে লৈ আনিব পাৰিব নেকি?
-আপোনাক কি লাগে নিজে গৈ আনিব মোৰ সময় নাই ।
হঠাতে প্ৰভা সেইফালে আহিব লওতেই কথা কেইটা কাণত পৰিল আৰু গৈ হিল্লোলক কলে । হিল্লোলে জোনাক অফিচলৈ যাবলৈ ওলাই আহোঁতে কলে
-জোনাক ৰহ তোৰ লগত মোৰ কেইটামান কথা আছে?
-কি কথা কোৱা?
-তই ছোৱালীজনীক এনেকৈ কিমান দিন কষ্ট দিবি?
-গোটেই জীৱন ।
-কিন্তু তাইৰ দোষ কি?
-এইখন ঘৰৰ বোৱাৰী হৈ অহাটো ।
জোনাক গুচি গল । হিল্লোলৰ বুকুৰ মাজত প্ৰচণ্ড বিষ অনুভৱ হল । কিছু সময় পিছত ঢলি পৰিল । প্ৰভাই চাহ কাপ লৈ আহি চিঞৰি উঠিল ।তাইৰ চিঞৰত নিশা ৰূমৰ পৰা দৌৰি আহিল । জোনাকো আহিল ।জোনাকে তাৰ উশাহ নিশাহ পৰিক্ষা কৰি চালে ।নাই হিল্লোল আৰু নাই । হিল্লোল গলগৈ প্ৰভাৰ বুকুত প্ৰবল হিল্লোল তুলি কোনোবা অচিনা দেশলৈ । জোনাকে নিশাৰ হাতত থাপ মাৰি ধৰি টানি লৈ গল সিহঁতৰ কোঠাৰ বিচনাত গটিয়াই দিলে । আপোনাক কি লাগে? কিয় এনে কৰিলে আপুনি? মোৰ জীৱনটো ধ্বংস কৰি শান্তি নাপালে চাগে সেয়ে আজি দেউতাক একেবাৰে শেষ কৰি দিলে । নিশা কান্দোনত ভাগি পৰিল । তাই ভাবিবই নোৱাৰিলে হঠাতে এয়া কি হল ।
"একো মোক নালাগে সকলো আছে
ছোৱালী জীৱনটো ঘূৰাই মোক লাগে..! "
ক্ৰমশঃ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment