প্ৰেমিক আৰু বান্ধৱীৰ প্ৰতাৰণাৰ বলি হল নিলাঞ্জনা : Assamese story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, April 11, 2021

প্ৰেমিক আৰু বান্ধৱীৰ প্ৰতাৰণাৰ বলি হল নিলাঞ্জনা : Assamese story

 

Assamese story


আজি কদমগুৰি গাওঁ খন আন্ধাৰ হৈ পৰিছে | যেন মৃত্যু হৈছে পোহৰ বোৰৰ | সকলো মানুহৰ মুখত মাত্র এটাই কথা চেহঃ কি যে হ'ল  ( Assamese story )| গাওঁ খনৰ মানুহৰ পেটত ভাত নাই | কাৰন গাওঁ খনৰ মেধাৱী ছাত্রী , আদৰ্শ বান শিক্ষক ৰুদ্র কাকতিৰ একমাত্র ছোৱালী নিলাঞ্জনাই আত্মাহত্যা কৰিছে |  ৰুদ্রৰ বহুত মৰমৰ ছোৱালীজনী কিয় এই পথ বাছি ল'লে,কিয় ইমান মৰমৰ মাজত কোনো অভাৱ নোহোৱাকৈ ডাঙৰ হোৱা নীলাই মাক দেউতাকক প্রবঞ্চনা কৰিলে !


                সকলো মাক - দেউতাকৰ দৰে ৰুদ্র আৰু মল্লিকাই ও সপোন দেখিছিল সিহতৰ ছোৱালী জনী এদিন ভাল মানুহ হব ,সিহতে তাইক লৈ থকা সপোন বোৰ পূৰন কৰিব | সেয়েহে হায়াৰ চেকণ্ডৰীৰ ৰিজাল্ট দিয়াৰ পাছতে ৰুদ্র আৰু মল্লিকাই সিদ্ধান্ত ল'লে |

ধৰিত্রিৰ বুকুত নিশা নামি আহিছিল | সকলো শুই গৈছিল নিশাৰ আহাৰ গ্রহন কৰি ,,,,

- মল্লিকা

- উম

- মই মাজনীক চহৰৰ ভাল কলেজত পঢ়োৱাৰ সিদ্ধান্ত লৈছো ,তুমি কি কোৱা ?

- মই নো কি কম,তুমি জানো তাইৰ বেয়া চিন্তা কৰিবা,তুমি যি ভাল দেখা তাকে হব |


          শেষত সেই সিদ্ধান্ত নীলাক জনোৱা হ'ল | প্রথমতে তাই আপত্তি কৰিলে |

- মা দেউতাক বুজোৱা না মই চহৰত নাযাওঁ,মই গাওঁৰ কলেজতে পঢ়িম |

- মাজনী নাপায় নহয় ,দেউতাই বেয়া পাব | আমি তোমাৰ ভালৰ বাবে হে,,,,,,

তাই দুহাটেৰে মাকৰ ডিঙিটোত খামোছি ধৰিছিল |

- কিন্তু মই তোমালোকক এৰি থাকিব লাগিব |

কথাষাৰ শুনাৰ লগে লগে মল্লিকাৰ বুকুত শিলে বিন্ধাৰ দৰে বিন্ধিলে | তথাপি ছোৱালী জনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সিহতে তাইক পঠাব |


         নীলা যাবলৈ ওলাল | মল্লিকাই উচুপি উচুপি কান্দিলে | প্রথম বাৰৰ বাবে ছোৱালী জনীক বুকুৰ মাজৰ পৰা উলিয়াই পঠালে |

- মা নাকান্দিবা ,তুমিয়েটো পঠাইছা |

- মাজনী ভালকৈ পঢ়া শুনা কৰিবা,দেউতা আৰু মোৰ আশাবোৰ পূৰন কৰিবা |

- হব মা 

নীলাই চকুপানী মছি মছি মাকৰ ওচৰৰ পৰা বিদায় ল'লে | এটা সময়ত সিহতে চহৰ পালে | ৰুদ্রই নীলাক হোষ্টেলত থৈ মৰমৰ জীয়েকক এৰিব ওলাল |

ৰুদ্র ই নীলাক সাৱতি ধৰিলে,চকুপানীৰে উপছি পৰিলে ৰুদ্রৰ চকু |

- মাজনী নিজক কেতিয়াওঁ ফাকি নিদিবা | ভালকৈ পঢ়া শুনা কৰিবা | চহৰ খন অলপ বেলেগ মাত্র আমি তোমাক বিশ্বাস কৰি হে চহৰত থৈছো | আহো,,,,,,,


         ৰুদ্র ওলাই অহাৰ পাছতে নীলাই কান্দিছিল,মুহুৰ্ত্ততে তাইৰ নিজকে অকলশৰীয়া যেন অনুভৱ হৈছিল | যেন আপোন মানুহবোৰ তাইৰ ওচৰৰ পৰা গুছি গৈছিল | এখন অচিনাকী ঠাই অচিনাকী মানুহ | কিন্তু সকলো অচিনাকীৰ পৰাই চিনাকী হয় |


লাহে লাহে হোষ্টেলৰ সকলো ছোৱালীৰ লগত তাই চিনাকী হৈ পৰিছিল | সিহতৰ লগত হাঁহি ধেমালি কৰি থাকোতে তাই লাহে লাহে মাক-দেউতাকৰ অভাৱ আজিকালি অনুভৱ নকৰা হ'ল | কিন্তু তাইৰ ৰুম মেট অলংকৃতাই দিনে ৰাতিয়ে ফোনতে ব্যস্ত |এদিনা খনৰ কথা নীলাৰ মোবাইলত এটা অচিনাকী নম্বৰৰ ফোন আহিল তাই ৰিচিভ কৰিলে |

- হেল্ল'

- হাই নীলাঞ্জনা

সেইফালৰ পৰা তাই পুৰুষ কণ্ঠ এটা শুনিলে |

- কোন ?

- মই প্রবাল তুমি মোক চিনি নাপাবা |

- মোৰ নম্বৰ ক'ত পালে ?

- অলংকৃতাই দিলে |

- কি !

তাইৰ খং উঠিল | তাইৰ অনুমতি অবিহনে কিয় অলংকৃতাই অচিনাকী ল'ৰা এজনক তাইৰ ফোন নং দিব | তাই ফোনটো কাতি দিলে |

- অলংকৃতা তুমি মোৰ ফোন নং কোন ল'ৰাক দিছা ?

- প্রবালক |

- কোন প্রবাল ?

- আমাৰ কলেজৰে | বহুত ভাল ল'ৰা | সি তোমাক গোপনে গোপনে ভালপায় !

- ভালপায় !

- কিয় আচৰিত হ'লা যে,হাৰে আমাৰ কলেজত বইফ্রেইণ্ড নোহোৱা ল'ৰা একমাত্র তুমিয়ে আছা | গতিকে কথাষাৰ ভাবি চাবা | 

কথাখিনি কৈ অলংকৃতা ওলাই গৈছিল | তাৰ পাছতে প্রবালে তাইৰ মোবাইলত মেচেজ দিছিল " নীলা তোমাক মই বহুত ভালপাওঁ "


          আজি ৰাতি নীলাৰ টোপনি অহা নাই | বাৰে বাৰে তাই কথাষাৰ ভাবিছে | এৰা , এই যুগত যুগৰ লগত মিলিব লাগিব নহ'লে সকলোৱে এভইড কৰিব | আৰু মনৰ কথা পাতিবলৈ,এজন ভাল সংগীৰ সঁচাই প্রয়োজন | 

পিছদিনা ৰাতিপুৱাঁ শুই উঠিয়ে নীলাই অলংকৃতাক কৈছিল -

- অলং আজি মোক প্রবালক লগ কৰাই দিবা |

নীলাৰ কথা শুনি অলংকৃতাই হাঁহিছিল | তাৰমানে প্রবালৰ কাম হ'ল |

নীলা আৰু অলংকৃতাই কলেজ আহিয়ে প্রথম ক্লাছ কৰি বাহিৰত ওলাই আহিলে | নীলাই বাহিৰৰ অপূৰ্ব কৃষ্ণ জোপাৰ তলত বহি ল'লে | তাই অধীৰ আগ্রহৰে বাট চালে প্রবাললৈ | 

কিছু সময় পাছত অলংকৃতাৰ সৈতে এজন ধুনীয়া ল'ৰাই হাঁহি হাঁহি তাইৰ ওচৰত আহিলে | ল'ৰাজন দেখিয়ে নীলাঞ্জনাৰ ভাল লাগি গ'ল | তাৰমানে তাইক ভাল পাব বিচৰা প্রবাল এইজনে | তাই তাৰ ফালে লাজত চাব পৰা নাছিলে | কাৰন তাইৰ জীৱনত আজি প্রথম প্রেমৰ অনুভুতি জাগিছে |

- হাই 

সি তাইৰ ফালে হাত খন আগবঢ়াই দিছিল | তাই ও লাজুকী চাৱনিৰে তাৰ ফালে হাত খন আগবঢ়াই দিলে | আহঃ তাইৰ আজি এটা বেলেগ অনুভুতি জাগ্রত হ'ল তাৰমানে এয়াই প্রেম |

এনেকে কিছু সময় সিহতে কতোৱাৰ পাছত হোষ্টেললৈ আহিলে | আহিয়ে তাই প্রবালক মেচেজ দিলে " আই লাভ ইউ প্রবাল "


       এনেকৈয়ে আৰম্ভ হ'ল প্রবাল আৰু নীলাৰ প্রেম ,ৰাতিৰ পাছত দিন,দিনৰ পাছত ৰাতি কথা পাতি ও সিহতৰ কথা শেষ নোহোৱা হ'ল |কলেজৰ ক্লাছ কৰিব এৰি নীলাই আজিকালি প্রবালৰ সৈতে পাৰ্ক,ৰেষ্টুৰেন্ট,চিনেমা চাই ঘূৰি ফুৰে |  লাহে লাহে সিহতৰ কথাবোৰ বেলেগ ফালে গতি ল'লে  ( Assamese story ) | 

সিহতৰ এতিয়া দুয়োকে দুয়ো পোৱাৰ হাবিয়াস বাঢ়ি গ'ল | এক প্রকাৰ বলিয়া যৌৱনে সিহতক পাগল কৰিলে | 

- নীলা ব'লা না কাইলৈ আমি যৌৱন উপভোগ কৰো|

প্রবালৰ কথাত নীলাই আনন্দিত মনে সুধিলে 

-কিন্তু ক'ত !

- মোৰ ৰুমত ,কাইলৈ মা-পাপা ঘৰত নাথাকে  |

কথা মতে কাম আজি নীলাৰ মনত আনন্দৰ সিমা নাই | শৰীৰে বিচৰা সম্পৰ্ক কৰিবলৈ সিহতে পাগলৰ দৰে হ'ল | তাই পাহৰি গ'ল তাইৰ মাক-দেউতাকৰ আশা বোৰ |

এটা সময়ত তাই হোষ্টেলৰ পৰা ওলাই গ'ল | প্রবালে বাইক লৈ তাইৰ বাবে অপেক্ষা কৰি আছিল | তাই প্রবালক লগ পালে আৰু প্রবালৰ ঘৰলৈ গ'ল | আজি তাইৰ বুকুখন কপিছে,জীৱনত এয়া এক বেলেগ অনুভুতি জাগিছে তাইৰ হৃদয়ত | এটা সময়ত প্রবালে তাইক বুকুৰ মাজত তানি নিলে | তাইৰ কোমলতাৰ মাজত সি তাক বিলীন কৰিলে | সি তাইৰ কোমল ওঠ জুৰিত তাৰ পাহোৱাল ওঠটি লগাই দিলে | আৰু তাইৰ যৌৱনৰ সমস্ত মিঠা মৌ সি চুপি খালে |

         লাহে লাহে তাই অনুভৱ কৰিছিল প্রবালে তাইৰ বস্ত্ৰহৰণ কৰি তাইক জীৱনত প্রথম বাৰৰ  বাবে কোনোবাই উলংগ কৰিলে | লাহে লাহে তাই অনুভৱ কৰিছিল যেন এজনী হৰিনীৰ ওপৰত এটা হিংস্র সিংহ জপিয়াই পৰিছে  |তাইৰ সেই বন্ধনৰ পৰা মুক্ত হব মন গৈছিল | কিন্তু ভালপোৱাঁৰ স্বাৰ্থত তাই সপি দিছিল তাক সকলো |

কিছু সময় পাছত প্রবালে তাইক মুক্ত কৰি দিছিল | আৰু তাই প্রবালৰ চকুলৈ ও চাব পৰা নাছিল | কিন্তু তাই বুজা নাছিল যে তাইৰ বিয়াৰ আগতে তাইৰ সতীত্ব শেষ হ'ল |


                 প্রবালে তাইক হোষ্টেলত থৈ আহিলে | আহিয়ে তাই বাথৰুমত সোমাইছিল বাথৰুমত তাই নিজৰ শৰীৰটো ভালকৈ লক্ষ্য কৰিছিল | তাইৰ শৰীৰৰ কিছু অংশত নখৰ আছোৰ,দাতৰ দাগ | প্রবালে যদি তাইক ভালপয় তেন্তে সি তাইৰ ওপৰত কিয় ইমান অত্যাচাৰ কৰিলে ! তাই নুবুজিলে |


      বাথৰুমৰ পৰা ওলাই আহিয়ে তাই মোবাইলটো চালে | আৰু হোৱাটচ্ আপত প্রবালৰ মেচেজ এটা দেখি খুলি চাই যি দেখিলে তাইৰ সমস্ত দেহ কপিব ধৰিলে | হাৰে ! এয়া কি সি ইমান ঠগ প্রবঞ্চক | এতিয়া কি হব তাইৰ | সি সকলোবোৰ ভিডিঅ' কৰি থৈছিল | তাইৰ নিজৰে ঘৃনা লাগিল তাইৰ উলংগ শৰীৰ দেখি | তেনেতে ৰুমত অলংকৃতা সোমাই আহিছিল |

- হাই নীলা কেনে গ'ল দিনটো |

অলংকৃতাৰ দুষ্ট চাৱনি আৰু দুষ্ট হাঁহি ফুটি উঠিছিল |

তাই মাতিব পৰা নাছিলে |

- চোৱা মুৰ্খ ছোৱালী | যদি তোমাৰ ইজ্জত হানি কৰিব নালাগে,যদি এই ভিডিঅ' নেটত এৰি দিব নালাগে তেন্তে কালিৰ ভিতৰত আমাক একলাখ টকা দিয়া |

অলংকৃতাৰ কথা শুনি খঙত জ্বলি গৈছিল নীলা | ইমান ডাঙৰ বিশ্বাস ঘাটকতা এজনী বান্ধৱীৰ |

তাই মনে মনে কান্দিব ধৰিলে | তাইৰ মাক দেউতাকৰ মুখ খন বৰকৈ মনত পৰিলে | কানত প্রতিধ্বনিত হ'ল " মাজনী ভালকৈ পঢ়া শুনা কৰিবা,নিজৰ সপোন পূৰন কৰিবা "

তাই গাৰুটো সাৱতি কান্দিলে নাই মা মই হাৰি গ'লো ,দেউতা তোমাৰ সপোন মই পূৰণ কৰিব নোৱাৰিলো | মই হাৰি গ'লো ,মই এজনী বেয়া ছোৱালী | মোৰ জীয়াই থকা অধীকাৰ নাই | 


        মোৰ শ্রদ্ধাৰ মা-দেউতা


                পোন প্রথমে মোৰ শ্রদ্ধা কন গ্রহন কৰিবা,মই তোমালোকৰ সপোন বোৰ পূৰণ কৰিব নোৱাৰিলো | মই বেয়া পথত নামি গ'লো | যাৰ কাৰনে আজি মই আত্মহত্যা কৰা সিদ্ধান্ত গ্রহন কৰিলো | মোৰ জীৱন ধংস কৰাৰ মূলতে মোৰ ৰুম মেট অলংকৃতা | প্রবাল নামৰ এজনে মোৰ জীৱন শেষ কৰিলে | তাৰ সমানে দায়ী ময়ো |


            মোৰ নিছিনা ভুল জাতে আৰু কোনেওঁ নকৰে | বিদায় মা দেউতা |


                                       তোমালোকৰ বিশ্বাসী

                                                মাজনী


তাৰ পাছতে নীলাই হোষ্টেলৰ চাদৰ পৰা জপিয়াই আত্মাহত্যা কৰিলে |


এনেধৰন আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


      এনেকৈ শেষ হ'ল এটা জীৱনৰ | শৰীৰৰ সম্পৰ্ক বিচৰা প্রেমে কাল হ'ল তাইৰ | জ্বলি ছাই হ'ল পিতৃ-মাতৃৰ সন্মুখত এটা গাভৰু শৰীৰ |||


Assames love story

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages