হিন্দুৰ তিনিটা মন্দিৰ ঘূৰাই বিচৰা লৈ বিবাদ চলিছিল : Assamese article - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, April 11, 2021

হিন্দুৰ তিনিটা মন্দিৰ ঘূৰাই বিচৰা লৈ বিবাদ চলিছিল : Assamese article

  

Assamese article

কাশী বিশ্বনাথ মন্দিৰ  ভাৰতবৰ্ষৰ বাৰ জ্যোতিৰলিঙ্গৰ ভিতৰত এটা। অনাদি কালৰে পৰা এই জ্যোতিৰলিঙ্গ প্ৰাচীন চহৰ কাশীত থকাৰ কথা মহাভাৰতকে ধৰি বিভিন্ন শাস্ত্ৰত উল্লেখ আছে। কাশী ভাৰতৰ পবিত্ৰ তীৰ্থ স্থান সমূহৰ ভিতৰত এখন । এই পবিত্ৰ কাশী চহৰ খন আৰু বিশ্বনাথ মন্দিৰে বহুতো কৰুণ ইতিহাসৰ সাক্ষী হৈ আছে ।


১১৯৪ চনত কুটুবোদ্দিন আইবাকে এই বিশ্বনাথ মন্দিৰ সম্পূৰ্ণ ৰূপে বিধস্ত কৰি দিছিল। ইলতুতমিছৰ শাসণ কালত (১২১১-১২৬৬) এই মন্দিৰ পুনৰ নিৰ্মাণ কৰা হয় যদিও ছিকন্দৰ লোধিৰ (১৪৮৯-১৫১৭) শাসণ কালত আকৌ ধ্বংস কৰি দিয়ে। ইয়াৰ পাছত ৰাজা মান সিঙ আৰু আকবৰৰ ৰাজসভাৰ ৰজা টোডৰ মলে   এই মন্দিৰ পুণৰ নিৰ্মাণ কৰে।  


কিন্তু ১৬৬৯ চনত ঔৰংজেৱে ফৰমান জাৰি কৰি কাশী বিশ্বনাথ মন্দিৰ সম্পূৰ্ণ ৰূপে ধ্বংস কৰি দিয়ে। এই ফৰমান আজিও কলকতাৰ এছিয়েতিক লাইব্ৰেৰীত সুৰক্ষিত আছে। ঔৰংজেবৰ আদেশ অনুসৰি মন্দিৰ ভাঙি মন্দিৰৰ জ্ঞানৱাপী মন্দপত জ্ঞানৱাপী মছজিদ  নিৰ্মাণ কৰে। ইয়াৰ পাছত ঔৰংজেবে কাশী আৰু তাৰ আসে পাসে থকা ব্ৰাহ্মণ সকলক দিনে এহেজাৰ জনক মুছলমান ধৰ্মলৈ পৰিবৰ্তন কৰিবলৈ আদেশ দিলে। সেয়ে উত্তৰ প্ৰদেশৰ শতকৰা ৯০ শতাংশ মুছলমান লোকৰ পূৰ্বজ ব্ৰাহ্মণ। 


১৭৪২ চনত মাৰাঠী শাসক মল্হাৰৰাও হোলকাৰে মজ্জিদ ভাঙিবৰ বাবে চেষ্টা কৰে যদিও অৱধ অঞ্চলৰ নবাবৰ অধিনত থকা   সফল হ'বলৈ নিদিলে।  

১৭৫০ চনত জয়পুৰৰ মহাৰজাই কাশী বিশ্বনাথ মন্দিৰৰ মাটি জৰীপ কৰাই নতুনকৈ সানিবলৈ বিচাৰিছিল কিন্তু তেওঁ সফল নহল।


১৭৫২ চনৰ পৰা ১৭৮০ চনৰ মাজৰ সময় ছোৱাত মাৰাঠী নেতা দত্তাজী সিন্ধিয়া আৰু মল্হাৰৰাও হোলকাৰে মন্দিৰ উদ্ধাৰৰ বাবে বহুত চেষ্টা কৰিলে। ৭ আগষ্ট ১৭৭০ চনত মহাদজী সিন্ধিয়াই দিল্লীৰ বাদছাহ ছাহ আলমৰ পৰা মন্দিৰ ভঙাৰ বাবে ক্ষতিপূৰণ বিচৰাত বাদছাহে নতুনকৈ নিৰ্মাণ কৰিবলৈ আদেশ দিলে যদিও সেই সময়ত কাশী চহৰ ইস্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যোৱাত   নিৰ্মাণ কাৰ্য বন্ধ হৈ গল। 


১৭৮০ চনত মাল্হাৰৰাও সিন্ধিয়াৰ বোৱাৰী ইন্দোৰৰ মহাৰাণী অহল্যাবায়ে বৰ্তমানৰ বিশ্বনাথ  মন্দিৰটো মছজিদটোৰ ওচৰতে অস্থায়ী ভাবে সজাই দিলে । সেই মন্দিৰত পঞ্জাৱৰ মহাৰজা ৰঞ্জিত সিঙে ৮৮০ কিলো ওজনৰ  সোণৰ ছাটি লগাই দিলে। গোৱালিয়ৰৰ মহাৰাণী বৈজাবায়ে মণ্ডপ সজালে আৰু নেপালৰ মহাৰজাই বিশাল নন্দী সজাই  দিলে। 


১৮০৯ চনত কাশীৰ হিন্দু সকলে জ্ঞানৱাপী মছজিদটো নিজৰ হাতলৈ আনিবলৈ চেষ্টা কৰিলে কিয়নো সেই মছজিদ  আগতে জ্ঞানৱাপী মন্দিৰৰ মণ্ডপৰ ভিতৰত আছিল। ৩০ ডিচেম্বৰ ১৮১০ চনত বানাৰাসৰ সেইসময়ৰ জিলা দণ্ডাধীশ মিষ্টাৰ ৱাটচনে জ্ঞানৱাপীৰ সমগ্ৰ ঠাই খনি মন্দিৰক ঘূৰাই দিবলৈ চেষ্টা কৰে যদিও হৈ নুঠে। মহাৰাণী অহল্যাবায়ে অস্থায়ী ভাবে  সজাই দিয়া মন্দিৰটোতেই আজিও হিন্দু সকলে পূজা অৰ্চনা কৰি আছে।  


মন্দিৰ মছজিদ বিবাদ --


বৰ্তমান কাশী বিশ্বনাথ মন্দিৰ আৰু জ্ঞানৱাপী মছজিদৰ বিবাদ ১৯৯১ চনৰ পৰা ন্যায়ালয়ৰ মজিয়াত আছে। ইয়াৰ আগতেও ১৯৩৬ চনত দীন মহম্মদে বিশ্বনাথ মন্দিৰৰ গোটেই ঠাই খিনি মছজিদক দি দিবৰ বাবে ন্যায়ালয়ৰ ওচৰত আবেদন কৰিলে। বৃটিছ ন্যায়াধীশে১৫৮৫ চনত মন্দিৰ পুণৰ নিৰ্মাণ কৰাৰ সময়ৰ নক্সা এখন উলিয়াই দীন মহম্মদৰ আবেদন নাকচ কৰিলে মাত্ৰ মুছলমান সকলক সেই ঠাইত নামাজ পঢ়িবৰ বাবে অনুমতি দিলে। 


হিন্দু সকলে বিশ্বাস কৰে জ্ঞানৱাপী মছজিদৰ ঠাই ডোখৰত বিশ্বনাথ মন্দিৰৰ জ্যোতিৰলিঙ্গ আজিও বিৰাজমান আছে সেয়ে ১৯৯১ চনত ন্যায়ালয়ৰ ওচৰত আবেদন জনাই তিনিটা দাবী কৰিলে--


১) গোটেই জ্ঞানৱাপীৰ ঠাই খিনি মন্দিৰৰ নামত ঘূৰাই দিব লাগে। 

২) সেই ঠাইত থকা সকলক জ্ঞানৱাপীৰ পৰা উলিয়াই মন্দিৰ ভাঙি সজা মছজিদটো গুচাই হিন্দু সকলক ঘূৰাই দিব লাগে। 

৩) হিন্দু সকলক আগৰ শিৱলিঙ্গ থকা ঠাইতে মন্দিৰ সাজিবলৈ অনুমতি দিব লাগে। 


আনহাতে ১৯৯১ চনত ধৰ্মীয় উপাসনাৰ স্থান সমূহৰ যি আইন বলবৎ হয় সেই অনুসৰি ১৯৪৭ চনৰ ১৫ আগষ্টত যাৰ যি অধিনত থাকিব সেই মতে হব সেয়ে  বানাৰস জিলা ন্যায়ালয়ে সেই কথা বিচাৰ কৰিব লাগিব বুলি কলে। উচ্চ ন্যায়ালয়ে অৱশ্যে জিলা আদালতৰ নিৰ্দেশ স্থগিত  কৰিলে ।

আকৌ ২০ বছৰৰ পাছত আকৌ ২০১৮ চনত   শুণানিৰ দিন পৰিল যদিও পুণৰ স্থগিত হল।  


২০২০ চনত আকৌ শুণানি আৰম্ভ হৈছে । মোকৰ্দমাত তিনিটা পক্ষ হৈছে  -- প্ৰথম পক্ষ জ্যোতিৰলিঙ্গ বিশ্বেশ্বৰ অৰ্থাৎ ভগৱান শিৱৰ, ন্যায়ালয়ে বিজয় চন্দ্ৰ ৰাস্তগীক ভগৱান শিৱৰ উকীল নিয়োগ কৰিলে। 

দ্বিতীয় পক্ষ Sunni Central Waqf Board আৰু তৃতীয় পক্ষ অঞ্জুমান ইন্টেজামিয়া মছজিদ কমিটি।


ভাৰতত মোগলৰ ৰাজত্ব কালত প্ৰায় ৪০,০০০ হেজাৰ হিন্দু মন্দিৰ ভাঙি মছজিদ কৰা হৈছে।  এই বিলাকৰ ভিতৰত ১৭,০০০ প্ৰাচীন মন্দিৰ আছিল। হিন্দু সকলে তিনিটা মন্দিৰ ঘূৰাই বিচৰা লৈ বিবাদ চলিছে -- অযোধ্যাৰ ৰাম মন্দিৰ,  কাশী বিশ্বনাথ মন্দিৰ আৰু মথুৰাৰ কৃষ্ণ মন্দিৰ।  অৱশ্যে অযোধ্যাৰ ৰাম মন্দিৰ ইতিমধ্যে হিন্দুৰ হাতলৈ ঘূৰি আহিলে যদিও আন দুটা এতিয়াও হোৱা নাই।  


জুলা শৰ্মা 

নতুন দিল্লী

Assamese article
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages