-মই আপোনাক কৈছিলো নে যে সি সলনি হবই ।
-সি সচাকৈ মোৰ লৰা প্ৰভা । সি মোৰ মনৰ বিৰুদ্ধে কেতিয়াও নাযায় ( Assamese love story )। এতিয়াৰে পৰা আমি নিচিন্ত মনে কামবোৰ আগবঢ়াব পাৰো । আজিয়ে মই ইষ্ট কুটুমক খবৰ কৰিম । হিল্লোল ওলাই গল । পিছে পিছে প্ৰভা ও গল । জোনাক গাড়ীতে বহি আছে । দেউতাক গাড়ীত বহাৰ পিছত সি ড্ৰাইভ কৰিলে । আগবাঢ়িলে অফিচ অভিমুখে..!
ক্ৰমশ দিনবোৰ যাবলৈ ধৰিলে । জোনাক সম্পূৰ্ণ ব্যস্ত হৈ পৰিল অফিচৰ কামত । পুৱা ওলাই যায় দিনটো অফিচত থাকি আকৌ গধূলি অফিচৰ কামতে বাহিৰলৈ ওলাই যায়। আৰু ঘৰ সোমাওঁতে ৰাতি ১১ টা বাজে । হয়তো এয়া নিজক পাহৰি থকাৰ অজুহাত ।
সি ব্যস্ত হৈ পৰাৰ বাবে হিল্লোলেও ইমান যোৰ নকৰিলে কইনা ঘৰলৈ যাবলৈ । এদিন গৈ সিহঁতে জোনাকৰ অনুপস্থিতিত বিয়াৰ দিন, বাৰ ঠিক কৰিলে । জোনাকক কোৱা হৈছিল যদিও সি ব্যস্ততাৰ অজুহাত দেখুৱা বাবে যোৰ নকৰিলে । দুয়োখন ঘৰত পূৰ্ণদমে বিয়াৰ প্ৰস্তুতি চলিল । জোনাকৰ সেইবোৰ চকু দিয়াৰ সময় নাই কত কি হয় আছে ।ক্ৰমশ দিনবোৰ পাৰ হৈ গল । বিয়াৰ দিন ওচৰ চাপি আহিল । বিয়া ঘৰৰ পদুলি। উদুলি মুদুলি । জোনাকৰ বুকুখন আজি দুৰু দুৰু কপিছে । কাইলৈ সি দৰা সাজত ৰভাৰ তলত বহিব হয়তো কাইলৈৰ পৰা সি সম্পূৰ্ণ আনৰ হব, যত নিশাৰ কোনো অধিকাৰ নাথাকিব । এজন পৰাজিত নায়কৰ দৰে সি নিষ্ঠুৰ বাস্তৱক মানি ললে ।আজি সি লুকাই লুকাই কান্দিছে । তথাপিও তাৰ কোনো আক্ষেপ নাই, অভিমান নাই । তাৰ চকুলোৱে যদি মাক দেউতাকৰ হাঁহিৰ কাৰণ হব পাৰে সেই চকুলোক আদৰি লোৱাত তাৰ আপত্তি নাই ( Assamese love story ) ।
" সৃষ্টিৰ উকা পথ ধুৱলি কুৱলী
কোনেনো সলাব বিধাতাৰ লিখনি..! "
বিয়া ঘৰৰ পদুলি । বগা পাতৰ সাজ তথা আ অলংকাৰৰ সৈতে নিশাক আজি ধুনীয়াজনী লগা হৈছে । প্ৰদীপৰ বুকু উদাং কৰি তাই যাবগৈ আন এখন ঘৰলৈ । প্ৰদীপে তাইৰ চকুলৈ চাবলৈ সাহস হোৱা নাই । দুদিন আগৰ পৰা তাই লুকাই লুকাই কান্দিছে । তাইৰ কান্দোনত অঞ্জলিও ভাগি পৰিছে । দূৰৰ পৰা প্ৰদীপে তাইলৈ চাইছে । দুচকুত এখন ছবিয়ে ধৰা দিছে । তেতিয়া নিশাৰ বয়স ৫ বছৰ । নিশাৰ মাহীয়েকৰ বিয়াৰ দৃশ্য । যেতিয়া কইনা বিদায় দিয়া সময়ত সকলোৱে কান্দিছল নিশা দেউতাকৰ কোলাত আছিল ।
-অ দেউতা মা হতে কিয় কান্দিছে ।
-মাহী গুচি যোৱাৰ বাবে ।
-মাহী কলৈ যাব নো, আৰু নাহে নেকি?
-আহিব মাজে সময়ে ।
-মাহীক কিয় ঘৰৰ পৰা যাব দিয়া হল ।
-মাহী যে ছোৱালী আৰু ছোৱালীক এদিন বিয়া দি ওলিয়াই দিয়া হয় ।
-মইতো ছোৱালী মোকো তেনেকৈ যাবলৈ দিবা নেকি? মই কিন্তু তোমাক এৰি কলৈকো নাযাওঁ ।
প্ৰদীপে কণমানি নিশাক বুকুৰ মাজত সাবটি ললে । বাস্তৱত প্ৰদীপ উচুপি উঠিল । সি আৰু তাইৰ ফালে চাই ৰব নোৱাৰিলে । অপেক্ষাৰ অন্ত পেলাই এটা সময়ত ডৰা আহিল । হোমৰ জুইক সাক্ষী কৰি নিশা আৰু জোনাকৰ বিয়া হল। নিশাই উৰুনিৰ তলৰ পৰা জোনাকক চালে যদিও জোনাকে এবাৰো নিশাৰ ফালে নাচালে ।
মাক দেউতাকৰ বুকু উদাং কৰি নিশা গলগৈ আন এখন ঘৰলৈ । মাথো প্ৰদীপ আৰু অঞ্জলিৰ কোলাত সিচি থৈ গল অলেখ স্মৃতি ।
"ঔ গছৰ কোমল কুহি
ভাটৌ পৰি খাই
দেউতাই পোহা মইনা চৰাই
আনে লৈয়া যায়...! "
ক্ৰমশঃ
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment