খৰখেদাকৈ বাহিবন কেইটা কৰি আজৰি হ'ল অনিৰ্বাণ , গাটো ধুই চাৰ্ট পেন্ট জোৰ পিন্ধিবলৈ লওঁতেই অনিৰ্বাণৰ ফোনটো বাজি উঠিল , অনিমেষে ফোন কৰিছে ...., ( Assamese Story )
: হেল্ল'.... ক....
: জয়শ্ৰী বৌয়ে ফোন কৰিছিল নেকি...?
: যোৱা ৰাতি কৰিছিল , কাজলৈ যোৱাৰ কথা সুধিবলৈ...
: তই কি কলি....? গাড়ী লৈ আহিব নবৌহঁত ..., তয়ো লগতে আহিবি... তোৰ সুবিধা হ'ব...
: মই সেইচবৰ লগত নাযাওঁ , অকলে যাম..., গাড়ীৰ পৰা নামিয়ে অ'ট এখন লৈ গুচি যাম , তই চিন্তা কৰিব নালাগে । মই ওলালোৱেই যাবলৈ ।
: হয়নেকি...! আহি থাক তেন্তে ...., মই ব্যস্ত হৈ থাকিম ফোন ৰিচিভ কৰিব নোৱাৰিবও পাৰোঁ , দীপুৰ নাম্বাৰটো মেচেজ কৰি দিম প্ৰয়োজন হলে তাক ফোন কৰিবি ।
: ঠিক আছে হ'ব দে...
ফোনটো কাটি দিলে অনিমেষে , অনি..., তুমি গাটো ধুই আজৰি হৈ লোৱা , পুৰোহিত পাবহিয়ে এতিয়া ..., কথাষাৰ কৈ উৰ্মি অনিমেষৰ ওচৰ পালেগৈ ।
: গৈছোঁ , বৌ উঠিলে নাই...
: বৌয়ে পাকঘৰটো মোহাৰি আছে , ধুনু শুয়ে আছে , পাছফালে ৰছীডালতে খুড়ীয়ে তোমাৰ কাপোৰ উলিয়াই থৈছে , মই ঘৰকেইটা মোহাৰি লওঁ..., তুমি গা ধুই আহাগৈ....
: কালিয়ে কাপোৰ কানিবোৰ ধুই থোৱা হলে আজি ইমান খপজপখন নহয় ।
: এতিয়াও একো খপজপ হোৱা নাই , যোৱা তুমি ,
উৰ্মিয়ে খৰখেদাকৈ পৰ্দা আৰু বিচনাৰ কাপোৰ কেইখন বাহিৰলৈ উলিয়াই পানী এবাল্টি লৈ তিতা কাপোৰ এখনেৰে ৰূমকেইটা মোহাৰি আনিলে ..., কাপোৰখিনি চৰিয়া এটাত ভৰাই পাছফালৰ পুখুৰী পাৰলৈকে লৈ গ'ল । চাৰফত অলপ সময় তিয়াই পুখুৰীতে মোহাৰি মোহাৰি কাপোৰবোৰ ধুই দিলে উৰ্মিয়ে । ৱাছ ৰূমত গা ধুবলৈ ৰৈ নাথাকি পুখুৰীতে ধুব মাৰি গাটো তিয়াই আহিলে উৰ্মিয়ে । তিতা গাৰেই কাপোৰবোৰ মেলি উৰ্মি ভিতৰলৈ সোমাই গ'ল । মৃণালিনীয়ে উলিয়াই দিয়া কাপোৰযোৰ পিন্ধি তিতা কাপোৰযোৰ সলায় ললে , তিতা কাপুৰকেইটা বাহিৰলৈ উলিয়াই গামোচা এখনেৰে তিতা চুলিকোচা মোহাৰি মোহাৰি গামুচাখনৰ সৈতে তিতা চুলিখিনি খোপা বান্ধি আইনাৰ সন্মুখত বহিল..., শিৰত দীঘলকৈ সেন্দুৰৰ ফোঁটটো লৈ কপালটো সেন্দুৰৰ ফোঁটতো ঘূৰণীয়াকৈ আঁকি ওঁঠযোৰত পাতলকৈ লিপষ্টিক অকণ লগাই বাহিৰলৈ ওলাই আহিল উৰ্মি , পাকঘৰতে বহি অনিমেষে পুৰোহিতৰ লগে লগেই মন্ত্ৰ উচ্চাৰণ কৰি আছিল , উৰ্মি লাহেকৈ পাকঘৰলৈ সোমাই গৈ গাখীৰ অলপ গৰম কৰি সকলোৰে বাবে চাহ অলপ বাকী বাহিৰলৈ উলিয়াই আনিলে , মা, নবৌ , খুড়ী ওচৰ চাপি আহক দেই গাখীৰ চাহ বাকিছোঁ....., উৰ্মিৰ মাতটো শুনি সকলো পাছফালৰ বাৰাণ্ডালৈকে ওলাই আহিল ,
: ..... উৰ্মি , বৌহঁত পাবহিয়ে হ'ল .., চাহৰ কাপটো হাতত লৈ মৃণালিনীয়ে ক'লে
: বৌহঁত ঘূৰি যোৱাকৈ আহিছে নেকি...?
: উম..., বৌহঁতৰ লগতে ময়ো গুচি যাম...,
: সেইখন নকৰিব দেই বৌ...., ভোজটো খাই যাব একেবাৰে...।
: নহয় অ'... উৰ্মি , খোৱা বোৱাটো নো কি ...? বিপদৰ সময়ত মাতষাৰ দিয়াটোহে ডাঙৰ কথা ।
: দাদা থকাকৈ আহিছে যেতিয়া আপুনিয়ো থাকি দিব...।
: অনিৰ্বাণ , কেতিয়াও নাথাকে , গৰু কেইটাৰ বাবেই তেওঁ নাথাকে তুমি চাবা...! অনিৰ্বাণ থাকিলে ময়ো থাকিম ।
: দুয়োজনীয়ে মুখৰ চুপতি মাৰি থাকিব নালাগে..., মই কৈছোঁ শুনা মৃণা , ঘৰৰ বুলি ভাবি আহিছা যেতিয়া একেবাৰে ভোজ ভাত খাইহে যাব পাৰিবা । লাহেকৈ কথা কেইটা কলে নিৰাই ।
: মা , তুমি গা ধুই লোৱা । মই পানীৰ কেটলীটো তুলি থৈ আহিছোঁ । পানী গৰম হ'ল চাগৈ , তুমি যোৱা...,
: মাজনী কোমল চাউল তিয়ালি নাই , লাগিব নহয় এতিয়া জলপান খাবলৈ । উৰ্মিৰ খুড়ীয়েকে মাত লগালে ।
: নাই তিয়োৱা খুড়ী , গাখীৰখিনিয়ো পোৱাহি নাই নহয় ....! চিন্তাহে হৈছে । দীপুক যাবলৈ কৈছিলোঁ মই..., সি গ'ল নাই খুড়ী ...? ( Assamese Story )
: গ'ল গ'ল আইজনী , সি গল যেতিয়া কিবা এটা যোগাৰ কৰিব , তই চিন্তা কৰিব নালাগে । যা মাৰৰ গাটো ধুৱাই ল...
কথাষাৰ কৈয়ে খুড়ীয়েক ওলাই গ'ল বাহিৰলৈ , উৰ্মিয়েও বাল্টি এটাত গৰম পানীখিনি ঢালি ৱাছ ৰূমত থৈ আহিলে । ধুনু শুই থকাৰ বাবেই মৃণালিনীয়ো নিৰাৰ ৰূমটোলৈ সোমাই গৈ ধুনুৰ কাষতে বাগৰ দিলে । ....এনেয়ে মোক দেখিবই নোৱাৰে.., লেই-লেই , চেই-চেই এতিয়া আকৌ মৰম চোৱা.....! যিহে লেৰেলা সাদৰ ঐ....! মাক চাই জীয়েক........! কথাবোৰ ভাবি থাকোতেই জয়শ্ৰীৰ মাতটো শুনি উধাতু খাই ওলাই গল মৃণালিনী..... বৌ, পালাহি...! আহাঁ ড্ৰয়িং ৰূমতে বহিবা....
: উসঃ বৰ গৰম উঠিছে দেই...., ভকতে আজি মজা পাব । ধুনু ক'ত....?
: সি শুয়ে আছে...
: তুমিয়ো যে আৰু...., উঠাই দিয়াগৈ যোৱা ....
: উঠাই দিলে গোটেইটো ঠেৰেঙা লাগিব । কোলাৰ পৰা নানামিবই...। ৰ'বা মই পানী আনিছোঁ ।
জয়শ্ৰী আৰু ককায়েকক ড্ৰয়িং ৰূমতে বহিবলৈ দি মৃণালিনী ভিতৰলৈ সোমাই গৈ উৰ্মিক খবৰটো দি পানী দুগিলাচ হাতত লৈ মৃণালিনী ড্ৰয়িং ৰূমলৈ ওলাই আহিল । কিছু সময়ৰ পাছত মিচিকিয়া হাঁহি এটা মাৰি উৰ্মি ড্ৰয়িং ৰূমটোলৈ সোমাই আহিল ..... দাদা , বৌ পালেহি । ঘৰটো বিচাৰোঁতে অসুবিধা হোৱা নাইটো ।
: তিনি আলিটো পাই অকণমান খেলিমেলি লাগিছিল ..., ল'ৰা এজনক সুধিলত তেঁৱে ৰাস্তাটো দেখুৱাই দিলে । জয়শ্ৰীয়ে কলে ।
: ঘৰত ভাল নে বৌ..?
: উম..., ভালেই ।
: আপোনালোক বহকচোন.., মই চাহ কৰোগৈ ।
: তুমি কথা পাতা উৰ্মি , ময়ে চাহ কৰোগৈ..., কথাষাৰ কৈয়ে মৃণালিনী লাহেকৈ উঠি গ'ল । কথা পাতি থাকোঁতেই অনিৰ্বাণ আহি ওলালহি.... উৰ্মি , অ' উৰ্মি... অনিৰ্বাণৰ মাতটো শুনি উৰ্মি বাহিৰলৈ ওলাই আহিল... দাদা , পালেহি..., আহক ভিতৰলৈ..., জয়শ্ৰী বৌহঁত সোমাইছেহি অলপ আগতে ......, কিহত আহিলে এইকন...?
: গাড়ীৰ পৰা নামিয়ে অ'ট এখন লৈ গুচি আহিলোঁ ।
: ভালেই কৰিলে দাদা , বহক ।। ড্ৰয়িং ৰূমতে বহিবলৈ দিলে অনিৰ্বাণক ।
: বামুনীয়া কামবোৰ শেষ হোৱাই নাই নেকি....! মন্ত্ৰ মাতি থকা শুনিছোঁ যে...?
: পুৰোহিত জন অহা অলপ দেৰি হ'ল , দাদা , পানী খাব নেকি...?
: চাহ অকনহে খাম , ৰাতিপুৱা লৰালৰি হোৱাৰ বাবে চাহকন ভালকৈ খোৱাই নহ'ল ।
: ঠিক আছে ৰ'ব..., বৌয়ে চাহ বাকিব গৈছে । মই আপুনি অহাৰ কথাটো কৈ থৈ আহোঁ ।
উৰ্মি ওলাই যাব খোজোঁতেই চাহৰ ট্রেখন হাতত লৈ মৃণালিনী সোমাই আহিল । ....বৌ , দাদালৈয়ো চাহ একাপ লৈ আহিব ।
: বৌ, তোমালোকে চাহ খোৱাচোন । মই অনিৰ্বাণৰ বাবে চাহ একাপ লৈ আহিছোঁ ।
এজন এজনকৈ ভকত আহি ৰভাখন ভৰি পৰিছিল , অনিমেষ আৰু উৰ্মি ভকত সকলৰ লগত ব্যস্ত হৈ পৰিল । মৃণালিনী পাকঘৰটোতে সোমাই চাহ বাকি বাকি ভাগৰি পৰিছে । অকলে অকলে বহি থাকি আমনি পায় মৃণালিনীক সহায় কৰি দিবলৈ পাকঘৰলৈ সোমাই গ'ল । ....মৃণা , চাহ বনাম । তুমি অকণমান ধুনুক লোৱা গৈ যোৱা , কিবা এটা খুৱাই দিয়াগৈ , ভোক লাগিছে তাৰ , থুনথুনাই আছে । অনিৰ্বাণ নামত বহিব চাগৈ । তুমি অনিৰ্বাণক আজৰি কৰি দিয়া ।
: ঠিক আছে বৌ , দীপুহতৰ ঘৰলৈকে নি জলপান অকণ খুৱাই আনোগৈ ।
চাহৰ দায়িত্ব জয়শ্ৰীক গতাই মৃণালিনীয়ে ধুনুক লৈ দীপুহঁতৰ ঘৰ পালেগৈ । মৃণালিনী ওলাই যোৱা দেখি উৰ্মি খৰখেদাকৈ পাকঘৰলৈ সোমাই আহিল । .... বৌ, আপুনি এইবোৰ কিয় কৰিছে...? মই বেলেগ কাৰোবাক পঠাই দিম । বাহিৰলৈ ব'লক গায়ন চাব .....,
: নালাগে উৰ্মি , ঘৰৰ বুলিহে কৰিছোঁ । একো নহয় দিয়া ।
: হ'লেও মোৰ বেয়া লাগিছে নহয় । আজি প্ৰথম আহিছে আমাৰ ঘৰলৈ ।
: উৰ্মি , মই বেয়া পোৱা নাই নহয় । যোৱা তুমি বাহিৰলৈ...., নামৰ সেৱা কৰিব হ'ল চাগৈ ...! নাম থলে কিন্তু...
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
: নামৰ শেষত ভকতে চাহ খাব , বাহিৰৰ কেৰাহীখনতে গৰম পানী আছে । তাৰপৰাই লৈ আহিব..., মই আহিছোঁ দিয়ক ।
উৰ্মি ওলাই গ'ল বাহিৰলৈ । নামৰ অন্ততঃ গায়ন উঠিল খোল তালৰ মাতত গোটেই ঘৰখন ৰজনজনাই উঠিল....
ক্ৰমশঃ...
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment