আমাৰ সমাজত নাৰীক কিয় কুলক্ষনী বুলি গণ্য কৰা হয় ? Assamese story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 10, 2021

আমাৰ সমাজত নাৰীক কিয় কুলক্ষনী বুলি গণ্য কৰা হয় ? Assamese story

Assamese story

আজি সৰলাক চাব আহিব | মানে কোনোবাই নিজৰ জীৱন সংগিনী হিচাপে সৰলাক চাব আহিব | ঘৰখনত আটাইৰে আনন্দৰ সীমা নাই ( Assamese story )| ঘৰ খনৰ ডাঙৰ ছোৱালী সৰলা | সোনাৰু গাওঁৰ ধৰ্মেশ্বৰ গাওঁবুঢ়াৰ ডাঙৰ ছোৱালী সৰলা | তাইৰ তলত দুজনী ভনীয়েক আৰু এজন ভায়েক | ভায়েকৰ জন্মৰ সময়তে তাইৰ মাতৃৰ মৃত্যু হৈছিল | তেতিয়াৰ পৰা তাই পঢ়া শুনা আধাতে সামৰি ঘৰখনৰ দায়িত্ব লব লগা হৈছিল | কনমানি ভায়েকৰ  দায়িত্ব | কিমান কষ্ট কৰিছিল তাই সৰুৰ পৰাই | ধৰ্মেশ্বৰৰ সন্তান কেইটাৰ জন্মৰ ব্যৱধান আছিল দুবছৰ |  এটা এটাকৈ চাৰিটা সন্তানৰ পিতৃ হৈছিল ধৰ্মেশ্বৰ গাওঁবুঢ়া | সৰলাৰ চকুত এতিয়াও ভাহি উঠে সিহতৰ ঘৰখনত হোৱা কিছুমান কথা |

- এইবাৰ যদি তোৰ ল'ৰা সন্তান নহয় | তেতিয়া হলে বাপুক আকৌ এটা বিয়া পাতি দিম |

ধৰ্মেশ্বৰৰ মাকে সৰলাৰ মাকক কৈছিলে |

- আই , আপুনি কি কৈছে | মই ল'ৰা সন্তান কেনেকে জন্ম দিম | যদি মোৰ ভাগ্যত নাথাকে |

- মই সেইবোৰ নুবুজো | মুঠৰ ওপৰত মোক এইবাৰ নাতি পোৱালি এটা লাগিবই | 

- আই ছোৱালী তিনিজনীৰ মুখলৈ চাই সান্তনা লভকচোন | সিহত ও আপোনাৰে নাতিনি |

- হু ! সিহতে ইয়াতে ডাঙৰ হৈ এদিন বেলেগৰ ঘৰ পাতিব | কিন্তু আমাৰ বাপুৰ কি হব ?/p>

কিন্তু এই বাক বিতণ্ডা বোৰ দেখিও ধৰ্মেশ্বৰে নিজৰ পত্নীৰ পক্ষত কোনো দিন এটা যুক্তিও দিয়া নাছিলে | 

তেনেকে এদিনা খন তাইৰ মাকে এটা ল'ৰা সন্তান জন্ম দিছিলে | আৰু এই পৃথিৱীৰ পৰা চিৰবিদায় মাগিছিলে |

তাইৰ কানত এতিয়াও বাজি থাকে মাকৰ মৃত্যু যন্ত্রনাৰ চিঞৰ বোৰ | কিন্তু তেতিয়া তাইৰ মাকৰ পিনে চকু দিয়াৰ কাৰো সময় নাছিলে | সকলো যে ব্যস্ত আছিল তাইৰ ভাতৃৰ লগত হে | ,,,,,,,,,

সময়ত দ'ৰা ঘৰৰ মানুহ আহি পালে | সৰলাৰ যে লাজ লাগিব ধৰিছে | কেনেকে ওলাব বাৰু দ'ৰাৰ সন্মুখত | তাইৰ ভায়েক আৰু ভনীয়েক হতৰ আনন্দৰ সীমা নাই | বায়েকৰ বিয়া হব সিহতে যে কিমান যে আনন্দ কৰিব |

 - বাইটি,,,,

তৰুৰ মাতত সৰলা উচপ খাই উঠিল | 

- উম , ক'

- বাইটি দ'ৰা জন মানে আমাৰ হব লগা ভিনদেউ তোৰ লগত বহুত ধুনীয়াকে মিলিব দে,,,,,,

- চিহ ! নিলাজ কৰবাৰ , কি কথা কবলৈ আহিছ ? মোক দেখাই নাই,, পচন্দ কৰে কি নকৰে তাইৰ একেবাৰে ভিনদেউ হলে গৈ |

তৰু বায়েকক মৰমৰে আলিংগন কৰি কলে,, ,,,

- মোৰ বাইটিক পচন্দ নকৰিব| হবই নোৱাৰে

- আই , তামোলৰ সৰাঁই খন লৈ আহ |

ধৰ্মেশ্বৰে জীয়েকক আদেশ দিলে |

লাজ লাজ কৈ সৰলা কোঠাটোত প্রবেশ  কৰিলে | লাহেকে সৰাঁই খন মেজৰ ওপৰতে থলে |

- তামোল খাওঁক |

- অ খাম খাম | চাও ওৰঁনি খন অকমান গুছাই দিয়াছোন |

দৰাৰ সহোদৰ হৰি মহাজনে সৰলাক কলে |

সৰলাই লাজ লাজকৈ ওৰঁনি খন গুছাই দিলে |

- আই ঐ দেহি ,,, বৰ মৰম লগা দে ছোৱালী জনী | বৰ ভাগ্যৱতী | ধৰ্মেশ্বৰ তোমাৰ ছোৱালী আমাৰ পচন্দ হৈছে এতিয়া আগবঢ়াৰ হে কথা | নে কি কোৱা ৰুদ্র |

মানিকপুৰ গাওঁৰ ডিম্বেশ্বৰ বৰুৱাৰ একমাত্র সন্তান ৰুদ্রেশ্বৰ বৰুৱা | গাওঁত সকলোৱে তাক ৰুদ্র বুলিয়ে মাতে | পেছাত বাগানৰ মেনেজাৰ | সি সৰু থাকোতে তাৰ দেউতাক ঢুকাইছিল | তাৰ পাছত মাকে অশেষ কষ্ট কৰি তাক ডাঙৰ দীঘল কৰিলে | এতিয়া সি এখন চাহবাগানৰ মেনেজাৰ | দেখাই শুনাই ও বেয়া নহয় | 

সৰলাৰ ও দৰা পচন্দ হৈছে | এতিয়া মাত্র বিয়াৰ হে কথা |


আই ঐ দেহি

উৰুলি দে,,,,,

আমাৰ মাইনাৰ বিয়া

ৰভাতলী আহি পাইছে 

মানিকপুৰৰ দৰা,,,,


উদুলি মুদুলি আজি ৰভা তলী | দৰা আহি পোৱাৰ সময় হল | সকলোৰে যে ব্যস্ততাৰ সময় নাই !

ধৰ্মেশ্বৰে এবাৰ জীয়েকক কইনাৰ সাজত চাওঁ বুলি কইনা সজোৱা কোঠাত সোমালে | কিন্তু এয়া কি কোঠালিত দেখোন কইনা নাই |কত গল সৰলা ! কত যাব পাৰে তাই ! দেউতাকে কথাটো সকলোকে জনালে | এইফালে দৰা আহি পাইছে | আৰু কইনা ঘৰত কইনা নাই,, কইনা হেৰাল হুলস্থুল লাগিল |

- আই , সৰলা সৰলা

ধৰ্মেশ্বৰৰ বকুখন কপিব ধৰিলে | কত গল জীয়েক | 

বিচাৰ খোচাৰ কৰি ধৰ্মেশ্বৰে জীয়েকক যি ৰূপত আৱিস্কাৰ কৰিলে সেয়া বৰ কৰুন দৃশ্য | ধৰ্মেশ্বৰৰ হিয়া ভাগি গল |


- আই , তোৰ মৰম আমি নাপালোৱে | তই কিয় এনেকে আমাক অকলসৰীয়া কৰি গুছি গৈছিলি আই | যানা আই , আজি মোৰ বিয়া | তই মোক দূৰৰ পৰা আশীৰ্বাদ দে আই | মই যেন অনাগত দিনত সুখী হওঁ | মোৰ যেন সাংসাৰিক বান্ধোন মধুৰ হয় | তোৰ আশীৰ্বাদ অবিহনে মোৰ জীৱন কেতিয়াও সুখৰ নহয় আই |

সৰলাই ভিতৰৰ ৰুম এটাত মাকৰ ফটো খন বুকুত বান্ধি কান্দি কান্দি মাকক কৈ থকা কথা খিনিয়ে এবাৰলৈ হলেও সকলোৰে হৃদয়ত আঘাট কৰিছিল |

- আই অ নাকান্দিবিছোন,,,, ব'ল দৰা আহি পাইছে | মই তোৰ মাক জীয়াই ৰাখিব নোৱাৰিলো আই | তোৰ আইতাৰ একনায়ত্ববাদী শাসনত মই নিমাত হৈ পৰিছিলো | তই মোক ক্ষমা কৰি দিবি অ আই ,,,,,

- পিতাই মই ঘৰ খনৰ বোজা আছিলো ন ?

- ধেত ! আকৰী ছোৱালী মানুহ হলে এদিন উলিয়াই দিব লাগিব|

- পিতাই সিহতক চাবা,,,

মোৰ অভাৱ অনুভৱ কৰিব নিদিবা | আৰু তুমিও নিজৰ দেহটোৰ অকমান যতন লবা |

পিতাই তোমাক এৰি যাবৰ একদমে মন নাই অ,,,,

ধৰ্মেশ্বৰে একো সান্তনাৰ ভাষাই বিছাৰি নাপালে | চকুলো মছি মছি জীয়েকৰ কাষৰ পৰা গুছি গল |


ৰভাৰ খুটা হেলেকা

ৰভাৰ খুটা হেলেকা

কইনা ঘৰৰ ছোৱালী

কেইটাৰ চকু কেইটা তেলেকা,,, 


তেলেকা যদি তেলেকা

তেলেকা যদি তেলেকা

আমি খোৱা পাত বোৰ

তোমালোকে চেলেকা,,,,,,


হাই উৰুমিৰ মাজত বিয়াৰ সামৰনি পৰিল ( Assamese story )| 


আৰম্ভ হল ৰুদ্র আৰু সৰলাৰ যুগ্ম জীৱন |  


- সৰলা,,,,

- উম কওঁক |

- তোমাৰ দৰে এজনী পত্নী পাই বহুত সুখী |

- মই ওঁ আপোনাৰ দৰে এজন স্বামী পাই নিজকে ধন্য মানিছো |

- তুমি যেন সুখে দুখে সদায় মোৰ কাষতে থাকা,,,,

- কি কৈছে আপুনি ! মই আপোনাৰ পত্নী | কিয় নাথাকিম বাৰু |


এনেকে সময় গৈ থাকিল | সময়ৰ সোতত ৰুদ্র আৰু সৰলাৰ বান্ধোন ও পুৰনি হল | মাজতে এইকেইটা বছৰৰ ভিতৰত ধৰ্মেশ্বৰ গাওঁবুঢ়াৰ ও মৃত্যু হল | আৰু সৰলা ভনীয়েক হতো সাংসাৰিক বান্ধোনত বান্ধ খালে | 

এই খিনিতে আহিল সৰলাৰ জীৱনত ধুমুহা | আজি বিয়াৰ ইমান বছৰ হল কিন্তু সৰলাই মাতৃত্ব লাভ কৰা নাই | যিটো কথা ৰুদ্রৰ মাকে একদমে সহ্য কৰিব পৰা নাই | এইফালে ৰুদ্রৰ ও সৰলাৰ প্রতি আজিকালি আঁচৰন বোৰ সলনি হল | গাওঁৰ মানুহেও আজিকালি যাত্রা পথত সৰলাক দেখাটো অমংগলীয়া বুলি কব ধৰিলে | যিটো কথাই সৰলাক বৰকৈ আঘাত কৰিব ধৰিলে | আজি ৰুদ্রই বাৰু ঘৰ আহি পাওঁতে কিয় ইমান সময় কৰিলে | কত কি হল বাৰু ৰুদ্রৰ | অইন দিনাটো ইমান সময় নকৰে | ৰৈ ৰৈ সৰলাৰ বিৰক্তি লাগিল | তাইৰ চকু তানিছে ও | গতিকে তাই এনে অলপ বিছনাতে পৰিলে | কিন্তু কেতিয়া তাইৰ তোপনি আহিল তাই গমকে নাপালে | 


তুমি আহিবা বুলি চেনাই 

ৰৈ আছো পদুলিত,,,,

তল ভৰি থকা

বকুলৰে ফুল বুটলি,,,,


- সৰলা ঐ সৰলা,,,, ঐ কুলক্ষনী , কলংকিনী দৰ্জা খোল,,,,

ৰুদ্রৰ মাতত সৰলাৰ তোপনি ভাঙিল | আৰু লাহেকে দৰ্জা খন খুলি দিলে | 

এটা গোন্ধ সৰলাৰ নাকত লাগিল |

- কি !আপুনি মদ খাই আহিছে ,,,,

- ঐ চুপ থাক কুলক্ষনী | তোৰ বাপেৰৰ পইচাঁৰে খাইছো নেকি ?

- কি কলে ! মই কুলক্ষনী |

- অ তই কুলক্ষনী | বিয়াৰ ইমান দিন হল এটা সন্তান জন্ম দিব নোৱাৰিলি |


ৰুদ্রৰ ৰথাবোৰ সৰলাৰ কানত আৰু নুসোমাল | তাই যেন চিঞৰি চিঞৰি কান্দিব | কিয় ভগবানে তাইক ইমান দুখ দিছে |

সময় গৈ থাকিল | দিনক দিনে সৰলাৰ ওপৰত ৰুদ্রৰ চলিল অমানৱীয় অত্যাচাৰ | লগতে ৰুদ্রৰ মাতৃৰ |


- অ খুড়ি , খুড়ি ঘৰত আছা নে বোলো |

ৰুদ্রৰ কাষৰ ঘৰৰ মদনে চিঞৰি চিঞৰি আহিছে |

- অ মদন বোপাই কি হল | ইমানকে টেটুফালি মৰিছ যে,,,,,

- আপোনালোকৰ কুলক্ষনী জনী কত গল |

- কিয় ?

- কিয় মানে আজি ৰাতিপুৱা মোৰ ল'ৰাটো স্কুলত যাবৰ সময়ত আপোনালোকৰ পদুলি মুৰত থিয় হৈ আছিলে | এতিয়া দেখিছে সি স্কুল নাপালে মাজবাততে চাইকেলৰ পৰা পৰি এই অৱস্থা | 

- আই ঔ মোৰ সোণামুৱাটো | বৰ কষ্ট পাইছে অ বোপাই |

- খুঢ়ি কৈ থলো | কুলক্ষনী জনীক যেন বাহিৰত ওলাব নিদিয়ে |

কথা খিনি কৈ মদন গল গৈ |

তাৰপাছতে শাহুৱেকে আৰম্ভ কৰিলে সৰলাৰ ওপৰত অসুৰিক অত্যাচাৰ |

ৰুদ্র আহি পালে আজি হয়টো সৰলাৰ মৃত্যু হব| শাহুৱেকে সৰলাক মূৰৰ ছুলিত ধৰি ঘৰৰ বাহিৰ কৰি দিলে | 

- কুলক্ষনী আৰু কোনো দিন ঘুৰি নাহিবি | আহিলে তোক তেল ঢালি জ্বলাই দিম |

অসহায় সৰলা এখোজ দোখোজকৈ যাবলৈ ধৰিলে | কত যাব তাই | তাইৰ আপোন ঘৰ খনত এতিয়া তাইৰ ভায়েক আৰু ভাই বোৱাৰী আছে | কিন্তু কুলক্ষনী সৰলাক যানো সিহতে গ্রহন কৰিব| সৰলা ক দেখাৰ লগে লগে সকলো মানুহে ঘৰ ভিতৰ সোমাই গল | সকলো সহ্য কৰি তাই গৈ থাকিল |


এনেকৈয়ে ভাগেনে সপোন,,,,

এনেকৈয়ে চিগে নে বান্ধোন,,,

কোনে কৱ মোক আজি,,,

গোপনে গোপনে আহি,,,

কোনে কৱ বাৰু কোন মোৰ আপোন,,,,


সৰলা ভায়েকৰ ঘৰত গৈ ওলাল | ভায়েক এতিয়া টুৰিজ্যিম  বিভাগৰ এজন উচ্ছপদস্থ বিষয়া | কিন্তু সৰলাৰ ভায়েকে পাহৰা নাই তাৰ লগত বায়েকে কৰা কষ্ট বোৰৰ কথা |


- তুমি বাইটিক কবা আমি সদায় তেওঁক ৰাখিব নোৱাৰো,,,,

সৰলাৰ ভায়েক বিমলক পত্নী ৰেখাই কলে |

- ৰেখা , যা তা কথা নকবা | মোৰ বাইটি নহলে চাগে মোৰ কাহানিবাই মৃত্যু হ'ল হয়| সেই বাইটিক মই বিশ্বাস ঘাটকতা কৰিব নোৱাৰো |

- কিন্তু বাইটি এজনী কুলক্ষনী |

বিমলে ৰেখাক এটা প্রচণ্ড চৰ সোধালে |

- ছি : ছি: ৰেখা, শিক্ষা থকাৰ পাছত ও তুমি অন্ধবিশ্বাসত বুৰ গৈ আছা | লাজ লাগে |

মোৰ বাইটিক আৰু কেতিয়াওঁ এইষাৰ কথা ন'কবা |


সময় গৈ থাকিল | সৰলাই ভায়েকৰ ঘৰতে দিন পাৰ কৰিলে | বিমল ৰ ল'ৰা ছোৱালী দুটাও ডাঙৰ হ'ল | লাহেকে ছোৱালীৰ বিয়া দিয়াৰে সময় হল | ৰুদ্রই কেতিয়াওঁ আৰু সৰলাক বিছাৰি নাহিলে  | এইফালে সৰলা লাহে লাহে বৃদ্ধা হৈ আহিল | দেহাওঁ অসুস্থ হ'ল | বিমলে কেইমাহ মানৰ বাবে চাকৰিৰ কামত বাহিৰত যাব ওলাল |

- বাইটি তই থাকিবি ,, মই যিমান পাৰো সোনকালে আহিম | গা বেয়া হলে ৰতনৰ ফাৰ্মাচীৰ পৰা ঔষধ আনিবি | মই কৈ আহিছো |

- তই ভালকে যাবি | নিজৰ দেহৰ যটন ল'বি |


আজি কেইদিন মান হ'ল সৰলাৰ দেহাটো একেবাৰে অসুস্থ | বিছনাতে পৰি আছে | 


এনেধৰন আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


 ৰাতি ১১ মান বাজিছে | ৰেখাই নিজ পুত্রৰ লগত সৰলাক নি গাড়ীত উঠালে | আৰু গুৱাহাটীৰ ফুটপাথত ৰাতিৰ আন্ধাৰৰ মাজত পেলাই থৈ আহিলে | বিমল ৰ অনুপস্থিতিত এই কাম কৰিলে ৰেখাই | বিমল আহিলে কব বাইটি হেৰাই থাকিল |


মহানগৰীৰ ফুতপাথত এতিয়া শুনা যায়   " জীৱনৰ কৰুন বিননি " 

সৰলাই পালে জীৱনৰ প্রতিদান |||


Assames love story

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages