বিশ্বকৰ্মা আৰু স্বৰস্বতীৰ বিষয়ে জনাৰ আগতে আমি প্ৰথমে ব্ৰহ্মা কোন হয় জানিব লাগিব । ( Assamese Religious )
ব্ৰহ্মাক সৃষ্টিকৰ্তা বুলি কোৱা হয় । যদি ব্ৰহ্মা সৃষ্টিকৰ্তা হয় , তেন্তে বিষ্ণুৰ নাভিত কিয় ব্ৰহ্মা ওলায় ।
আচলতে ব্ৰহ্মা মানে হল জ্ঞান । সৃষ্টি জ্ঞানৰ দ্বাৰা হয় । আৰু যদি জ্ঞান থাকে মানুহৰ , তেন্তে নতুন নতুন সৃষ্টি কৰিব পাৰি । জ্ঞান থাকিলে দুটা বস্তুৰ উৎপত্তি হয় । এটা হল বিদ্যা আৰু আনটো হল সৃজনশীলতা ।
ব্ৰহ্মাৰ দুই পুত্ৰ-পুত্ৰীয়ে তাকেই বুজায় । স্বৰস্বতী আৰু বিশ্বকৰ্মা ।
এতিয়া ব্ৰহ্মা বিষ্ণুৰ নাভিত কিয় থাকে জানো আহক ।
নাভি হল মানুহৰ শৰীৰৰ সমস্ত সিৰাৰ সংযোগস্থল । হাতেৰে কাম কৰা বা ভৰিৰে চলা ফুৰা কৰা বা মগজুৰে চিন্তা চৰ্চা কৰা বা সেই চিন্তাক কাৰ্য্যত ৰূপ দিয়া , এই সকলোবোৰ নাভিৰ লগত সংলগ্ন । আপুনি পাগল মানুহ এজনৰ নাভি চাব । পাগল মানুহৰ নাভি সদায় বাওঁফালে যোৱা থাকে । মিৰ্গী ৰোগী বা অইন মগজুৰ বিকাৰ থকা ৰোগীৰ নাভি প্ৰদেশ চাব । সদায় তেওঁলোকৰ নাভি যত থাকিব লাগে তাত নাথাকে । অৰ্থাৎ নাভি ঠিকে থাকিলে মানুহৰ বিচাৰ বিবেক সকলো ঠিকে থাকে । কিছুমান সূক্ষ্ম নাভিৰ ৰোগ চকুৰে চালে গম নাপায় । সেইবোৰ আদিম ঋষিমুনিসকলে গম পাইছিল । সেয়েহে নাভিত জ্ঞানৰ কেন্দ্ৰ বুলি কোৱা হয় ।
ৰাৱণ জন্মসূত্ৰে ব্ৰাহ্মণ আছিল । কিন্তু ৰাৱণৰ শৰীৰত ব্ৰাহ্মণৰ গুণ নাছিল । ।যাৰ বাবে ৰাৱণ অসুৰ হৈছিল । ৰাৱণৰ 10 টা শিৰ যাক আমাৰ শৰীৰৰ 10 টা অংগ বুলিও কোৱা হয় । 5 টা কৰ্মনেন্দ্ৰিয় আৰু 5 টা জ্ঞানেন্দ্ৰীয় । যি কেইটা ৰাৱনে সৎ ব্যৱহাৰ নকৰা বাবে ব্ৰাহ্মণ হৈও ৰাৱণ অসুৰ আছিল । ৰাৱণৰ আত্মা নাভিত আছিল । ৰাৱণৰ নাভি প্ৰদেশ বিষয়ে পৌৰাণিক শাস্ত্ৰত পঢ়িবলৈ পাব ( মই আশ্ৰমত থাকোতে পঢ়িছিলো )। হয়তো বহুতো শাস্ত্ৰ এতিয়া বিলুপ্ত ।
এতিয়া মূল কথালৈ আহো । বিষ্ণুৰ নাভিত ব্ৰহ্মাৰ স্থান ।
বিষ্ণু কোন আছিল । যিজনে সমস্ত জগতৰ পালন কৰে , তেওঁক বিষ্ণু বুলি কোৱা হয় ।
বিষ্ণুক ৰক্ষা কৰি থাকে 5 মুখীয়া সৰ্প বা শেষ নাগ । যি সৰ্পৰ ওচৰত হয়তো আমি যাবলৈ ভয় কৰো ।
আচলতে সেই পঞ্চমুখৰ সৰ্প কোনো ভৌতিক সৰ্প নহয় । সেই 5 টা হল আমাৰ প্ৰকৃতি ।
যাক আমি পঞ্চভূত বুলি কওঁ । আকাশ , বায়ু , পানী , পৃথিৱী আৰু অগ্নি । ( Assamese Religious )
বিষ্ণুই অনন্ত সাগৰৰ মাজত থাকে । সেই অনন্ত সাগৰ হল আমাৰ চিন্তা বোৰ । যেতিয়া আমি আমাৰ চিন্তাবোৰ সংযম কৰো , তেতিয়া আমাক এই প্ৰকৃতিয়ে ৰক্ষা কৰিব । যিদৰে প্ৰকৃতিৰূপী 5 মুখী সর্পই বিষ্ণুক কৰিছে । আৰু আমি আমাৰ চিন্তাৰ দ্বাৰা আমাৰ জ্ঞানক ভাল কামত লগালে লক্ষ্মী আমাৰ পিছত পৰিব । আমি লক্ষ্মীৰ পিছত পৰি পূজা কৰিব নালাগে । যিদৰে বিষ্ণুই নিজৰ চিন্তাক সৎব্যৱহাৰ আৰু সংযম কৰাৰ বাবে লক্ষ্মীয়ে বিষ্ণুৰ ভৰিৰ ওচৰত বহি সদায় সেৱা কৰে ।
চকু বন্ধ কৰি বিষ্ণু ভগৱানে এই পৃথিৱীখন চাই থাকে চিন্তাত বিলীন হৈ থাকে । যেতিয়াই চকু মেলি দিয়ে , তেতিয়া নাভিৰ পৰা ব্ৰহ্মা ওলাই আহে । তেতিতাই ব্ৰহ্মাৰ দ্বাৰা নিজৰ চিন্তাক কামত লগায় । চকু বন্ধ কৰিলেই বিষ্ণু আকৌ চিন্তাত মৌন হৈ যায় ।
অৰ্থাৎ আমি ভাল চিন্তা কৰি বা চিন্তাত নিমগ্ন হোৱাৰ পিছত চিন্তাৰ পৰা বাহিৰত ওলাই আহি সাৰে থাকোতেই নিজৰ বুদ্ধি আৰু জ্ঞানক কামত লগাব লাগে।
জ্ঞানৰ বা ব্ৰহ্মাৰ জীয়েক স্বৰস্বতী । আমি বিদ্যা পাবৰ বাবে পূজা কৰো ।যদিও আজিকালি fashion show হয় ।
আচলতে আমি এইবোৰ কৰাৰ লাভ আছেনে । ভাৰতৰ বাহিৰত কতো কৰা দেখা নাই । আমি নিজেই হিন্দু ধর্মৰ পতন মাতিছোঁ নেকি ।
আচলতে সৰস্বতীৰ উৎপত্তি হৈছিল ব্ৰহ্মাৰ পৰা । ব্ৰহ্মা মানে হল জ্ঞান । অর্থাৎ জ্ঞান থাকিলে বিদ্যাৰ উৎপত্তি হয় । বিদ্যাৰ দেৱী আহে ৰাজহাঁহত উঠি । স্বৰস্বতী দেৱীৰ বাহন হল ৰাজহাঁহ আৰু বিনা বজায় তেওঁ । ইয়াৰ অৰ্থ হল যদি আপোনাক বিদ্যা লাগে , তেন্তে আপুনি সদায় ৰাজহাঁহৰ দৰে হব লাগিব । ৰাজহাঁহৰ ওচৰত গৈ চাব । মূৰটো তল কৰি ওচৰলৈ আহিব । আমি ভাবোঁ যে খুটিব আহিছে । আচলতে তেনে নকৰে । যদি বিদ্যা লাগে , তেন্তে সদায় সৰু হৈ মূৰ তল কৰি গুৰুৰ ওচৰত যাব । দ্বিতীয়তে সৰস্বতীয়ে বিনা বজায় । বিনা মানে হল মৃদু । অৰ্থাৎ বিদ্যা লাগিলে মৃদুভাষী হবও লাগিব ।
ঠিক সেইদৰে ব্ৰহ্মাৰ পুত্ৰ হল বিশ্বকৰ্মা । বিশ্বকৰ্মাৰ বাহন হল হাতী । তেওঁৰ হাতত বিভিন্ন ধৰণৰ অস্ত্ৰ থাকে । তেওঁৰ ভনী হল স্বৰস্বস্তি । যদি সৃষ্টি কৰিব বিচাৰে , তেন্তে আপোনাক বিদ্যা লাগিব ভনীৰ দৰে আৰু জ্ঞান লাগিব পিতৃৰ দৰে ।
আৰু বিশ্বকৰ্মাৰ বাহন হল হাতী । অৰ্থাৎ হাতীৰ দৰে সদায় নিজৰ পথত অটল হৈ থাকক । কুকুৰে যিমান ভুকিলেও পিছলৈ নাচাব । আগবাঢ়ি যাওক সদায় । তেতিয়া নতুন নতুন সৃষ্টি কৰিব পাৰিব ।
সৃষ্টিকৰ্তা ব্ৰহ্মা এই দুই সন্তানৰ দ্বাৰা সৃষ্টি কৰে । যদি জ্ঞান আছে , তেন্তে বিদ্যা আৰু সৃজনশীলতা নিজেই আহিব । যদি জ্ঞান নাই , যিমান পূজা কৰিলেও নোৱাৰে । মাত্ৰ আত্ম সন্তুষ্টি পাব ।
জ্ঞান থাকিলে বিদ্যা আহিব । বিদ্যা থাকিলে সৃষ্টি কৰিব পাৰিব ।( Assamese Religious )
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment