অফিচলৈ গৈ অ কামত মন বহুৱাব পৰা নাই হিল্লোলে । কেৱল মনৰ মাজত অশান্তি কৰি আছে কিয় জোনাক এনে হল ( Assamese love story )। সৰুৰে পৰা প্ৰভা আৰু তাৰ কথা মতে সকলো কৰি অহা লৰাটোৰ হঠাৎ এনে পৰিৱৰ্তন হিল্লোলৰ কল্পনাৰো অতীত । এই ক্ষেত্ৰত হিল্লোলে তাৰ বিয়াৰ ছোৱালী চাই ভুল কৰা বুলিও নাভাবে । গধূলি ঘৰলৈ উভতি আহিও হিল্লোলে মন মাৰি বহি আছে । প্ৰভাই যেতিয়া কি হৈছে আপোনাৰ বুলি সুধিলে গাটো ভাল নহয় বুলি কলে । প্ৰভাৰ বুজিব বাকী নাথাকিল এই ভাল নলগাৰ কাৰণ । তাৰ পিছত প্ৰভাই আনি দিয়া চাহ কাপ খাই হিল্লোলে ছোৱালী ঘৰৰ পৰা জোনাক আৰু প্ৰভাক কাইলৈ মাতি পঠিওৱা বুলি কলে যদিও প্ৰভাৰ সিমান উৎসাহ দেখা নগল । ৰাতি ভাত পানী খাই উঠাৰ পিছত প্ৰভাই তথাপিও জোনাকক কলে জোনাক যাবলৈ অমান্তি হল ।
পুৱা প্ৰভা সোনকালে শুৱাপাটি এৰিছে । কাৰণ আজি নিশাহতৰ ঘৰলৈ যাব । অন্য বেলেগ হলে প্ৰভা ঘৰখনৰ এনে এটা পৰিৱেশত নগলহেঁতেন কিন্তু ন আলহী এঘৰ হবলৈ গৈ আছে সেয়ে প্ৰভা যাবলৈ ৰাজি হল । জোনাকক আকৌ এবাৰ কলে কিন্তু সি যাবলৈ মান্তি নহল তাৰ পৰিৱৰ্তে মাকক বহুত বেয়াকৈ কলে । জোনাকৰ কথাবোৰ হিল্লোলে শুনি আছিল সেয়ে তাক বহুত বেয়াকৈ গালি পাৰিলে । হয়তো হিল্লোলে এনেকুৱা টান কথা জোনাকক এয়াই প্ৰথম কলে । পিছত প্ৰভা আৰু হিল্লোল গল নিশাহতৰ ঘৰলৈ । জোনাক ঘৰতে ৰল ( Assamese love story ) ।
জোনাকৰ কোঠা । কান্দোনত ভাঙি পৰিছে । সি জীৱনত প্ৰথমবাৰৰ বাবে দেউতাকৰ পৰা এনে ব্যৱহাৰ শুনিছে । সৰুৰে পৰা তাক মৰমৰে ৰাখিছে, কেতিয়াও কোনো ক্ষেত্ৰতে অভাৱ অনুভৱ কৰিব দিয়া নাই । সেয়ে দেউতাকৰ কথাবোৰ সি মানি লব পৰা নাই । সি অনুভৱ কৰিলে কিমান কষ্ট পালে পিতৃ মাতৃয়ে সন্তানক ইমান টানকৈ কব পাৰে । সি সিদ্ধান্ত ললে এতিয়াৰে পৰা সি সকলো মাক দেউতাকৰ মতে কৰিব । হয়তো তাৰ জীৱনত নিশাক কেতিয়াও নাপায় আৰু জীৱনত কাকো নিশাৰ স্থানত বহুৱাবও নোৱাৰে মাথো সি সুখত থকাৰ অভিনয় কৰি যাব একমাত্ৰ মাক দেউতাকৰ সুখৰ বাবে ।
গধূলি প্ৰভা আৰু হিল্লোল উভতি আহিল । প্ৰভাৰো ছোৱালীৰ লগতে ঘৰখন পচন্দ হল । জোনাকে কথা দিলেই সিহঁতে আগবাঢ়িব পাৰে । ৰাতি প্ৰায় ১২ মান বাজিছে । হিল্লোলৰ টোপনি অহা নাই । জোনাকক গালি পৰাৰ পৰা সি শান্তি পোৱা নাই । সি জোনাকৰ কোঠালৈ সোমাই আহিল । টোপনিত লালকাল হৈ শুই আছে জোনাক যেন এটি অবুজ শিশু । হিল্লোল তাৰ ওচৰত বহিল কিছু সময় নীৰৱে চাই ৰল আৰু মূৰৰ চুলিত হাত বুলাই ওলাই আহিল । ক্ৰমশ নিশা গভীৰ হৈ আহিল ।
পুৱ আকাশত প্ৰভাতী সুৰুযে ভুমুকি মাৰিলে । জাননী দিলে এটা উজ্জ্বল দিনৰ । প্ৰতিটো দিনৰ দৰে আজিও প্ৰভা ৰান্ধনী শালত ব্যস্ত । হিল্লোল অফিচলৈ যাবলৈ সাজু হৈ আহি ডাইনিংত বহিল । কিছু সময় পিছত জোনাক আহি বহিল । সি আজি সাজি কাচি ওলাইছে । সেয়ে হিল্লোলে সুধিলে
-কৰবালৈ যাৱ হবলা?
-অফিচলৈ..!
মাকে দিয়া লুচিৰ প্লেটখন ওচৰলৈ লৈ সি কলে । প্ৰভা আৰু হিল্লোল দুয়ো দুয়োৰে মুখলৈ চালে । দুয়োৰে চকু মুখত আনন্দৰ ৰেশ । তাৰ পিছত খোৱা শেষ কৰি উঠি যাওঁতে সি কৈ গল তোমালোকে চোৱা ছোৱালী জনীকে মই বিয়া কৰাম। হিল্লোল আৰু প্ৰভা আনন্দত আত্মহাৰা হল
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment