ভূত- পিশাচ বাস কৰা চোকিৎসালয়ত আবদ্ধ এজন যুৱক : Assamese horror story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, April 12, 2021

ভূত- পিশাচ বাস কৰা চোকিৎসালয়ত আবদ্ধ এজন যুৱক : Assamese horror story

Assamese horror story

অংকুৰ কলেজত পঢ়ি থকা সময়ৰ কথাৰে..

তেতিয়া কলেজৰ ফালৰপৰা অংকুৰ আৰু সকলো ছাত্র ছাত্রীকে কেম্পৰ বাবে এখন হাবিলৈ যাব লগীয়া হৈছিল।( Assamese horror story )

সেই সময়ত অলপ ঠাণ্ডাও আছিল। 

হাবিত থকা শেষৰ ৰাতিদিনা সকলোৱে কেম্পত

গোটেই নিশা, গান বাজানাৰ লগতে ভোজৰ আয়োজন কৰিলে. 


অংকুৰ আৰু

কেইজনমান অংকুৰৰ বন্ধুক

নিশাৰ ভোজৰ বাবে খৰি অনাৰ দায়িত্ব দিয়া হল. 


অংকুৰ

খৰি আনিবলৈ বন্ধু কেইজনৰ লগত ওলালে. 

কিন্তু হাবিৰ প্ৰাকৃতিক সৌন্দর্য্যত

মোহিত হৈ বন্ধুৰপৰা

বহু দূৰ আগবাঢ়ি আহিল অংকুৰ। 

সেই সময়তে আকাশখন কলা ডাৱৰে আৱৰি ধৰিলে. আৰু তৰ্জন গৰ্জন কৰি বৰষুণ আহিল। 

বিজুলী ধেৰেকনিত

গছৰ তলত থকাটো অংকুৰে উচিত নুবুজি

আশে পাশে ঘৰ বিচাৰি গছৰ তলৰ পৰা আঁতৰি আহিল. 

অলপ আঁতৰি এটা ঘৰ দেখাত দৌৰি গল

আৰু আগবাঢ়ি যোৱাত অংকুৰে

ৰঙা ইটাৰে নিৰ্মিত এটা বৃহৎ অট্টালিকা দেখা পালে. 

অট্টালিকাটো বিজুলী বাটিৰ পোহৰত জিলিকি আছিল আৰু অট্টালিকাৰ ভিতৰত

বহু মানুহ থকাৰ দৰে অংকুৰৰ অনুমান হল। 

অংকুৰে তাকে দেখা পায় বেগেৰে গৈ অংকুৰ অট্টালিকাৰ ভিতৰ পালেগৈ।

আৰু অট্টালিকাৰ ভিতৰৰ পৰা আহি থকা ধুনীয়া নাৰ্চ এগৰাকীক খুন্দা মৰাৰ পৰা যেনেতেনে ৰক্ষা পৰিল।


নাৰ্চ গৰাকীয়ে

অংকুৰৰ ফালে চায় কলে

তুমি বহুত তিতিগলা.. গা বেয়া হব.. 

সেইফালে গৈ এটা ষ্টৰ ৰূম আছে, 

সেইফালে যোৱা আৰু তাত যাকে পাবা কবা

চিষ্টাৰ জুলিয়াই কৈছে, 

তোমাক শুকান আৰু চফা কাপোৰ দিবলৈ কৈছে।

তেতিয়া তোমাক শুকান কাপোৰ দিব। 


অংকুৰে সেই ঠাইতে থৰ লাগি

চিষ্টাৰ জুলিয়াৰ ফালে চাই থাকিল।

অংকুৰে একো বুজি পোৱা নাছিল যে সি এতিয়া কি কৰিব..! 


অংকুৰৰ এনে অৱস্থা দেখা পায়

চিষ্টাৰ জুলিয়াই হাঁহিলে আৰু কলে যে

প্রথমে তুমি তোমাৰ মুখ বন্ধ কৰা, নহলে মুখত মাখি সুমাব,

আৰু এতিয়া যোৱা, মই কোৱাৰ দৰে কৰাগৈ.. 


অংকুৰে

অ বুলি লাহেকৈ মূৰটো লৰাই

লাহেকৈ চিষ্টাৰ জুলিয়াই কোৱাৰ ফালে

মূৰটো ঘূৰালে।


আৰু সেই দিশত যাওঁতে

অংকুৰৰ বাহুত কোনোবাই হাত থলে।

তেতিয়া অংকুৰে ঘূৰি দেখিলে যে

আৰ্মিৰ সাঁজত এজন সুথাম যুৱকক

হাঁহি ৰৈ থকা দেখা পালে।

তেতিয়া অংকুৰৰ মুখমণ্ডল আশ্চর্যজনক হল,

তাকে দেখা পায় সেই যুৱকজনৰ হাঁহি উঠিল।


আৰ্মি সাঁজত থকা যুৱকজনে গহীনাই কলে

মই কেপ্টেইন বিনোদ হয়। 

আৰু এয়া আমাৰ দেশৰ আৰ্মি হস্পিটাল হয়। 


কেপ্টেইন বিনোদৰ কথাত

অংকুৰক আশ্চর্যজনক কৰি তুলিলে।

আৰু লাহে লাহে অংকুৰ স্বাভাৱিক হৈ

কেপ্টেইন বিনোদক, চিষ্টাৰ জুলিয়াই কোৱা কথাখিনি কলে.. 


অংকুৰৰ কথা শুনি

কেপ্টেইন বিনোদৰ মুখমণ্ডলত ৰহস্যময়ী

হাঁহিৰে ভৰি পৰিল,আৰু কলে তুমি চিষ্টাৰ জুলিয়াকো লগ পালা.. 


অংকুৰে

কেপ্টেইন বিনোদৰ কথা শুনি কলে.. 

আপুনি কি কব বিচাৰিছে..! 


তেতিয়া কেপ্টেইনে কলে

একো নাই বলা,

মই তোমাক শুকান কাপোৰ দিও

সলাই লোৱা, নহলে সচাঁকে গা বেয়া হব.. 


অংকুৰে

কেপ্টেইনৰ পাচে পাচে গৈ

এটা ডাঙৰ কোঠালি পালেগৈ.. 

কোঠাটোৰ চাৰিওফালে সেউজীয়া ৰংৰ পৰ্দা লগোৱা আছিল। 

কোঠালিৰ এটা দিশত এখন ডাঙৰ বিচনা আছিল। 

আৰু বিচনাৰ কাষতে এখন ডাঙৰ চকী আছিল। 

মাজতে এখন ঘূৰণীয়া টেবুল আছিল। 

টেবুলখনত দুটা কাঁচৰ গ্লাচ, এটা ডাঙৰ বটল (মাদক দ্ৰব্যৰ) আৰু এখন দুখন বাতৰি কাগজো

আছিল। 

কোঠাটোৰ আন এটা দিশত

এটা ডাঙৰ আলমাৰি আছিল। 

তাৰেপৰাই কেপ্টেইন বিনোদে এটা আকাশী ৰংৰ কুৰ্টা পাইজামা উলিয়াই আনি অংকুৰক দিলে। 

আৰু কোঠাতে থকা, বাথৰূমৰ ফালে দেখুৱাই দিলে.. 


অংকুৰে বাথৰূমত

কাপোৰ সলাই উলাই আহিবলৈ লওঁতে

অংকুৰৰ চকু বাথৰূমৰ এখন বেৰত পৰিল. 

সেই বেৰখন তেজৰ চিটিঙনিৰে ভৰি আছিল। 

অংকুৰে সেয়া দেখা পায় ভয় খালে. 

আৰু ততাতৈয়াকৈ বাথৰূমৰ পৰা উলাই আহিবলৈ লওঁতে বাথৰূমত থকা আইনাত নিজকে দেখা পায় হতভম্ব হল। 

কাৰণ আইনাখনত অংকুৰে নিজৰ গোটেই শৰীৰটো দেখা পাইছিল কিন্তু অংকুৰৰ শৰীৰৰ পৰা অংকুৰৰ মূৰটো নাছিল। 

তাকে দেখি অংকুৰৰ বৰ ভয় হল। 

আৰু তক্ষনাৎ বাথৰূমৰ পৰা উলাই আহিল। 


অংকুৰক এনেদৰে বাথৰূমৰ পৰা উলাই অহা দেখা পায়, কেপ্টেইন বিনোদে হাঁহিলে. 

আৰু হাঁহি হাঁহি সুধিলে কি হল.. ডেকা লৰা.. 

আৰু এতিয়ালৈকে তুমি মোক তোমাৰ নামটোকে কোৱা নাই..! 


তেতিয়া অংকুৰে কলে

মোৰ নাম অংকুৰ।( Assamese horror story ) 

কিন্তু মই এতিয়া ইয়াত অলপ সময়ো নাথাকো। 

মই যাওঁ.. 


কেপ্টেইন বিনোদে

অংকুৰৰ এনে কথা শুনি সুধিলে কত যোৱা.. 

বাহিৰত বহুত বতাহ বৰষুণ দি আছে. 

কিন্তু তুমি কিয় যাব উলাইছা.. তাকে মই বুজা নাই..! 


অংকুৰে কলে

কেপ্টেইন বিনোদ, আপোনাৰ বাথৰূমৰ

এখন বেৰত তেজৰ চিটিঙনিৰে ভৰি আছে. 

আৰু আৰু আপোনাৰ বাথৰূমত থকা আইনাখনো অদ্ভুত ধৰণৰ.. 

সেইখনত মই মোৰ শৰীৰটো হে দেখা পালো কিন্তু

মোৰ মূৰটো নাছিল.. 

মই ইয়াত এতিয়া এপলকো নাথাকো.. 

বৰষুণতে তিতি বুৰি নিজৰ কেম্পলে যাম. 

এনে কৈয়ে অংকুৰে বাহিৰলৈ যাবলৈ কোঠালিৰ দৰ্জা ফালে আগবাঢ়িলত, কেপ্টেইনে মাত দিলে

তেতিয়া কেপ্টেইনৰ ডাঙৰ মাত কোঠালিত বাঢ়ি আহিল। 

আৰু কলে তেতিয়া হলে তুমি সকলো দেখিলা.. 


অংকুৰে কেপ্টেইনৰ মাতত

ভয় খায় সুধিলে.. 

আপুনি কি কব বিচাৰিছে..! 


কথা লাগিলে যিয়ে হওক, তুমি তেতিয়া লৈকে ইয়াৰ পৰা যাব নোৱাৰা..! 

যেতিয়া লৈকে তোমাক মই কথা কেইটামান কৈ নলও.. 


কেপ্টেইনৰ কথাত

অংকুৰে লাহে কৰি সুধিলে.. 

কি কব বিচাৰিছে আপুনি..! 


কেপ্টেইনে কলে

যি কথা আজিলৈকে কোনেও নাজানে.. 


অংকুৰে কলে

সেই কথা মই গম পায় কি কৰিম.. 

দয়া কৰি মোক ইয়াৰপৰা যাবলৈ দিয়ক.. 

অংকুৰে ভয়তে কন্দামুৱা হল.. 


কেপ্টেইন বিনোদে কলে

নহব মুঠতে, নহব.. 

আৰু তুমি মোলৈ ভয় কৰাৰ প্ৰয়োজন নাই.. 

সৈনিক সকলোৰে ৰক্ষাৰ হেতু থাকে। 

মইও তোমাৰ সুৰক্ষা হে কৰিছো।

তেতিয়া কেপ্টেইনৰ মাতক আকুলতা আছিল। 

আহা মোৰ লগতে চকীত বহা.. 

মই তোমাক এতিয়া এটা কাহিনী শুনাম..

কথা শেষ হলেই মই তোমাক মই মোৰ জীপত

তোমাৰ কেম্পত থৈ আহিম।

তুমি এতিয়া তোমাৰ বন্ধু বৰ্গৰপৰা বহু দূৰ আগবাঢ়ি আহিলা.. 

এতিয়া তুমি তালৈ খোজকাঢ়ি যাবগৈ নোৱাৰিবা.. 


কেপ্টেইন বিনোদৰ কথাত কি জানো আসক্তি আছিল, অংকুৰে গৈ তেওঁৰ কাষতে বহি পৰিল. 


কেপ্টেইন বিনোদে কথা আৰম্ভ কৰিলে

শক্ৰৱে ঠগি আমাৰ হস্পিটালখন ধ্বংস কৰিছিল।

শক্ৰ দেশৰ দুই সৈনিকে আমাৰ সেনাৰ সাঁজত

এজন আমাৰে আঘাটপ্ৰাপ্ত সেনাক লৈ আহিছিল। 

সেই আঘাটপ্ৰাপ্ত সেনাজনক আমাৰ দেশৰ সেনাবাহিনীয়ে বহুত বিচাৰিছিল, কিন্তু বিচাৰি নাপাইছিল। হয়টো শক্ৰ দেশৰ সেনাই আমাৰ দেশৰ সেনাজনক লুকুৱাই ৰাখিছিল। 


অকস্মাৎ আমাৰ দেশৰ হেৰুৱা সেনাজনক

আমাৰ হস্পিটালখত পায় সকলো আনন্দিত হল

আৰু বেছি সুধা পুচা নকৰি হস্পিটালৰ আলহী থকা ৰূমত আমাৰ সেনাজনক লৈ অনা চদ্মবেশী

সেনাকেইজনক থাকিবলৈ অনুমতি দিয়া হল। 


কিছু সময়ৰ পাচতে ডাঙৰ শব্দ হল.. 

আৰু হস্পিটালখন পলকতে খণ্ড বিখণ্ড হৈ পৰিল. 


অংকুৰে কলে

হস্পিটালখন দেখুন এতিয়াও সুন্দৰ ভাবে আছে।


উত্তৰত কেপ্টেইনৰ মুখমণ্ডল ৰহস্য ময়ী হাঁহিৰে

জিলিকি উঠিল, আৰু তেওঁৰ মুখমণ্ডল আচৰিত ভাৱনাৰে ভৰি পৰিল।


তেতিয়া অংকুৰে তেওঁৰ মুখমণ্ডল দেখা পায় কপিঁ উঠিল।

তথাপিটো অংকুৰে শক্তি গোটাই, সাহসেৰে সুধিলে

আপোনাৰ সেই ঘটনাত ৰক্ষা কেনেকৈ হল.. 


অংকুৰৰ কথা শুনি কেপ্টেইনে আচৰিত ভাৱে হাঁহিলে, আৰু আন ফালে চাই কলে

এই কথা আজিৰেপৰা প্ৰায় দহ বছৰ পুৰণি কিন্তু

মোৰটো আজিৰ পৰা প্ৰায় পঞ্চাচ বছৰৰ আগতে মৃত্যু হল.. 

ইয়াৰে পাচত আৰু কেপ্টেইনে কি কলে

অংকুৰে একো গম নাপালে.. 


কিছু সময়ৰ পাচত

অংকুৰৰ সকলো বন্ধু বৰ্গ, শিক্ষক শিক্ষয়ত্ৰীয়ে

অংকুৰক চাৰিওফালে আৱৰি আছিল. 


অংকুৰে চকু মেলিলত

এজন শিক্ষকে কলে-ধন্যবাদ প্ৰভূ.. 


অংকুৰে চকু মেলিলে.. 

অংকুৰ মানে মূৰ্চা গৈছিল..! 


তেতিয়া এজন শিক্ষকে কলে

অংকুৰ তুমি ঘন অৰণ্যত নাইকিয়া হৈ গৈছিলা, যেতিয়া সকলো কেম্পলৈ ঘূৰি আহিল আৰু তুমি নাহিলা. তেতিয়া আমি সকলোৱে লগ হৈ তোমাক বিচাৰি উলাই গলো., 

বহু দূৰ যোৱাৰ পাচত আমি এখন জীপ অহা দেখা পালো, যত এজন আৰ্মি অফিচাৰে তোমাক জীপৰ পাচৰ চিটত শুৱাই আমাৰ কেম্পক বিচাৰি আহি আছিল. 


তেওঁৱেই আমাক সকলোকে জীপত বহুৱাই

কেম্পলৈ লৈ আনিলে.. 


আমি সকলোৱে তেওঁক বহুত ৰখালো.. 

কিন্তু তেওঁ এনে কয় গুচি গল যে, 

মই এতিয়া থাকিবলৈ নোৱাৰিম.. এটা আৱশ্যক কাম আছে.. 


যেতিয়া আমি সকলোৱে মূৰ্চা যোৱাৰ কথা আৰু তুমি কেনেকৈ তেওঁক লগ পালা, সুধিলত

এই কথা অংকুৰে কব বুলি আমাৰ পৰা বিদায় লৈ আঁতৰি গল.. 


সকলোৰে উৎকন্ঠাৰে ভৰা মুখমণ্ডল

অংকুৰৰ ফালে ৰৈ থকা দেখা পায় অংকুৰে লাহে কৰি সুধিলে, কি তেওঁৰ নাম কেপ্টেইনে বিনোদ আছিল.. 


শিক্ষক এজনে হয় বুলি মূৰ জোকাৰিলে.. 


অৱশেষত অংকুৰে

সকলোকে সেই ঠাইলৈ যাবলৈ লগ ধৰিলে.. 

যি ফালৰপৰা জীপখন আহিছিল.. 


প্ৰথমতে শিক্ষক শিক্ষয়ত্ৰীসকলে যাবলৈ

প্ৰস্তুত হোৱা নাছিল.. 

কিন্তু অংকুৰে বহু কোৱা পাচত সকলোৱে প্ৰস্তুত হল. 


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


পাচদিনা পুৱা হলত

অংকুৰৰ লগত সকলোৱে সেই ঠাইত উপস্থিত হলগৈ. 

সেই ঠাইত উপস্থিত হৈয়ে অংকুৰ গভীৰ আশ্চর্যজনকত সুমাই পৰিল.. 

কাৰণ সেই ঠাইত জ্বলা খণ্ড বিখণ্ড ডাঙৰ গাঁত আছিল, আৰু যত এটা ভঙা শিলত লিখা আছিল

.... আৰ্মি হস্পিটাল.......

Assamese horror story )


No comments:

Post a Comment

Advertisement

Pages