জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ১৪) : Assamese love story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, April 12, 2021

জোনাক আৰু নিশাৰ এক হৃদয়স্পৰ্শী প্ৰেম কাহিনী (খণ্ড - ১৪) : Assamese love story

      

Assamese love story
 
জোনাকৰ কোঠা । ভিন্ন ফুলৰ মালাৰে সজোৱা হৈছে কোঠাটো । বিচনাখনত ৰং বিৰঙৰ ফুল । কাৰণ আজি সিহতৰ ফুলশয্যাৰ ৰাতি । সেই ফুলৰ সুবাসৰ মাজত বহি আছে নিশা ( Assamese love story ) ।  যেন এটি পূৰ্ণিমাৰ জোন । কিছু সময় পিছত জোনাক সোমাই আহিল কোঠাৰ ভিতৰলৈ । সি বিচনাখনতে বহিল । নিশা উৰণীৰ তলত মুখ লুকুৱাই বহি আছে । জোনাকে তাইলৈ নোচোৱাকৈ কলে 
-মই আজি আপোনাৰ পৰা কেইটামান কথা জানিব লগা আছে ।
-কি কথা, কওক । শুনা নুশুনাকৈ নিশাই সুধিলে ।
-আপুনি মোক নেদেখাকৈ বিয়া হবলৈ কিয় ৰাজি হল? 

জোনাকৰ প্ৰশ্নত নিশা থমকি ৰল ।
-কি হল, মই আপোনাক কিবা সুধি আছো 
-মা দেউতাৰ বাধ্যত ।
-ৱাহ, মা দেউতাই বাধ্য কৰালে বুলিয়েই আপুনি এজন অচিনাকি লৰাৰ লগত বিয়া হৈ গল । আপোনাৰ নিজা মন নাই, সত্তা নাই, নে আনে চলাই নিয়া আপুনি এটা ছাবি দিয়া পুতলা ।
জোনাক উত্তেজিত হৈ পৰিল । নিশাৰ ওচৰৰ পৰা গাৰুটো লৈ সি বাহিৰলৈ খোজ ললে । হঠাতে উভতি আহি আকৌ কলে - 
-আৰু শুনক কেতিয়াও কোনোদিনে মই আপোনাৰ প্ৰেমিক হব নোৱাৰো । মোক লৈ মিচাতে সপোন নেদেখিব । গাৰুটো লৈ জোনাক ওলাই আহিল । কোঠাৰ ভিতৰতে কান্দোনত ভাগি পৰিল নিশা । যিটো ৰাত্ৰিক সাক্ষী কৰি তাই এটি ধুনীয়া সপোন ৰচিছিল সেই ৰাতিটোৰ আৰম্ভণি নহওতেই যৱনিকা পৰিল তাইৰ জীৱনৰ এটা অধ্যায়। গাৰুটো সাৱতি উৰে ৰাতি তাই কান্দি কান্দি পাৰ কৰিলে । ৰাতিপুৱা যেতিয়া প্ৰভাই উঠি আহিল দেখিলে ড্ৰয়িং ৰূমত শুই আছে জোনাক । প্ৰভাৰ মনটো আতংকিত হৈ উঠিল এয়া তাই কি দেখিছে?  কিছু সময় পিছত ছোৱালীজনীক তাই কি উত্তৰ দিব ( Assamese love story ) । তাই সাউতকৈ তাৰ পৰা আঁতৰি গল, যেন সকলোবোৰ তাইৰ মাজতে থাকক তেনে এটা ভাৱত ।কিছু সময় পিছত জোনাক সাৰ পালে । সি গাৰুটো লৈ তাৰ ৰুমলৈ গল ।।দুৱাৰত টোকৰ মাৰিলে । নাই দুৱাৰ খোলা নাই । সি কিছু সময় দুৱাৰদলিত ৰল । তাৰ পিছত আকৌ টোকৰ মাৰিলে । এইবাৰ দুৱাৰ খোল খালে । তিতা চুলিটাৰিৰ সৈতে নিশাই বাথৰুমৰ পৰা ওলাই আহি দুৱাৰ খুলি দিলে । সি তাইৰ চুলিৰ পৰা টোপাটোপে সৰি পৰা পানীৰ টোপালবোৰ দেখি কলে - 

-মই অভিনয় বেয়া পাওঁ । সেয়ে কিছুমান মিচা অভিনয় কৰি ঘৰখনৰ পৰিৱেশটো নষ্ট নকৰিব ।গাৰুটো বিচনাত থৈ জোনাক ওলাই গল । বজ্ৰপাত পৰা মানুহৰ দৰে কোঠাৰ মাজতে যথৰ হৈ ৰল নিশা । তাইৰ বুজিব বাকী নাথাকিল যে জোনাক আৰু তাইৰ হৈ থকা নাই । প্ৰভা আৰু হিল্লোলে যিদিনা কৈছিল সি দিল্লীৰ পৰা আহি পোৱা বেছিদিন হোৱা নাই । নিশাই আনন্দত আত্মহাৰা হৈ পৰিছিল ।  কাৰণ তাই নিশ্চিত হৈছিল যে তাইৰ মনৰ কলনিত সপোন কোৱাৰ হৈ ধৰা দিয়া জোনাকক তাই উভতাই পাইছে । কিন্তু ৰাতিৰ পৰা হোৱা কথা বতৰাই তাইক বুজাই দিলে যে জোনাক হয়তো এতিয়া বন্দী কোনোবা দিল্লীৱালা ৰাণীৰ মায়াজালত । বুকুৰ কোনোবা খিনিত তাইৰ শোকে আহি হেচা মাৰি ধৰিলে যাৰ ফলত চকু পানীৰে উপচি পৰিল তাইৰ দুধাৰি... । 
-বোৱাৰী..?? 

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

প্ৰভাৰ মাতত তাই চকু মুখ মোহাৰি ওলাই আহি ৰান্ধনী শাললৈ খোজ ললে মুখত মিচিকিয়া হাঁহিটি বিয়পাই, যেন এতিয়াৰ এইজনী নিশাৰ লগত এক মূহুৰ্তৰ আগত কোঠাৰ ভিতৰত কান্দোনত ভাগি পৰা নিশা জনীৰ কোনো মিল নাই ।

ক্ৰমশ

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা আস্মা ইয়াছমিনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ  বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।পেজৰ লিংক সমূহ তলত উল্নিলেখ কৰা হল।ৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages