চোতালখনো আগতকৈ বহল আৰু চাফা চাফা লাগিছে । জোনৰ ক্ষীণ পোহৰত বগা এখন চাদৰৰ দৰে দেখা গৈছে চোতালখন..., নিশাৰ জোন তৰাৰ সৌন্দৰ্য উপভোগ কৰি ভাল পোৱা উৰ্মিৰ মুখৰ মাত নাই ( Assamese Story )। নিমাও মাও কৈ বহি আছে অনিৰ কাষতে । জয়শ্ৰী আৰু মৃণালীনয়ো গ'লগৈ , ঘৰখন একেবাৰে উৰুঙা হৈ পৰিল । আকাশৰ জোনটোলৈ থৰ লাগি চালে নিৰাই । জোন- তৰাৰ অবিহনে যিদৰে নিশাৰ আকাশৰ কোনো সৌন্দৰ্য নাই সেইদৰে কপালৰ ৰঙা সেন্দুৰকণৰ অবিহনে নাৰী জীৱনৰ কোনো মূল্য নাই..., এই সকলো সমাজৰ নিয়ম , মানুহৰ সুবিধা অসুবিধা আৰু ইচ্ছা অনুযায়ী এই নিয়মবোৰ চলি আহিছে..., পত্নীৰ মৃত্যুৰ পাছত পুৰুষে ইচ্ছা কৰিলে দ্বিতীয় বিবাহ কৰিব পাৰে..., কিন্তু নাৰীয়ে....? সকলোবোৰ নিয়ম পুৰুষ তান্ত্ৰিক কিয়.....? ৰং অবিহনে জানো জীৱনৰ কিবা অৰ্থ আছে......? স্বামীৰ মৃত্যুৰ পাছত নাৰীয়ে কিয় বগা সাজ পৰিধান কৰিব লাগে .....? মই এইবোৰ মানি ল'ব নোৱাৰোঁ.., শিৰৰ সেন্দুৰকণ নললেও কপালখন উকা কৰি থব নোৱাৰিম মই... গৰ্জি উঠিল নিৰা । মুখৰ ভিতৰতে ভুৰভোৰাই থকা দেখি উৰ্মিয়ে মাত লগালে..... মা.., অকলে অকলে কি ভুৰভোৰাই আছা নো....?
: সমাজৰ নীতি নিয়মবোৰ দেখি মোৰ খং উঠিছে...?
: কিয় মা....?
: তই দেখুন জানই..., মই বগা ৰং বেয়া পাওঁ । চাচোন ..., মোৰ জীৱনৰ পৰা কেনেকৈ ৰংবোৰ হেৰাই গ'ল...! উকা কপালখনেৰে মই কেনেকৈ জীয়াই থাকিম .....! মানুহেই সমাজ গঢ়ে , মানুহেই নিয়ম বান্ধে .... মই সেই নিয়ম উফৰাই পেলাব বিচাৰোঁ...! মই মৰালৈকে কেতিয়াও বগা সাঁজ নিপিন্ধো উৰ্মি....., তহঁতক কৈ থলোঁ , মই মৰিলেও মোক বগা সাজ পিন্ধাই নপঠিয়াবি....! ৰঙীণ কাপোৰ এযোৰ পিন্ধাই কপালত সেন্দুৰৰ ফোঁট এটা ডাঙৰকৈ আঁকি দিবি...., সেইটো মোৰ শেষ ইচ্ছা অনি...., কথাষাৰ মনত ৰাখিবা..।
: মা.., তুমি এইবোৰ কি কৈছা...? অতীতৰে পৰা চলি থকা নিয়মবোৰ তুমি কেনেকৈ মোহাৰি পেলাবা মা..., সমাজে তোমাক এঘৰীয়া কৰিব...., পাৰিবা অকলশৰীয়াকৈ জীৱনটো অতিবাহিত কৰিব....।
: পাৰিব লাগিব উৰ্মি...., মাৰ ইমান দুৰ্বল নহয় ..., দেউতাৰৰ নামত লোৱা শিৰৰ ৰঙা সেন্দুৰকণ মই বাৰু কেতিয়াও নলওঁ...., কিন্তু কপালৰ ৰঙা ফোঁটটো মৰাৰ আগলৈকে লৈ থাকিম ।
: মা, আৱেগত যিকোনো সিদ্ধান্ত ন'লব ..., কিছুদিন ধৈৰ্য ধৰক....! সময়ৰৰ লগে লগে সকলো ঠিক হৈ যাব....., লাহেকৈ কলে অনিমেষে...
: মই আৱেগত কোনো সিদ্ধান্ত নলওঁ..., যিকোনো সিদ্ধান্ত লোৱাৰ আগতে দহবাৰ চিন্তা কৰোঁ.., মোৰ এইটো সিদ্ধান্ত কেতিয়াও সলনি নহয়.....
: মা , তুমি অলপ আৰাম কৰিবা , ব'লা ভিতৰলৈ , দিনটো শোৱা নাই তুমি...
: মাৰ মৰিম বুলি বৰ ভয় কৰিছ ন....! চিন্তা নকৰিবি ইমান সহজতে নাতিৰ মুখ নেদেখাকৈ মাৰৰ একো নহয়...!
: মা....! কি যে কথাবোৰ কোৱা তুমি...?
: সঁচা কথাটোকে কৈছোঁ , ব'ল মোৰ বিচনাখন ঠিক কৰি দিবি..., অনি তুমি বহা..,
নিৰা আৰু উৰ্মি ভিতৰলৈ সোমাই গ'ল..., চকী এখন সন্মুখলৈ চোঁচৰাই আনি ভৰি দুখন মেলি দিলে অনিমেষে... মায়ে কথাবোৰ সুস্থ মগজুৰে কৈছে নে বাৰু...! যদি কথাবোৰ সচাঁকৈ কৈছে বৰ ডাঙৰ সমস্যা হ'ব.....! এটা দিশৰ পৰা চাবলৈ গ'লে মাৰ কথাবোৰত যুক্তি আছে......, কিন্তু সমাজে যুক্তি কেতিয়াও মানি নলয়....! পুৰুষৰ দৰে নাৰীৰো জীৱনটো উপভোগ কৰাৰ অধিকাৰ আছে...! তেনে স্থলত নাৰীয়ে কিয় দ্বিতীয় বিবাহত বহিব নোৱাৰে....? সমাজে কিয় নাক কোচাই....? যি এগৰাকী নাৰীয়ে বুকুত সাহস বান্ধি দ্বিতীয়বাৰ বিবাহ পাশত আৱদ্ধ হয় সেই গৰাকী নাৰীয়ে বহু সংগ্ৰাম , ঘাত প্ৰতিঘাটৰ মাজেৰে জীৱনটো পাৰ কৰাই নিব লগা হয়...., সোতৰ বিপৰীতে যিদৰে সাঁতুৰিব নোৱাৰি সেইদৰে সমাজৰ নীতি নিয়মবোৰ উলংঘা কৰিও জীৱনটো সুন্দৰকৈ আগবঢ়াই নিব নোৱাৰি...., সমাজৰ প্ৰতিগৰাকী নাৰীয়ে নিজৰ অধিকাৰ বিচাৰি প্ৰচলিত নীতি নিয়মৰবোৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব ...., তেতিয়া প্ৰতিগৰাকী নাৰীয়ে পুৰুষৰ দৰে নিজ ইচ্ছা মতেই জীৱনটো সজাই তুলিব পাৰিব...., কথাবোৰ ভাবি থাকোতেই হাতত চাহৰ কাপটো লৈ উৰ্মি আহি অনিমেষৰ কাষত থিয় দিলেহি.... অনি..., অনি চাহ লোৱা.... , অনিৰ পৰা একো সঁহাৰি নাপায় উৰ্মিয়ে জোৰকৈ অনি... বুলি চিঞৰি দিলে..., উৰ্মিৰ চিঞৰটো শুনি অনি উচপ খাই উঠিল....... কি ভাবি আছিলা....?( Assamese Story )
: উম...! মাৰ কথাবোৰকে ভাবি আছিলোঁ....! মাৰ কথাবোৰত যুক্তি আছে উৰ্মি....
: অনি...., যুক্তি তুমি আৰু মই মানি ল'ম কিন্তু সমাজে সেই যুক্তিবোৰ কেতিয়াও মানি নলয়...., চাহকাপ খাই লোৱা , ঠাণ্ডা হৈ যাব....
: উম ...., উৰ্মি.., মোৰ চুটি শেষ হৈ আহিছে হাতত আৰু মাত্ৰ এদিন আছে..., সেয়ে মই কথা এটা ভাবিছোঁ...!
: কি ভাবিছা অনি....?
: মানে ইয়াৰ পৰা ডিউটিলৈ অহা যোৱা কৰিবলৈ মোৰ অলপ অসুবিধা হ'ব..., সেয়ে ভাবিছোঁ তুমি মাৰ লগত ইয়াতে থাকিবা..., শনিবাৰে শনিবাৰে মই আহি থাকিম....,
: কিন্তু অনি....! তোমাৰ অবিহনে মোৰ জানো অসুবিধা নহ'ব...? মা হ'ল বুলিয়েই সকলোবোৰ কথা মাৰ আগত ক'ব নোৱাৰোঁ নহয়....!
: তোমাৰ কিবা অসুবিধা হ'লে মোক ফোন কৰিবা ...,
: তুমি কি বুজিবা অনি....! মাক হ'বলৈ ওলোৱা প্ৰতিগৰাকী নাৰীয়ে প্ৰতিটো মুহূৰ্তত নিজৰ মানুহজনক কাষত বিচাৰে অনি....,
: সেইটো মই বুজি পাইছোঁ উৰ্মি...., কিন্তু মই নিৰূপায়....! তুমি এটা কাম কৰিবা..., মাক বুজাই বঢ়াই আমাৰ ঘৰলৈকে লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগিব..., সেইটো দায়িত্ব তোমাক দিলোঁ উৰ্মি...।
: অনি...! মই মাক জোৰ কৰিব নোৱাৰোঁ...., কিন্তু এবাৰ বুজাই চাব পাৰিম ।
: ময়ো মাক জোৰ কৰিবলৈ কোৱা নাই উৰ্মি...!
: হ'ব অনি, তুমি এতিয়া সেইটো কথাকে চিন্তা কৰি থাকিব নালাগে মই কিবা এটা কৰিম....,
অনি আৰু উৰ্মিয়ে কথা পাতি থাকোঁতেই দীপু গেটখন খুলি পদূলিৰ পৰাই বা... বুলি চিঞৰ এটা মাৰি সোমাই আহিল ।
: অ'...., দীপু আহ...! চকীখন আগবঢ়াই দিলে উৰ্মিয়ে ,
: ভিনদেউ কালিলৈ এবাৰ বাগানলৈ যাম ওলাব...,
: মই কালিলৈ ৰাতিপুৱাই ঘৰলৈ যাম বুলি ভাবিছোঁ । তুমি উৰ্মিকে লগত লৈ যাবা ।
: হ'ব ভিনদেউ...,
: দীপু চাহ খাবিনে...? উৰ্মিয়ে লাহেকৈ কলে..
: দিয় যদি দে..., খাই দিওঁ একাপ...,
: ঠিক আছে , তই ভিনিহিয়েৰৰ লগত কথা পাত মই তোলৈ চাহ কৰোগৈ....
হাতত সিহঁতে চাহ খোৱা কাপ দুটা লৈ ভিতৰলৈ সোমাই গ'ল উৰ্মি...., দুয়ো কথা পাতি থাকোঁতেই তীব্ৰ বেগেৰে পপীয়া তৰা এটা আকাশৰ পৰা খহি পৰিল...., তৰাটো খহি পৰা দেখি অনিমেষে থোৱাই দিলে....., পপীয়া তৰা খহি অহাটো অমঙ্গলৰ আগজাননী বুলি বিশ্বাস কৰে অনিমেষে । সৰুতেই এইটো কথা মূৰত তাৰ মাকে সুমুৱাই থৈ গৈছে...., কথাটো মনত পৰি যোৱাত ভয় আৰু শংকাত তাৰ বুকুখন ধপধপাবলৈ ধৰিলে......, জোন তৰাই ভৰি থকা নীলিম আকাশখনো আউসীৰ আন্ধাৰৰ দৰে দেখা পালে...
ক্ৰমশঃ....
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment