নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ১৬) : Assamese story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 11, 2021

নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ১৬) : Assamese story

Assamese story

    ........... সন্ধিয়া হোৱাৰ আগতেই মাকৰ ভৰি হাতকেইটা ধুৱাই নিজেও গাটো ধুই ললে উৰ্মিয়ে ( Assamese story )। নামঘৰত ডবা বজোৱাৰ শব্দ শুনাৰ লগে লগেই উৰ্মিয়ে ৰূমতে থকা ৰাধা কৃষ্ণৰ  ফটোখনৰ সন্মুখত ধূপডাল জ্বলাই দিলে । ......উৰ্মি শুনাচোন গোঁসাই ঘৰৰ চাকিগজ তুমিয়ে জ্বলাই দিয়াগৈ যোৱা । অনিৰ্বানো নাই , সি কেতিয়া আহে একো ঠিক নাই । 


: কিন্তু মা...., 

: মই কৈছোঁ নহয় যোৱা , 

            শাহুৱেকৰ কথাষাৰ সাৰোগত কৰি উৰ্মি ভিতৰলৈ সোমাই গল , বাকছৰ পৰা চেলেং এখন উলিয়াই গাত মেৰিয়াই ললে আৰু কান্ধত গামোচাখন লৈ লাহেকৈ গোঁসাইঘৰৰ দুৱাৰখন খুলি থাপনা লৈ চাই সেৱা এভাগ আগবঢ়ালে । ইফালে সিফালে চাওঁতে সৰু সৰুকৈ কাটি থোৱা নাৰিকলৰ বাকলিবোৰত উৰ্মিৰ চকু পৰিল , নাৰিকলৰ বাকলিখিনি ধূনাবাতিটোত ধুনীয়াকৈ সজাই  জ্বলাই দিলে , উমি উমি বাকলিবোৰ জ্বলি যোৱাৰ লগে লগেই ধূনা অলপ দি দিলে । খৰাহিতে থোৱা কপাঁহৰ গুটি গুচাই হাতেৰে মোহাৰি মোহাৰি শলিতা এডাল বাতি চাকিগজ জ্বলাই ঘোষা আৰম্ভ কৰিলে ....

" ব্ৰহ্মা আদি কৰি জীৱ য'ত    ৰাম ৰাম ৰাম ৰাম
      মায়াশয্যা মাজে আচয় ঘুমটি যায় ।
তুমিসে চৈতন্য সনাতন          ৰাম ৰাম ৰাম ৰাম ......... উৰ্মিৰ সুমধুৰ কণ্ঠত প্ৰাণ পাই উঠিল ঘোষাটো । বাৰাণ্ডাতে বহি থকা শাহুৱেকেও উৰ্মিৰ লগে লগেই গাই গল ঘোষাটো । ধূপ ধূনাৰ সুগন্ধি ঘৰখনত বিয়পি পৰিল । বহুদিনৰ মূৰত ঘৰখন ঘৰ যেন অনুভৱ হ'ল শাহুৱেকৰ । 

        ........উৰ্মি , বৰ ধুনীয়া কৈ ঘোষাভাগ কীৰ্ত্তন কৰিলা । ভাল লাগি গল মনটো । আজি কিমান দিনৰ মূৰত যে ঘোষাভাগ শুনিবলৈ পালো । ঘৰখনৰ পৰিবেশটোৱেই বেলেগ যেন অনুভৱ হৈ গ'ল । আজিৰ পৰা তুমিয়ে গোসাঁইঘৰত পুৱা সন্ধিয়াৰ চাকিগজি জ্বলাবা । 

: হ'ব মা ,    হাতত লৈ অহা ধূনাৰ বাতিটো ঘৰৰ প্ৰতিটো ৰূমতেই এপাক ঘূৰাই দিলে উৰ্মিয়ে । ........…. শাহু বোৱাৰী দুইজনীয়ে ইমান কৈ কি পাতিছা নো ....., পদূলিলৈকে মাত গৈছে ...., কথাষাৰ কৈ সোমাই আহিল অনিমেষ । সাউৎকৰি পাকঘৰৰ পৰা পানী এগিলাচ আনি অনিমেষলৈ আগবঢ়াই দিলে উৰ্মিয়ে .....

: ধৰা , পানী গিলাচ খাই লোৱা । 

: তুমি কেনেকৈ জানিলা মই যে এতিয়া পানী খাম । 

: অনুমান কৰিলোঁ । 

: মানিছোঁ দেই তোমাৰ অনুমান ...! মোৰ সচাঁকৈ পিয়াহ লাগিছিল । 

: হ'ব যোৱা , তুমি ফ্ৰেচ হৈ লোৱা । মই চাহ কৰোগৈ ( Assamese story ) । 

             অনিমেষ ফ্ৰেচ হয় মানে উৰ্মিয়ে চাহৰ লগত খাবলৈ বুলি ফুলাই ফুলাই লুচি কেইখনমান বনালে । গা ধুই আহি অনিমেষ বাৰাণ্ডাতে মাকৰ কাষতে বহিলে ....., ধুনীয়াকৈ প্লেটকেইখন সজাই উৰ্মিয়ে অনিমেষ আৰু মাকলৈ চাহৰ প্লেটদুখন আগবঢ়াই দিলে আৰু হাতত চাহৰ কাপটো লৈ উৰ্মিয়ো বাৰাণ্ডালৈ ওলাই আহিল । 

: নবৌ নাই নেকি .....? 

: ঘৰলৈ গৈছে , এইজনীয়ে ঘৰখন শেষ কৰিম বুলি আহিলে বুজিছ , শেষ কৰিহে তাই শান্তি পাব ।  উৰ্মিয়ে মুখ খোলাৰ আগতেই শাহুৱেকে মাত লগালে । 

: বাইদেউ ঘৰলৈ যাব নোৱাৰিলে মাকৰ ঘৰলৈ কেনেকৈ গ'ল । এক নম্বৰ হাৰামী নবৌয়েকজনী , দিনৰ দিনটো ফোন কৰি কৰি এইক কু- বুদ্ধিবোৰ শিকাই থাকে । 

: ময়ো কেতিয়াবা ভাবোঁ । ইমান কি কথা ওলাই । দিনটোত দুই তিনিবাৰ ফোন কৰে যে ....! তাইলৈ যে ফোন কৰি থাকে তোলৈ বা অনিৰ্বাণলৈ কিয় ফোন নকৰে ...., কিবা এটা ৰহস্য আছে .....! আজি তাই বৰ ডাঙৰ কাম এটা কৰিলে  নহয়  মৃণালিনীয়ে....., তাইৰ ৰূমটোত তলা লগাই থৈ গৈছে । কাইলৈ যদি অনিৰ্বাণ ঘূৰি আহে এইখন আকৌ কাজিয়া নহ'বনে ...., 

: বলিয়া হ'ল নেকি বাৰু নবৌ , তাৰ খঙটো জানেই কেনেকুৱা...! ৰহ...! মই জয়শ্ৰী নবৌলৈ ফোন কৰি আছোঁ....

: অনি...., ফোন কৰিব নালাগে দিয়া , মিছাতেই কথাবোৰ ডাঙৰ কৰিব নালাগে । বৌ নহালৈকে দাদা ড্ৰয়িং ৰূমতে শুব ...... লাহেকৈ কলে উৰ্মিয়ে ।
: তুমি নুবুজিবা উৰ্মি বিয়া হৈ অহাৰ দিন ধৰি এই ঘৰখনক ঘৰ বুলি ভাবিবই পৰা নাই । ঘৰতটো নাজানে ইয়াত আমাক কেনেকুৱা ব্যৱহাৰ কৰে । গতিকে বাকীবোৰ নকলেও এই তলা বন্ধ কৰাৰ কথাটো ক'ব লাগিব । 

: যি ভাল দেখা কৰা , তথাপিও এবাৰ ভাবি চাবা । আগৰ কথা বেলেগ আছিল । এতিয়া মই আহিলোঁ গতিকে তুমি ভাল বেয়া যিয়ে নোকোৱা মই শিকাই দিয়া বুলি ভাবিব । 

: আমি দেখি আছোঁ নহয় , তিনি চাৰিদিনতে তুমি ঘৰখনক আপোন কৰি লব পাৰিচা আৰু মৃণাই ছয় সাতমাহেও ঘৰখনৰ মানুহবোৰক আপোন কৰি লব পৰা নাই ..... তই ফোন কৰি নবৌয়েকক কথাবোৰ কৈ দে....   অনিমেষৰ মাক জকজকাই উঠিল । 

          মাকৰ কথামতেই অনিমেষে জয়শ্ৰী লৈ ফোন লগালে , প্ৰথমে ফোনটো কাটি দিছিল যদিওঁ পাছত ৰিচিভ কৰিলে.... হেল্ল..., 

: অনিমেষ কি খবৰ , 

: ভালেই আছো , দেউতাৰ কেনে এতিয়া....? 

: কি হয় একো ঠিক নাই , মনটো বৰ বেয়া লাগি আছে । 

: কথা এটা কওঁ বেয়া নাপাব , 

: কি কথা কোৱাচোন......!

: নবৌয়ে দাদাৰ লগত কাজিয়া কৰি ঘৰলৈ গৈছে , দাদাই ভিনদেউ ঘৰলৈ যাবলৈ লগ ধৰিছিল আৰু দাদাৰ লগত জেদ কৰি ঘৰলৈ গৈছে । আটাইতকৈ ডাঙৰ কথাটো কি জানে....., নবৌয়ে ৰূমটোত তলা লগাই থৈ গৈছে । মায়ে বৰ দুখ পাইছে ... নবৌক আপুনি ভালকৈ সুধিবচোন ...., 

: তাই এইবোৰ কথা একো কোৱা নাই মোক , অনিৰ্বাণে লগ ধৰিছিল যেতিয়া যাব লাগিছিল । কাজিয়া কৰি আহিছে যদি মই তাইক কালিলৈকে পঠিয়াই দিম তুমি চিন্তা নকৰিবা । অনিৰ্বাণক অলপ টানি ধৰিবলৈ কবা । নহলে এই আৰু উঠি যাব । মই এটা কথা বুজি পোৱা নাই অনিমেষ , তাই কিয় এতিয়াও আবুজন হৈ আছে  । দুদিন পাছত মাক  হ'ব এইদৰে কাজিয়া কৰি থাকিলে সন্তানটোৱে কি শিকিব । 

: চিন্তা শক্তিটো বৰ কম , কথা পাতিবলৈ পালে কাম বন সকলো পাহৰি যায় । 

: সেইটো আৰু ক'ব লাগে নে....! মই সকলো মতি গতি ভালকৈ বুজিলোঁ । ঠিক আছে বাৰু দিয়া । এওঁ আহিবৰ হল কথাবোৰ গম পালে বেয়া হ'ব .... ফোনটো কাটি দিছিল জয়শ্ৰীয়ে । .....মা , মা ক'ত আছে , চিঞৰি চিঞৰি জয়শ্ৰী পাকঘৰ পালেগৈ । ......মা , ভন্টীয়ে ঘৰত কাজিয়া কৰি ঘৰলৈ আহিছে । ৰূমটোত তলা লগাই থৈ আহিছে । অনিমেষে ফোন কৰিছিল । কথাবোৰ শুনি মোৰ বৰ লাজ লাগিছে । মান সন্মান সকলো.....

: অ'.....! তাৰমানে ভাইতিয়ে তোমাললৈ ফোন কৰিলে.....!  জয়শ্ৰীৰ কথাবোৰ শেষ নৌহওতেই মৃণালিনীয়ে মাত লগালে । ......পিছে কিয় কাজিয়া কৰিছিলোঁ সেইটো কথা কলে নে নাই । 

: কৈছে , সকলো কৈছে মোক । নিজৰ মানুহটোৱে কিবা এটা কলে শুনিবই লাগিব । 

: মই কাৰো অধীন হৈ থাকিব নোৱাৰো দেই , মিছা কথা , মোক কোনোবাই বেয়াকৈ কব মই  শুনি থাকিম , সেইটো কেতিয়াও নহ'ব....

: মা কাইলৈ ৰাতিপুৱাই আপুনি এইক থৈ আহিবগৈ । নহলে অনিৰ্বাণহঁতে আমাকেই বেয়া পাব ....., 

: মই একো বুজিবই পৰা নাই , এইদৰে হলে তহঁতৰ সংসাৰ ভাগি থানবান হৈ যাব । এইক নহলে এতিয়াই থৈ আঁহোগৈ ,     বহু ভাবি চিন্তি কথা কেইটা কলে মৃণালিনীৰ মাকে ।

: ৰাতিখন নালাগে মা , এতিয়া থৈ আহিলে কথাটো বেয়া হ'ব , ৰাতিপুৱাই থৈ আহিবগৈ আৰু দুদিনমান তাতে থাকিব । অনিৰ্বাণৰ মাকেও ভাল পাব ।

: থৈ গুচি আহিম , এইৰ মুখহে যিখন কিবা এষাৰ কৈ দিব লাগিলে বৰ লাজ পাব লাগিব বিয়নীৰ আগত ....

: মই অকলে আহিছোঁ অকলেই যাম , কোনেও মোক থবলৈ যাব নালাগে ।।   ৰণচণ্ডী মূৰ্তি ধৰি পাঁচলিখিনি মজিয়াত চটিয়াই বাহিৰলৈ ওলাই আহিল মৃণালিনী...., 

: এই সকলোবোৰ আপোনাৰ কাৰণেই হৈছে মা , লাই দিওঁতে দিওঁতে এই মূৰত উঠিলে । আপুনি নিজৰ মাকজনী হৈয়ে তাইৰ ব্যৱহাৰ সহ্য কৰিব পৰা নাই , অনিৰ্বাণহঁতে কেনেকৈ সহ্য কৰিব....? 

: মইনো কি কৰিলোঁ , তুমি যে মোক লেটিয়ালা । 

: মই ন-ছোৱালী হৈ আহোঁতে তাই মোৰ লগত যিখিনি ব্যৱহাৰ কৰিছিল তেতিয়া আপুনিটো দেখিয়ো নেদেখাৰ ভাও ধৰিছিল , মাকজনী হৈ তাই কৰা প্ৰতিটো কাম আপুনি সমৰ্থন কৰিছিল , তাৰ পৰিণতি এইয়া....., কথাতেই কয় নহয় আৰ্জিলে হে ফল ভুঞ্জীৱলৈ পায়.... ,    কথাষাৰ কৈ জয়শ্ৰী দুৱাৰ বন্ধ কৰি নিজৰ ৰূমত সোমাল । .......পাইছে , বুঢ়ীয়েও আজি ঠিক পাইছে , সকলোকে শিক্ষা দিম , তেতিয়া মই অকলে কান্দিছিলোঁ এতিয়া মাক জীয়েক সকলোৱে কান্দিব লাগিব...., মোৰ প্ৰতিটোপাল চকু পানীৰ মূল্য মই পাব লাগিব....., হা:....., হা:.... , হা:......, মনখুলি হাঁহিলে জয়শ্ৰীয়ে । 

   ক্ৰমশঃ.....
Assamese story
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই
 ( Assamese story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group

SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page

SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com

No comments:

Post a Comment

Advertisement

Pages