ৰাতিপুৱাই গা পা ধুই উৰ্মি আৰু অনিমেষ ঘৰলৈ আহিবলৈ ওলাল ....., আৰু দুদিনমান থাকিবলৈ মাক নিৰায়ো বিশেষ জোৰ নকৰিলে উৰ্মিক । ফোন কৰি গাড়ী এখন মাতি দিলে দেউতাকে । গাড়ীখনে একেবাৰে অনিমেষ হঁতক ঘৰৰ পদূলিত নমাই দিলে । অনিমেষে ড্ৰাইভাৰ জনলৈ পাঁচশ টকীয়া এখন আগবঢ়াই দিছিল যদিও ড্ৰাইভাৰজনে পইচাটো লবলৈ মান্তি নহ'ল ...... মোক পইচা দিব নালাগে দাদা ,
: মই তোমাৰ প্ৰাপ্যটোহে দিছোঁ , লোৱা ...। অনিমেষে জোৰ কৰি ল'ৰাজনৰ হাতত পইচাটো গুজি দিলে ।
: নালাগে দাদা , আপুনি পইচাটো ৰাখি থওক মোক খুড়াই পইচা দি পঠাইছে । ড্ৰাইভাৰজনে পইচাটো আকৌ ঘূৰাই দিলে অনিমেষক ।
: দাদা , ভিতৰলৈ আহক , চাহ একাপ খাই যাব । ড্ৰাইভাৰজনক ভিতৰলৈ মাতি দিলে উৰ্মিয়ে ।
ড্ৰাইভাৰজনক ড্ৰয়িং ৰূমতে বহিবলৈ দি উৰ্মিয়ে মাকক মাত এষাৰ দিলে .... মা , খোৱা বোৱা কৰিলনে....?
: চাহ খালোঁ । গাটো ধুৱাই বিচনাত শুৱাই থৈ গৈছে ।
: অ' হয়নেকি....! দাদা ক'ত...?
: সি পাকঘৰতে আছে ।
: ঠিক আছে মা , মই কাপোৰ কেইটা সলাই লওঁ ।
খৰখেদাকৈ কাপোৰযোৰ সলাই হাত মুখ কেইটা ধুই , গাখীৰতে চাহ কেইকাপ বনালে উৰ্মিয়ে । ড্ৰাইভাৰজনক চাহকাপ খাবলৈ দি উৰ্মি ভিতৰলৈ সোমাই আহিল । মাকক বিচনাতে বহুৱাই চাহৰ কাপটো আগবঢ়াই দি মাকৰ কাষতে বহিলে উৰ্মি .... ইমান খৰখেদাকৈ আহিলা যে....!
: ঘৰখনৰ কথা চিন্তা কৰিয়ে গুচি আহিলোঁ ।
: কিয় ....? মই তোমাক দুদিনমান থাকিবলৈ কোৱা নাছিলোঁ জানো...!
: আপোনাক এৰি থাকিবলৈ মন নগল ....., সেয়ে গুচি আহিলোঁ । বোৱাৰী যেতিয়া এইখনেই মোৰ নিজৰ ঘৰ । লাহেকৈ কলে উৰ্মিয়ে ।
: মৃণালিনীয়েও কথাবোৰ তোমাৰ দৰে ভবা হলে ভালেই আছিল । আজি আহিব বোলে ..., কালি ফোন কৰিছিল ।
: হয়নেকি....! কেতিয়া আহিব মা....?
: সেইটো মই নাজানিম , খাই বৈ বিয়লি আহিব চাগৈ ...., তুমি সেইবোৰৰ মাজত সোমাব নালাগে দিয়া ,
.... ধৰ , ৰুটি খাই ল...., ডাঙৰ বাতি এটাত ৰুটিকেইখন সৰু সৰুকৈ চিঙি , গৰম গাখীৰ অলপ দি মাকলৈ আগবঢ়াই দিলে অনিৰ্বাণে ।
: দাদা , নবৌ কেতিয়া আহিম বুলি কলে আপোনাক ....?
: আগবেলাতে আহিম বুলি কৈছিল ...., বুজিব নোৱাৰি নহয় তেৰাৰ মহিমা , আজি নাহিবও পাৰে । উৰ্মি , চাহকন খাই তুমি ঘৰকেইটা সাৰি ল'বা , মই এনেই ওপৰে ওপৰে সাৰি থৈছোঁ ।
: হ'ব দাদা ,
চাহ খোৱা কাপকেইটা সামৰি হাতত ঝাড়ুটো লৈ ভালকৈ ৰূমকেইটা চাফা কৰিলে উৰ্মিয়ে । জাবৰকণ পেলাবলৈ যাওঁতেই পদূলিত গাড়ী এখন ৰখোৱাৰ শব্দ শুনি উৰ্মি উধাতু খাই ভিতৰলৈ সোমাই আহিল । লৰাটোক কোলাত লৈ জয়শ্ৰী গাড়ীৰ পৰা নামি আহিল । কাপোৰ কানিৰ বেগ কেইটা হাতত লৈ মৃণালিনীয়ো পাছে পাছে আহিল..... বৌ..... পালেহি....!
: উম...., ভালে আছা উৰ্মি ....? বৰ মৰম লগাকৈ প্ৰশ্ন কৰিলে জয়শ্ৰীয়ে ।
: ভালেই বৌ , মাইনাক দিয়কচোন অকণমান লওঁ ।
জয়শ্ৰীয়ে লৰাটোক আগবঢ়াই দিলে উৰ্মিলৈ । ...... বৰকৈ জোকাৰি নিদিবা উৰ্মি , অলপ আগতে মই গাখীৰ খুৱাইছিলোঁ , অকলিয়াই দিব....। মৃণালিনীয়ে কলে ।
মৃণালিনীৰ পাছে পাছে গৈ জয়শ্ৰীয়ো মৃণালিনীৰ ৰূমত সোমাল । উৰ্মিয়ে বৰ হেঁপাহেৰে ল'ৰাটোক নি আইতাকৰ কোলাত তুলি দিলে ....মা , এইটো আপোনাৰ নাতি...., একোলা লওক । । গালে মুখে হাত ফুৰাই নাতিনীয়েকক মৰমতে চুমা এটা যাঁচিলে । ......আইতাৰ বৰ দুৰ্ভগীয়া অ'....., তোক চাবলৈ দুমাহ অপেক্ষা কৰিব লগা ..., আইতাকৰ দুচকুৱে চকুলো নিগৰি আহিল ।
: মা কিয় কান্দিছে.....?
: বৰ দুখ লাগিছে অ'.......,
: মা , দুখ কৰি নাথাকিব , এতিয়া ঘৰলৈ আহিল যেতিয়া ঘৰৰ লৰা ঘৰতে থাকিব ।। কথাষাৰ কৈ সাউৎকৰি লৰাটোক আইতাকৰ কোলাৰ পৰা নি জয়শ্ৰীক দিলেগৈ । .....বৌ , মাইনাক ধৰক । মই আপোনালোকলৈ চাহ কৰোগৈ । । বৌ , মাইনাৰ কি নাম ৰাখিলে....?
: অয়ন..... দিছে মোমায়েকে , আমি ধুনু , মাইনা , বুলিয়েই মাতোঁ । খুৰীয়েকে বা কি নামেৰে মাতে ভতিজাকক ...? বৰ সুৰ লগাই কথাষাৰ কলে জয়শ্ৰীয়ে
: অয়ন বৰ ধুনীয়া নাম । ময়ো ধুনু বুলিয়েই মাতিম ।
: অনিৰ্বাণ , অনিমেষ নাই নেকি উৰ্মি দেখা নাই যে...!
: আছে চাগৈ কিবা কামত ব্যস্ত হৈ ...... ,
: উৰ্মি এইটো লৈ যোৱাচোন পাকঘৰলৈ ....., কথাষাৰ কৈ মৃণালিনীয়ে মিঠাইৰ টোপোলাটো আগবঢ়াই দিলে উৰ্মিলৈ । .....বৌ , মই চাহ কৰোগৈ , চাহত চেনী নিদিলেও হ'ব নহয় ....!
: হ'ব উৰ্মি.....,
মিঠাইৰ টোপোলাটো হাতত লৈ উৰ্মি পাকঘৰলৈ সোমাই গ'ল...., জয়শ্ৰীয়ে লাহেকৈ মৃণাক প্ৰশ্ন কৰিলে .......মৃণা , তুমিটো কালি অনিৰ্বাণক ফোন কৰি জনাইছিলা আজি আহিম বুলি...., আমি ঘৰ সোমোৱাৰ ইমান সময় হ'ল কিন্তু অনিৰ্বাণৰ দেখা সাক্ষাৎ নাই যে.....?
: কথাটো ময়ো লক্ষ্য কৰিছোঁ বৌ...., মই ঘৰলৈ উভতি অহাটো অনিৰ্বাণে ভাল পোৱা নাই নেকি....! নে ঘৰৰ সকলোৱে মিলি মোৰ বিৰুদ্ধে নতুন কিবা ষড়যন্ত্ৰ কৰিছে .....
: এতিয়া সেইবোৰ একো নকবা । পৰিৱেশ পৰিস্থিতি চাই লোৱা দুদিনমান ....., আৰু শুনা কেতিয়াবা কাজিয়া কৰিলেও ঘৰলৈ ঘূৰি যোৱাৰ কথা ভুলটো নুলিয়াবা । তুমি অনিৰ্বাণক মোটা অংকৰ ধন দাবী কৰিবা । তেতিয়াই সি চুপ হৈ থাকিব । .....অ' কথা এটা পাহৰিছিলোঁৱেই । মাক মাত এষাৰ দিয়া নাই নহয় । মাতষাৰ লগাই আহোঁ । নহলে সেইটো বৰ ডাঙৰ কথা হ'ব ।
: তুমি মাতষাৰ দি আহাঁ বৌ । মই চাহ কাপ দি মাত লগাম ।
মৃণাৰ ৰূমৰ পৰা ওলাই জয়শ্ৰী অনিৰ্বাণৰ মাকৰ ওচৰ পালেগৈ আৰু বিচনাতে বহি ভাল বেয়া খবৰ ললে । বাৰাণ্ডাৰ চকীখন বেৰত আউজাই মৃণালিনীয়ে মাকক ধৰি ধৰি বাৰাণ্ডালৈ উলিয়াই আনিলে । .....বহক মা , উৰ্মিয়ে চাহ বাকী আছে , সেয়ে ময়ে .....
: হব দিয়া,
চাহৰ কাপকেইটা বাৰাণ্ডালৈকে উলিয়াই আনিলে উৰ্মিয়ে । হাতত পাচলি কেইটামান লৈ অনিৰ্বাণো সোমাই আহিল । পাচলিৰ বেগটো টেবুলতে থৈ জয়শ্ৰীক মাত লগালে..... নবৌ কেতিয়া পালেহি ....? মই বাৰীলৈ গৈছিলোঁ । পাচলি কেইটামান আনিবলৈ ।
: বেচি সময় হোৱা নাই ,
: ল'ৰা শুলে নেকি...?
: উম....শুৱাই থৈ আহিছে ।
: বৌ চাহ খাব । দাদা গাখীৰ চাহ খাব নহয় ...! উৰ্মিয়ে অনিৰ্বাণক প্ৰশ্ন কৰিলে ।
: চাহ নাখাও এতিয়া , তোমালোকে খোৱা ।
: দাদা , অনিয়ো বাৰীত আছে নেকি.....?
: উম.., সিও বাৰীতে আছে । জেউৰাত থকা লতাবোৰ আঁতৰ কৰি আছে । আহিবই অলপ পিছত.....
: মা মিঠাই খাওঁক ...., শাহুৱেকৰ হাতত মিঠাই এটা তুলি দিলে মৃণালিনীয়ে । মৃণালিনীৰ কৃত্ৰিম ব্যৱহাৰ দেখি অনিৰ্বাণৰ বৰ খং উঠিছিল ।
...... নবৌয়েকক দেখুৱাবলৈকে এইবোৰ কৰিছে , তেতিয়াহে ঘৰত কবগৈ পাৰিব । মৃণাই শাহুৱেকক বৰ মৰম কৰে , তোক আৰু বুজিবলৈ বাকী আছে নে......., মুখৰ ভিতৰতে ভোৰভোৰাই উঠি গল অনিৰ্বাণ । উৰ্মিয়ে মনে মনে লক্ষ্য কৰি আছিল মৃণালিনীৰ কাৰ্য । কেঁচুৱাটোৱে কন্দা শুনি মৃণালিনী উধাতু খাই উঠি গল । অয়নক কোলাত তুলি জোকাৰি জোকাৰি বাহিৰলৈ ওলাই আহিল মৃণা । নাকান্দিবা ধুনু......, এইয়া আইতা চোৱা ধুনু ....., উম নাকান্দিবা .....,
: চাওঁ মোক দিয়া মৃণা , মৃণাৰ কোলাৰ পৰা জয়শ্ৰীয়ে নিজৰ কোলালৈ আনি অলপ জোকাৰি নিচুকনি গীত এটা গাই দিলে .......
" আমাৰে ধুনু শুব এ.....
বাৰীতে বগৰী ৰুব এ....
বাৰীৰে বগৰী পকী সৰি যাব.....
আমাৰে ধুনুৱে বুটলি খাব.... "
নিচুকনি গীতটি শুনাৰ লগে লগেই অয়নৰ চকু দুটা সৰু হৈ আহিল । মামীয়েকৰ কোলাতেই অয়নৰ আকৌ টোপনি গ'ল । .....বুজিছে মা..., মৃণাই লৰাটোক নিচুকাবও নাজানে । আমনি কৰিলেই চিধা মোৰ কোলাত দিয়েহি...। এতিয়া খুড়ীয়েকৰ পাল , নে কি কোৱা উৰ্মি....!
: হয় বৌ , মই সৰু লৰা ছোৱালী লৈ বহুত ভাল পাওঁ ।
: অ' ...! নবৌ কেতিয়া আহিলে ....? অনিমেষে মাত লগালে
: অলপ সময় হ'ল , ক'ত গৈছিলা....?
: বাৰীতে আছিলোঁ । উৰ্মি চাহ একাপ দিবাচোন । আপুনি বহকচোন , মই হাতমুখ কেইটা ধুই লওঁ । ....উৰ্মি গামোচাখন লৈ আহিবাচোন । ।। উৰ্মিক গামোচাখন দিবলৈ কৈ অনিমেষ ৱাচৰূমত সোমাল । দুৱাৰখনত টুকুৰীয়ালে উৰ্মিয়ে
......দুৱাৰখন খোলাচোন অনি...! কথা এটা ক'ব লগা আছে । । উৰ্মিৰ কথাষাৰ শুনি দুৱাৰখন খুলি দিলে অনিয়ে ।
: ......কোৱা , কি কবলৈ আছে...?
: বৌক কি সুদা ভাত খুৱাবা নি.....? কিবা অকণ আনাগৈ যোৱা...
: দাদা নাই যোৱা নেকি...!
: নাই যোৱা , চাহ কাপ খাই তুমিয়ে কিবা এটা লৈ আহিবাগৈ আৰু শুনা ঘৰখনলৈ ধুনু আজি প্ৰথম আহিছে , গতিকে ধুনুলৈ কাপোৰ এযোৰ লৈ আহিবা ।
: কিন্তু....?
: কোনো কিন্তু নাই অনি...., পইচা মই দিম । তুমি চিন্তা নকৰিবা ।
: ঠিক আছে যোৱা । তুমি চাহ বাকাগৈ.....
ৰ'দজাক ক্ৰমে প্ৰখৰ হৈ আহিছিল , চৰাই চিৰিকটিয়েও গছৰ ছাঁত জিৰণি লৈছিল কিন্তু প্ৰখৰ ৰ'দকো আওকাণ কৰি পদূলিৰ ধূলিখিনিত ঘৰচিৰিকা কেইটামান পৰি আনন্দত মতলীয়া হৈ ধূলি খেলিছিল ।
ক্ৰমশঃ .....
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment