এদিন দুদিন কৰি দিনবোৰ পাৰ হৈ দুমাহ পাৰ হৈছিল কিন্তু মৃণালিনী ঘৰলৈ উভতি অহা নাছিল । মৃণালিনী নহাৰ বাবেই বিপদত পৰিছিল উৰ্মি , যাওঁ বুলিও ঘৰখনলৈ যাব পৰা নাছিল , বাৰে বাৰে ফোন কৰিও মাকৰ পৰা সঁহাৰি পোৱা নাছিল , উপায়বিহীন হৈ অনিমেষ আৰু উৰ্মিয়ে ককায়েকক ঘৰ ৰখীয়া কৰি উৰ্মিৰ ঘৰলৈ যাবলৈ ওলাল ...., মা..., ঘৰৰ পৰা আঁহোগৈ , ৰাতিটো দাদাৰ লগতে থাকিব । শাহুৱেকক সেৱা এটি কৰি উৰ্মি যাবলৈ ওলাল ।
: যা আই , মাৰে যোৰ কৰিলে দুদিনমান থাকিবি ।
: হ'ব মা , আজি ৰাতিটো থাকি ৰাতিপুৱাই ঘূৰি আহিম । দাদা আহিছোঁ , ৰাতিটো কষ্টই মষ্টই কটাব আৰু........
বিয়াৰ পাছত প্ৰথমবাৰ বাবে ঘৰলৈ গৈছে উৰ্মি , সেয়ে অনিমেষেও মাক -দেউতাক , খুড়াক -খুড়ীয়েক আৰু আত্মীয়লৈ বুলি কাপোৰ অলপ বজাৰ কৰি ললে । টাউনৰ পৰাই গাড়ী এখন ভাড়া কৰি লৈ অনিমেষ আৰু উৰ্মি বাৰ বজাৰ আগতেই ঘৰ পালেগৈ । গাড়ীখন পদূলিত ৰখোৱাৰ লগে লগেই দুৱাৰখন খুলি মাকে এবাৰ ভুমুকীয়াই চালে , মুখেৰে একো মাত নিদিয়াকৈ দুৱাৰখন জপাই মাক ভিতৰত সোমাই থাকিল । মাকৰ তেনে কাণ্ড দেখি অনিমেষৰ আগত উৰ্মিয়ে বৰ লাজ পালে । .......... অনি , মায়ে আচলতে আমাক চিনিব নোৱাৰিলে , বেয়া নাপাবা ।
: একো নাই , কিয় বেয়া পামনো.....!
কাপোৰ কানিৰ টোপোলাবোৰ গাড়ীৰ পৰা নমাই , গেটখন খুলি দুয়ো সোমাই গ'ল । দুৱাৰখন খুলি অনিমেষক ড্ৰয়িং ৰূমতে বহিবলৈ দি উৰ্মি ভিতৰলৈ সোমাই গ'ল । .....মা , অ' মা ...., ক'ত আছা....?
: ৰহ..! কাপোৰ যোৰ সলাই লৈছোঁ ।
: তুমি আমাক দেখিয়ো কিয় ভিতৰলৈ সোমাই আহিলা ....!
: যিটো ৰূপত আছিলোঁ , তহঁতে দেখা হলে ভয় খাই গলি হেঁতেন । তই কি ধৰণৰ ছোৱালী বাৰু ...! খবৰ খাটি নিদিয়াকৈ হঠাৎ আহিলি যে....?
: খবৰ দিবলৈ তুমি ফোন ৰিচিভ কৰিলেহে ...!
: অ'....আই , তহঁতৰ ঘৰৰ পৰা অহাৰ দিনাই গাড়ীতে ফোনটো হেৰাল । মোৰ ফোনটো বাৰু নাপালি , দেউতাৰলৈটো কৰিব পাৰ....,
: হ'ব দিয়া , ঘৰলৈহে আহিছোঁ । এতিয়া যোৱা অনিক মাত এষাৰ দি আহাঁ...! দেউতা ক'ত মা ..?
: বাগানলৈ গৈছে , তই ফোন এটা লগাচোন । মই ল'ৰাটোক মাত এষাৰ দি আহোঁ ।
হাতত তামোলৰ বতাখন লৈ মিঠা হাঁহি এটা মাৰি উৰ্মিৰ মাক ড্ৰয়িং ৰূমলৈ সোমাই আহিল , ...বহিছা নে....! এই মোক বলকিছে জানা নে....! তোমালোকক দেখি ভিতৰলৈ সোমাই অহাৰ বাবে , ইটো সিটো কাম কৰি থাকিলে কাপোৰ কানিবোৰ লেতেৰা হয় , সেয়ে অলপ লেতেৰা কাপোৰ এযোৰ পিন্ধি আছিলোঁ । তোমালোক অহা দেখি লৰালৰিকৈ কাপোৰযোৰ সলাবলৈ ভিতৰলৈ সোমাই আহিলোঁ । ঘৰত ভাল নে সকলোৰে......?
: উম..., ভালে মা..., আপোনালোকৰ ...?
: ভাল, ভাল , দেউতা নাই নেকি ঘৰত ......?
: দেউতা বাগানলৈ ওলাই গৈছে অলপ , ভতিজা ডাঙৰেই হ'ল চাগৈ ।
: উম ...., হৈছে আৰু ....,
কথা পাতি থাকোঁতেই হাতত চাহৰ ট্রেখন লৈ উৰ্মি সোমায় আহিল ....অনি চাহ খাই লোৱা...,
: তইনো কিয় চাহ আনিলি , ইমান দিনৰ মূৰত ঘৰলৈ আহিছ অলপ আৰাম কৰ.....,
: হ'ব দিয়া , অনি.... চাহ খাই লোৱা , খুড়া খুড়ী আৰু বৰমা ঘৰৰ পৰা আহিবগৈ লাগিব ।
: তুমিয়ে ময়ে যাম নে ...! মা যাব...?
: তোমালোক দুটাই গৈ আহাঁ অনি , মই ভাতত লাগো ।
: ঠিক আছে মা...., আমি দুটাই গৈ আহোঁ ।
উৰ্মি আৰু অনি ওলাই যোৱাৰ পাছতেই মাক খৰখেদাকৈ পাকঘৰত সোমাল । ন - জোঁৱাইক এসাঁজ খুৱাবলৈ বুলি বিধে বিধে ব্যঞ্জন বনোৱাত ব্যস্ত হৈ পৰিল । ওচৰৰে ল'ৰা এটা বিচাৰি বজাৰলৈ পঠিয়াই মাছ মাংস অকণ বজাৰ কৰি আনিলে । মাকৰ ভাত ৰান্ধি হয় মানে উৰ্মি আৰু অনিমেষ ফুৰি আহি ঘৰ পালেহি । উৰ্মিহঁত আহি পোৱাৰ পাছতেই দেউতাকো ঘৰ সোমাইছিল । ........দেউতা , আহিলে ....,
: উম...., কেতিয়া পালাহি ...? ভদ্ৰতাৰ খাতিৰত অনিমেষৰ লগত ড্ৰয়িং ৰূমতে বহিল দেউতাক ।
: অলপ সময় হ'ল ,
: আচ্ছা ...! ঘৰত সকলোৰে ভাল নহয় ...!
: ভাল ,
: ঠিক আছে তুমি বহা , মই ফ্ৰেচ হৈ লওঁ ।
কথাষাৰ কৈয়ে উৰ্মিৰ দেউতাক ভিতৰলৈ সোমাই গ'ল । উৰ্মিয়ে দেউতাকৰ মাত শুনি লৰালৰিকৈ চাহ একাপ বনাই দিলে ..... দেউতা , চাহ খাই লওঁক ....
: তই চাহ দিলি যে....? মাৰ নাই নেকি ঘৰত ....? প্ৰশ্নবোধক দৃষ্টিৰে উৰ্মিলৈ চালে দেউতাকে ।
: আছে , মায়ে কিবা এটা কৰি আছে ।
: ঠিক আছে , মাৰক মোৰ কাপোৰ কেইটা উলিয়াই দিবলৈ কবি ...., চাহকন খাই গাটো ধুই আজৰি হৈ লম ।
দেউতাক গা ধুই অহাৰ পাছতেই অনিমেষে উৰ্মিক বতা এখনৰ সৈতে তামোল দুখন লৈ আহিবলৈ ক'লে । মাক দেউতাক দুয়োকে একেলগে বঢ়াই বতাখন আগবঢ়াই দীঘল দি পৰি সেৱা এভাগ জনালে অনিমেষে । .....দেউতা আৰ্শীবাদ কৰিব সদায় যাতে আমি সুখী হৈ থাকিব পাৰোঁ .......,
: হ'ব ....., হ'ব...., অনি উঠা , জোঁৱাই যেতিয়া নিজৰ ল'ৰাৰ দৰেই । আমাৰ আৰ্শীবাদ সদায় থাকিব । নিৰা.... তুমি ভাত বাহাগৈ যোৱা ..., ভাত খাই অনিক বাগানৰ ফালে ফুৰাবলৈ লৈ যাম ।
: মই আপোনাক কম বুলি ভাবিছিলোঁৱেই...! অনি দেউতাৰ লগতে গৈ বাগান দুখন চাই আহিবাগৈ....,
: ঠিক আছে মা...,
ভাতকেইটা খাই হোৱাৰ পাছতেই গেটখন খুলি দেউতাকে গাড়ীখন উলিয়ালে , আৰু অনিক আগৰ চিটটোতে বহিবলৈ দুৱাৰখন খুলি দিলে .....সেইদিনা তোমালোকৰ ঘৰলৈয়ো গাড়ী লৈয়ে যোৱা কথা আছিল । কিন্তু কি কি কৰিবা হঠাৎ ষ্টাৰ্ট নোহোৱা হ'ল.... , সেয়ে বাছতেই গুচি গ'লো ।
: কেতিয়াবা এনেকুৱা হয় দেউতা....,
: বুজিছা অনিমেষ মই যিটো কাম কৰিম বুলি ভাবোঁ সেইটো মই কৰিমেই । এইটো মোৰ বৰ বেয়া স্বভাৱ ।
অনিমেষে মাথোঁ মূৰ দুপিয়ালে , শাৰী শাৰী কৃষ্ণচূড়াৰ তলে তলে গাড়ীখন আগুৱাই যাব ধৰিলে । সেইজীয়া পাতৰ আঁৰে আঁৰে ৰঙা ৰঙা কৃষ্ণচূড়াৰ ফুল । সুন্দৰ প্ৰাকৃতিক পৰিৱেশটোৱে অনিমেষৰ মন ভৰাই তুলিছিল । খিৰিকীৰে মূৰটো উলিয়াই অনিমেষে উপভোগ কৰিছিল সুন্দৰ প্ৰাকৃতিক পৰিৱেশ...., অনি.... কেনেকুৱা লাগিছে আমাৰ গাঁওৰ পৰিৱেশটো ......,
: ভাল লাগিছে দেউতা , কৃষ্ণচূড়া মোৰ প্ৰিয় ।
: হয়নে ...., সৌখন যে দেখিছা.. মানুহবোৰে পাত তুলি আছে সেইখনেই আমাৰ বাগান ।
গাড়ীৰ ভিতৰৰ পৰাই অনিমেষে লক্ষ্য কৰিলে । .......আমি উভতি আহোঁতে ইয়াত সোমাম...., এতিয়া ইখন বাগানৰ পৰা আঁহোগৈ ।
: ঠিক আছে দেউতা ।
: তোমাক মই কথা কেইটামান ক'বলৈহে এইদৰে উলিয়াই আনিছোঁ....
: কওঁক দেউতা ...
: তুমিটো জানাই , উৰ্মি মোৰ একমাত্ৰ ছোৱালী..., চাকৰি নাই যদিও তাইক মই আজিলৈকে অভাৱ কি বস্তু অনুভৱ কৰিবলৈ দিয়া নাই ।
: হয় দেউতা....,
: দিনক দিনে মই বুঢ়া হৈ আহিছোঁ , গতিকে বাগানৰ কামবোৰ চোৱা চিতা কৰিবলৈ অসুবিধা হৈছে । সেয়ে মই ভাবিছোঁ ...! তুমি আমাৰ লগতে থাকিবা ..., বাগানৰ কামবোৰ শিকি লৈ তুমিয়ে বাগান দুখন চোৱা চিতা কৰিব লাগিব ....., তোমাৰ সুখেই আমাৰ সুখ ।
: কিন্তু দেউতা ....?
: কোনো কিন্তু নাই....! মই যিটো কৈছোঁ সেইটোৱেই হ'ব ।
: মই এই বিষয়ত ঘৰত আলোচনা কৰিব লাগিব দেউতা .....,
: মায়ে কথাবোৰ উৰ্মিক কৈছিল...., কিন্তু উৰ্মিয়ে কথাবোৰ গুৰুত্বই নিদিলে....,
: দেউতা... উৰ্মিয়ে মোক এই বিষয়ে আজিলৈকে একো কোৱা নাই...
: তাই বৰ জেদী , সৰুৱে পৰা যিটো কাম নকৰোঁ বুলি কয় সেই কামটো কেতিয়াও নকৰে ...., গতিকে উৰ্মিক মেনেজ কৰাটো তোমাৰ দায়িত্ব ...., মই তোমাক এটা সুযোগ দিছোঁ , সুযোগটো কিদৰে গ্ৰহণ কৰা সেইটো তোমাৰ কথা......,
দেউতাকৰ কথাষাৰ শুনি অনিমেষৰ মূৰৰ ওপৰত সৰগখন ভাগি পৰা যেন লাগিল....., বাগান দুখন ভালকৈ চিনাকি কৰাই দি দুয়ো ঘৰলৈ উভতি আহিল.....
ক্ৰমশঃ......
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment