মন ময়ূৰীৰ বিয়া (খণ্ড নং - ৮) - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, February 1, 2021

মন ময়ূৰীৰ বিয়া (খণ্ড নং - ৮)

   ৰাতিৰ তেনেকুৱা এটা পৰিবেশ কেতিয়াওঁ সন্মুখীন হোৱা নাছিলে সিহতে | অংকিতৰ দেহত ঘাম বোৰ বিৰিঙি উঠিল | মুখত স্পষ্টকৈ জিলিকি উঠিল ভয়ৰ ছাব |

- সৰু দা

তৰালিয়ে মাত লগাইছিল |

- চুপ ! মনে মনে থাক,ভয় নকৰিবি কিন্তু |

অংকিতে নিজে ভয়ত কম্পমান | তথাপি ভনিয়েকক সাহস দিছে |

তৰালিয়ে তেনে মূহুৰ্ত্তত পৰি কান্দিব ধৰিলে |

- ধেই এইজনী নাকান্দিবি |


           কালবাৰীৰ পথাৰ খন এখন ভয়ংকৰ পথাৰ | সেই পথাৰৰ মাজেৰে অংকিত হতৰ ঘৰত অহা এটা লুঙলুঙীয়া বাট | দুয়োকাষে ডাঠ হাবিৰ দৰে | মাজতে অকমান ঠাই খালি আছে | তাৰপিছতে আকৌ জংগলৰে আবৃত্ত | সৰুতে সিহতে মানুহৰ মুখত শুনিছিল | এই ঠাই দোখৰৰে হেনো দিনতে মানুহ আহিব ভয় কৰিছিল | কেতিয়াবা যদি নৰমুণ্ড পৰি থাকে আকৌ কেতিয়াবা বগা কাপোৰ পৰিহিতা মহিলা এজনীয়ে কান্দি থাকে |/p>


এতিয়া ও ঠাইখিনিৰ কিছু কিছু অংশত নৰকংকাল পৰি থকা দেখা যায় | আজিৰ পৰা ৭০ বছৰ মান আগত হেনো সিহতৰ গাওঁত ডায়েৰীয়াই মহামাৰী ৰূপ ধাৰন কৰিছিল | আজিৰ দৰে তেতিয়াৰ গাওঁ বোৰ উন্নত নাছিল | প্রতিদিনে হেনো এই ঠাইত সেইখন গাওঁৰ দহ/বাৰ জনৰ মৃতদেহ পেলাই থৈ যায় | আৰু তেতিয়াৰ পৰা এই ঠাই দোখৰ জয়াল হৈ পৰিল |

তেনেতে সিহতৰ কানত পৰিল এটা অস্বাভাৱিক শব্দ |

- আই ঔ,,,,,,,,,

তৰালিয়ে লগ লগ অংকিতৰ বুকুৰ মাজত সোমাল | অংকিতৰ সেপ ধুকিবলৈ ও যেন মুখত লালতিৰ অভাৱ হ'ল |

তেনেতে কোনোবাই পাছফালৰ পৰা অংকিতৰ মূৰত এটা ঢকা মাৰিলে | আৰু লগে লগে অংকিতে ৰাস্তাতে উবুৰি খাই পৰিল |

- সৰু দা

তৰালিয়ে চিঞঁৰি দিলে |

অংকিতে সকলো ফালে চালে কিন্তু কোনো নাই,সি ভয়ত পেপুৱা লাগিল | আৰু উচুপি উচুপি কান্দিব ধৰিলে |


            মনে লকআপৰ ভিতৰত কেকাই কেকাই শুই আছিলে | আজি তাক অফিচাৰে পিটন দিয়াৰ যন্ত্রনা বোৰে বৰ কষ্ট দিছে | সি লকআপৰ ভিতৰত উচুপি উচুপি কান্দিছে | সি আৰু এনেকুৱা জীৱন এটা লৈ জীয়াই থাকিব নিবিচাৰে | তাৰ সমস্ত দেহ আজি বিষাইছে |

- ঐ ভাত খা

তেনেতে চিপাহীয়ে তাৰ বাবে ৰাতিৰ আহাৰ লৈ আনিলে |

- নাখাওঁ

মনে কৈছিলে |

- হাৰে খা খা | নহ'লে মৰিবি |

- মৰিলে মৰিলোঁ,সেইবুলি ইমান কষ্ট খাই থাকিব নোৱাৰি |

- তেতিয়া হ'লে মানুহ হত্যা কৰিছিলি |

- কিমান বাৰ কব লাগে আপোনালোকক যে মই হত্যাকাৰী |

- হু ! হত্যাকাৰীৰ মুখত বৰ বৰ কথা |

নাই মনে আৰু স্থিৰ হৈ থাকিব নোৱাৰিলে | সি উঠি আহিল |আৰু লকআপৰ ফাকেৰে হাত সোমাই চিপাহীৰ ডিঙিত দুখন হাতেৰে মোছাকা মাৰি ধৰিলে |

- ঐ মোক বাৰে বাৰে হত্যাকাৰী বুলি কৈ জ্বলাই নামাৰিবি | এই দুখন ৰিক্সা চলোৱা হাত হয়,মামৰ ধৰিছে | তোৰ দেহত মামৰৰ বিজানু সোমাব |

- আহ,মৰিলো ঐ মোক মাৰিলে ই,কোন ক'ত আছ |

তেনেতে থানাৰ সকলো দৌৰি আহিল | আৰু চিপাহীক তানি নিলে |

- ঐ যা ছাৰক মাত ইয়াক আজি !

এজনে অফিচাৰ মনক মাতি আনিলে | খঙত জ্বলি পকি আহিল অফিচাৰ | 

- খোলক লক আপ খোলক |

এজন চিপাহীয়ে লক আপৰ তলা খুলি দিলে | আৰু লগে লগে অফিচাৰ মনৰ লক আপত সোমাই গ'ল |

- ছাল্লা তোৰ ইমান সাহস ,তই পুলিছৰ গাত হাত তুলিছ ! হিন্দী ফিল্মৰ নায়ক চানি দেউল ওলাইছ হা !

অফিচাৰে মনক দুটা প্রচণ্ড চৰ সোধালে | দ্বিতীয়টো চৰত মনে মাটিত বাগৰি পৰিল | লগে লগে অফিচাৰে মনৰ দেহত গছকিব ধৰিলে | আৰু মনে মনে চিঞঁৰি থাকিল |

- আহঃ আহঃ মোক আৰু নামাৰিব | 

লগে লগে মনৰ মুখেৰে ওলাই আহিল তেজ |

মনে কেকাই ক'লে 

- ছাৰ আমি বৰ সৰু মানুহ ছাৰ | আমি মানুহ হত্যা কৰিব নাজানো ছাৰ | কোনোবা চোৰ ডকাইট হোৱা হ'লে জেঠ মহীয়া প্রখৰ ৰ'দ ৰিক্সা নচলালো হৈ ছাৰ | আমাক বহুত টকাৰ প্রয়োজন নাই ছাৰ | আমি সিমীত পইচাঁৰে চলিব পাৰো | মই আজিওঁ আপোনাক কৈছোঁ ছাৰ ময়ূৰীৰ দেউতাকৰ হত্যাকাৰীক আপুনি বিচাৰক | যিমান দিন বিচাৰি নাপায় সিমান দিন আপুনি মোক ইয়াত ৰাখি থওঁক | কিন্তু ছাৰ মোৰ সেইদিনাই ভাল লাগিব | যিদিনাই মই প্রমানিত হম যে মই হত্যাকাৰী নহয় |

ইতিমধ্যে মনৰ তেজেৰে লক আপৰ ভিতৰত নৈ বৈ গৈছিল |


         অফিচাৰ মনে নিশ্চুপ হৈ ওলাই আহিছিল লকআপৰ ভিতৰৰ পৰা | আৰু লগে লগে পকাত পৰি গৈছিল মন |


                 কেতিয়াবা মোৰ 

                 নিজকে ইমান

                    অসহায় যেন লাগে |


   অংকিতে ভয়ত কপি থাকিলে | সি মাত্র ভগবানৰ নাম উচ্ছাৰণ কৰিব ধৰিলে |

- হে ভগবান আমাক কিয় ইমান বিপদত পেলাইছা ? কি পাপ কৰিছোঁ আমি ! কিয় ইমান কষ্ট দিছা আমাক | কিয় !

- সৰু দা অ নাকান্দিবিচোন | ভয় নকৰিবি,আমি মৰিলে মৰিম দে | ইমান কষ্টত জীয়াই থাকি নো কি হব | মৰিলে এবাৰ হে কষ্ট পাম,মৃত্যুৰ পাছতটো একো গমে নাপাম |

অংকিতে ভনীয়েকক বুকুৰ মাজত তানি আনিলে |

- নাকান্দিবি অ আকৰী |

তেনেতে অংকিতৰ পাছফালে কিহবাৰ শব্দ এটা শুনি ঘূৰি চালে  |

একুৰা জুই জ্বলিছে |

- আহঃ 

- সৰু দা

- জু,,,,,,,,ই জুই জ্বলিছে |

- মই একো নেদেখো,তই ও চকুমুদি দে ভয় নালাগিব |

- ঐ কিয় আমাৰ লগত এনে কৰিছ,আমি কি তহতৰ শত্রু নেকি ? আমাক যাৱ দে অ তহতক অনুৰোধ কৰিছোঁ |

অংকিতে কান্দি কান্দি ডাঙৰকৈ ক'লে |

তেনেতে এটা বিকত হাঁহি জংগলৰ পৰা ওলাই আহিল | যেন মানুহে মৰা হাঁহি |/p>

অংকিতে আৰু নোৱাৰে | সি ভনীয়েকৰ হাতত জোৰকৈ ধৰি ল'লে আৰু দৌৰ মাৰিলে | আন্ধাৰত উজুটি খাই ভনীয়েকে ৰাস্তাত বাগৰি পৰিল |

- ভন্টি |

- তই যা সৰু দা,মই মৰিলে মৰিম | তই যাগৈ মোক ইয়াতে এৰি থৈ যা |

- তই পাগল হৈছ নেকি ভন্টি |

- নাই সৰু দা ,তই যা তই আতৰি যা |

সি ভনীয়েকক জোৰকৈ সাৱতি কান্দি কান্দি ক'লে |

- নাই ভন্টি মই নোৱাৰো অ তোক এৰি যাৱ |লাগিলে মই ও মৰি থাকিম | উঠ,,,,

সি  ভনীয়েকক উঠাই দিলে | তেনেতে আকৌ তাক কোনোবাই মাটিত ধকিয়াই পেলাই দিলে | 

- সৰু দা 

তৰালিয়ে চিঞঁৰি দিছিলে |

- ভন্টি ! ঐ ভন্টি |

তৰালিক কোনোবাই জংগৰ মাজত তানি লৈ গ'ল |


            ৰাতি বাৰ মান বাজিছিল | মন অফিচাৰে কথাটো চিন্তা কৰি আছে ,কোন হব পাৰে এই হত্যাকাৰী | অলপতে মহানগৰীত হৈ যোৱা অভিশপ্ত ফুলশয্যাৰ ফলশ্রুতিত হোৱা হত্যা কাণ্ডৰ অপৰাধী বিচাৰি উলিওৱাতকৈ  ও যেন জটিল মনে ভাৱিলে |তাত ধৰিবলৈ বহুত ক্লু আছিল ইয়াত যেন একো ক্লু নাই |

- হাজৰিকা শুনক !

মন অফিচাৰে চিপাহীক মাতিলে |

- ছাৰ

- এবাৰ তাক লক আপৰ ভিতৰত চাই আহকচোন |

- হব ছাৰ |

হাজৰিকাই আহি লকআপ খুলি মনক চালে | সি তলমূৰ হৈ শুই আছিলে | হাজৰিকাই তাক বগৰাই দিওঁতে দেখিলে তাৰ একোৱে নাই সি সংজ্ঞাহীন | মাত্র মুখত কেচা তেঁজ বোৰ গোট মাৰিছে |

হাজৰিকা অফিচাৰৰ কাষত দৌৰি আহিল |

- ছাৰ,ছাৰ

- কি হ'ল ইমানকৈ চিঞঁৰিছে যে ?

- ছাৰ সি change less

- what? 

- yes sir! I think he is death

- oh no,  driver

মন অফিচাৰৰ বুকু কপি উঠিল তেনে হব লাগিলে মনৰ চাকৰিটো যাৱই আৰু ,,,,, নাই নাই 


        মনক দৌৰা  দৌৰিকৈ গাড়ীত ভৰাই মেডিকেললৈ লৈ যোৱা হ'ল | দৌৰা দৌৰিকৈ নমাই তাক ইমাৰজিন্সিত ভৰ্ত্তি কৰা হ'ল | কিছু সময় পাছত ডাক্তৰ সোমাই আহিল |

- আপোনালোক অকমান বাহিৰত যাওঁক |


      সকলোৱে বাহিৰত অপেক্ষা কৰিলে ডাক্তৰে কি কয় | কিছু সময় পাছত ডাক্তৰে দৰ্জা খুলি ওলাই আহিল | মনে ডাক্তৰৰ ওচৰত দৌৰি আহিল |

- ডাক্তৰ

- চাওঁক ইন্সপেক্টৰ সি

- কি ডাক্তৰ

- সি আৰু,,,,,,,,,,,,

    

                                         ক্ৰমশ..

                 বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages