ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন।উল্লেখ্য যে ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোত জন্মগ্ৰহন কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।বিভিন্ন জনে তেওঁক আজি শুভকামনাৰে উপচাই পেলোৱাৰ লগতে বিজেপি দলৰ বিধায়ীকা আঙুৰলতাই তেওঁক ব্যতিক্ৰমী ধৰনে শুভকামনা জনোৱা দেখিবলৈ পোৱা গল।
ওপৰত দেখা পোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছবি খন আঙুৰলতাই অংকন কৰি তেওঁক ওপজা দিনৰ শুভকামনা জনাই কয় যে- "জননেতা তথা অসম চৰকাৰৰ সন্মানীয় জ্যেষ্ঠ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি তেখেতৰ ওপজা দিনত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷
আপোনাৰ জীৱনৰ অনাগত প্ৰতিটো দিনে তথা প্ৰতিটো বছৰে সৰ্বসাধাৰণ ৰাইজৰ বাবে আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে প্ৰচুৰ সম্ভাৱনাৰ অভিমুখে জন জীৱনক আগুৱাই লৈ যায়৷ উন্নয়নৰ নৱ দিগন্তৰ সূচনা কাৰক হিচাপে ৰাইজৰ বাবে আশাৰ অক্ষয় চাকি গচি হৈ আপুনি সদায়ে উজ্জ্বলি থাকক তাৰেই কামনা কৰিলোঁ৷ আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ৷
Happy Birthday to Himanta Biswa Sarma Sir." - আঙুৰলতা ডেকা
No comments:
Post a Comment