চৰকাৰী চাকৰিৰ দৰমহাৰ সমান ধন উপাৰ্জন যুৱক জনৰ: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, February 6, 2021

চৰকাৰী চাকৰিৰ দৰমহাৰ সমান ধন উপাৰ্জন যুৱক জনৰ:


 "মোৰ কৰ্মই মোৰ পৰিচয়

২৮  কিলোমিটাৰ সদাই চাইকেল মাৰি মাৰি নলবাৰী কলেজ পৰা  Political science ত First class পাইছিলো । তাৰ পিছত চাকৰি বিচাৰি কিমান যে apply নামত পইছা খেদালো হিচাপ নাই। এতিয়া লাজ নকৰোঁ।BA pass কৰি  গুৱাহাটী মহানগৰৰ বেলতলাত শাক পাচলি দোকান দিছোঁ। আজি ৫ বছৰ দোকান দিলোঁ। নিজক স্বাৱলম্বী বুলি কওঁ। দোকানত পাচলি কিনিব অহা বহুত মানুহে মোক প্ৰেৰণা দিয়ে। অসমীয়া লৰা দোকান দিচা ভাল লাগিছে। আজিকালি অসমীয়া লৰা ফুতপাথত দোকান নিদিয়ে তুমি দিছা ভাল লাগিছে। বৰষুণ দিলে ঠেলা ত দোকান দিও। সেই বোৰ কথাই মোক বহুত প্ৰেৰণা দিয়ে। ফুত পাতত দোকান দি মই আজি তিনিখন দোকান কৰিলোঁ। সেইবাবে বন্ধু বোৰক কৈছোঁ লাজ নকৰি কাম কৰি যোৱা। সফলতা এদিন হবাই । চাকৰি পিছত দৌৰি সময় নষ্ট কৰি লাভ নাই। ১০০ তাৰ ১০ তাই হে চাকৰি পাই। মোৰ দোকানত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া মাহত তিনি বাৰ মান আহে। মোক প্ৰেৰণা দিয়ে। মোৰ লগত ভাল চিনাকী আছে। দিলীপ শইকীয়া ডাঙৰীয়া ক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো।


 মই ২০১৪ চনৰ পৰা দোকান দিছোঁ ফুটপাথত। গুৱাহাটীত কিবা কৰিম বুলি আহোঁতে গাঁৱৰ পৰা  হাজিৰা কৰি পোৱা ১৪০০ টকা লৈ গুৱাহাটী আহিছিলো। আজি পাচলি দোকান দি মই যিখিনি কৰিছো মোৰ দোকান আহিলে দেখা পাব। মোৰ দোকান হৈছে ,,বেলতলা,, চাৰ্ভেত ,,,,পুলিচ পইন্ট ওচৰত। ৰাস্তাৰ কাষত । সকলো অসমীয়া যুৱ বন্ধুক আহ্বান কৰ্ম কৰক লাজ নকৰিব। নহলে দেখা পাইছে । আজি অসমীয়া জাতি কত আছে। গুৱাহাটী ফেঞ্চি বজাৰত গলে গম পাব,, পামহি পাচলি বজাৰ গলে গম পাব,, বাকী খিনি নকওঁ। এটা চাকৰিৰ কাৰণে আমি ১০০ জন লৰা লাগো। চাকৰি পাব কিন্তু এটাই। চাকৰিৰ পিছত দৌৰি সময় নষ্ট নকৰিব । ফুট পাতত দোকান দি মাহত আৰাম চে ৩০০০০ টকা income কৰিব পাৰিব। নহলে চকুৰ আগত আমাৰ ব্যৱসায় বৰ বেলেগ মানুহে কৰি আছে। আহক আমি সকলো অসমীয়া ডেকা কৰ্ম মুখি হও। মই ৰাতিপুৱা ৫ তাৰ পৰা ৰাতি ১২ তালৈ ব্যৱায়িকত মন দিও। আজি মই মাহত বহুত ভাল income এতা কৰি আছোঁ। যিটো income govt job এটাৰ‌ দৰমহাৰ সমান।।।"- সোণমনি হালৈ


নলবাৰীৰ এগৰাকী উদীয়মান তথা সফল ব্যৱসায়ী সোণমনি হালৈৰ ৱালৰ পৰা  সংগৃহিত।ইতিমধ্যে তেওঁৰ নিজৰ জীৱনৰ ওপৰত আধাৰিত এই প'ষ্টটোৱে বিশেষ চৰ্চা লাভ কৰিছে চ'ছীয়েল মিডীয়াত।বিশেষকৈ নিবনুৱা সকলক যথেষ্ট অনুপ্ৰানিত কৰিছে সোণমনি হালৈৰ এই কথা সমূহে।গতিকে ইয়াৰ দ্বাৰা যাতে আৰু দহজন নিবনুৱা অনুপ্ৰানিত,সেয়ে বিষয়টো আপুনিও শ্বেয়াৰ কৰি দিয়ে যেন,ধন্যবাদ



No comments:

Post a Comment

Advertisement

Pages