এক জীৱন গাঁথা (খণ্ড-৩) - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, February 7, 2021

এক জীৱন গাঁথা (খণ্ড-৩)

  

দেউতা ঘৰলৈ অহাৰে পৰা মাৰ সৈতে পাকঘৰত গোপন কথাৰ আলোচনা। ভন্টিয়ে কেইবাবাৰো মাটিৰ বেৰখনত কাণ লগাই শুনাৰ চেষ্টা কৰিছে পিছে তাই সফল নহ'ল। তেওঁলোকে কি কথা পাতিছে জানিবলৈ মই ব্যাকুল নহয়।  মা দেউতাৰ মাজৰ কথা তেওঁলোকৰ মাজতেই থাকক। 


: মধু সোমবাৰে আমাৰ ঘৰলৈ আলহী আহিব। কাইলৈ বহুত কাম কৰিব লাগিব। আজি দেৰিলৈকে পঢ়িব নেলাগে। শুই থাকহি আহ।


আমাৰ ঘৰলৈ আলহী! 

সদায় দুপৰীয়া, সন্ধিয়া অহা চুবুৰীৰ মানুহ কেইটাৰ বাদে আমাৰ ঘৰত আজিলৈকে কোনো মানুহেই ভৰি দি পোৱা নাই। কোনবা নতুন আলহী আহিব!  যাৰবাবে মই বহুত কাম কৰিব লাগিব। 

পুৱাতেই গোবৰ মাটিৰে মচি মায়ে ঘৰৰ মজিয়া খন মসৃণ কৰিছে,আনকি চোতাল খনো ফু-মাৰি ভাত খাব পৰাকৈ থৈছে। মোক কাপোৰ বোৰ ধুবলৈ দি মা লাৰু, পিঠা বনোৱাত লাগিছে।ভন্টিক পঠিয়াই মামনি পেহীৰ ঘৰৰ পৰা কাঁহৰ বাচন কেইটামানো গোটাই থৈছে। মাৰ এই উঠপঠপ দেখি এনেকুৱা লাগিছে আমাৰ ঘৰত যেন আবতৰীয়া বিহুৰহে আয়োজন। 

আবেলি তামোল-পাণ কেইটা যোগাৰ কৰি দেউতা মোনা খন লৈ বজাৰলৈ ওলাই গৈছে। কাৰ বাবে আমাৰ ঘৰত ইমান আয়োজন! মাক সুধিব লাগিব।


: কোননো আহিব মা..?

মাৰ মুখত এটা মিচিকিয়া হাঁহি। যিটো হাঁহিয়ে মোৰ বুকুত সন্দেহৰ জোৱাৰ তুলি গ'ল।


: কোন আহিব নকলি যে

: আমাৰ যে সৰুকনৰ ঘৈনীয়েক  মইনা....

: মইনা খুড়ী দেখোন আমাৰ ঘৰলৈ আহিয়েই থাকে... তহতে খুড়ীৰ কাৰনে ইমান আয়োজন কৰিব লাগেনে?


: হেই এইজনী কথাটো শুনি ল' আগেয়ে, মইনাৰ মাহীয়েক আৰু মাহীয়েকৰ পুতেকটো আহিব । 


মইনা খুড়ী....ভালেই লাগে মানুহ জনীক। মুখৰ আগত কথা কোৱা স্বভাৱটোৰ বাবে শাহুৱেকে দেখিব নোৱাৰে পিছে মানুহজনী মোৰ ভাল লাগে। মায়ে কৈছিল খুড়ীৰ পৰিয়ালটো হেনো খুব ভাল,চবৰে ডাঙৰ চাকৰি নহ'লে ব্যৱসায়। ৰাস্তাৰ ঠিকা কাম কৰে বুলি ফাকি দি সৰুকণ খুড়ালৈ মাকে মইনা খুড়ীক বিয়া পাতি আনিলে। কেইবাবাৰো ঘৰলৈ উভতি যাবলৈ ওলোৱা মানুহজনী সহজ সৰল  সৰুকণৰ মৰমৰ তাড়নাত ৰখি যাবলৈ বাধ্য হয়।

: কি ভাবি আছনো মধু? তই তেওঁলোকৰ আগত ধুনীয়াকৈ ওলাবি দেই।


বৰ্ষণ মুখৰ পুৱাতো মা দেউতাৰ বাবে হেঁপাহৰ আছিল। বহুত দিনৰ পৰা মই বিচাৰি ফুৰা দেউতাৰ বিষাদগ্ৰস্ত মুখ খনত আজি অকণমান আশাৰ কিৰণ দেখিছোঁ। 

: এইযোৰ পিন্ধিবি দেই মধু।


চাদৰ মেখেলা! কিয়?


: চাদৰ মেখেলা কিয় পিন্ধিম? মোৰ বেলেগ কাপোৰ আছে নহয়।


: যিটো কৈছোঁ সেইটো কৰিব নোৱাৰ নেকি? তোৰ আজিকালি মোৰ চব কথাতে আপত্তি।


: হ'ব মা মই এইযোৰকে পিন্ধিম।


আলহীৰ আগত ধুনীয়াহৈ ওলালে মা দেউতাই ভাল পাব,, মই মা দেউতাৰ ছোৱালী,মোক ধুনীয়া দেখিলে তেওঁলোকে গৌৰৱ কৰিব। আইনা খনৰ সন্মুখলৈ গৈ মায়ে পিন্ধিবলৈ দিয়া নীলা চাদৰ মেখেলা যোৰ পিন্ধি ললো।দীঘল চুলি কোচাৰে বেণী এদাল গাঁঠি কপালত ক'লা ফুট এটা আকি ললো। ওঁঠত পাতলকৈ ভন্টিৰ গোলপীয়া লিপষ্টিকটো বুলাই মই অপেক্ষা কৰিলোঁ আলহীলৈ।

: মধু... মোৰ গোঁসানী জনীক সছাকৈ দেৱী যেন লাগিছে অ।

মায়ে কৰা মোৰ ৰূপৰ প্ৰশংসাত লাজতে মোৰ চকু যুৰি মাৰ পৰা আতৰি পদূলিত ৰখিছিলগৈ। আমাৰ ঘৰলৈ   ইণ্ডিকা গাড়ী এখন ভো-ভোৱাই সোমায় আহিছে।


: মধু ভিতৰলৈ যা, মই নোকোৱালৈকে ওলাই নাহিবি


ঘৰলৈ আলহী আহিছে, অন্য দিনা মানুহক ওলাই মাতষাৰ নিদিয়ালৈকে মায়ে শান্তি নিদিয়ে আজি দেখোন কথাবোৰ ওলোটা।

প্ৰায় এঘন্টা মান অপেক্ষা কৰাৰ পিছত মইনা খুড়ীয়ে মোক আলহীৰ ওচৰলৈ লৈ গ'ল। যাওঁতে বাৰে বাৰে কৈছে তামোল খন দিওঁতে মানুহজনীক সেৱা কৰি দিবলৈ। মইনা খুড়ীৰ মাহীয়েক জনী মোৰ কল্পনাতকৈ ধুনীয়া, আৰু ভায়েকটো দেখাই শুনাই গহীন-গম্ভীৰ, বেছ ধুনীয়া ল'ৰা।মা-দেউতাৰ লগত ইমান সময়ে কথা পাতি থকা মানুহজনীয়ে আৰম্ভ কৰিলে


: কি নাম তোমাৰ?

: মাধুৰী...মাধুৰী বৰদলৈ।

: নামে মানুহে ভাল মিলিছে। বৰ ধুনীয়া ছোৱালী। কি পঢ়ি আছা?

: এইবাৰ মেট্ৰিক দিম।

: পঢ়া শুনা কেনে চলিছে?

এইবাৰ কাষত বহি থকা ল'ৰা জনে সুধিলে..

: ঠিকেই... 

: তোমালোকে কথা পাতা দেই মই অকন বাহিৰলৈ যাওঁ।


মোক অচিনাকি মানুহ জনৰ লগত অকলশৰীয়া কৰি মা, দেউতা ,মইনা খুড়ী আৰু মানুহগৰাকী কোঠাটোৰ পৰা  ওলাই গ'ল। খঙত মা দেউতা গুচি যোৱাৰ ফালে চাই মই অপেক্ষা কৰিছিলো কোনোবা অহালৈ।


: মধু


মোক আচৰিত কৰি তেওঁ মোৰ ঘৰৰ মানুহে মতা নামটোৰে সম্বোধন কৰিলে

: কওঁক

: মই কিয় আহিছো তুমি নিশ্চয় জানা! মোৰ একো আপত্তি নাই যদি তুমি মানি লোৱা পৰীক্ষাৰ পিছতে মন্দিৰৰ পৰা বিয়া...

: বিয়া.....?

: আচৰিত হৈছা যে, তুমি যেন একো নাজানাই। 

কি কৈছে এই মানুহটোৱে.. তাৰমানে মা দেউতাৰ এই ব্যস্ততা,আলহীকলৈ  আগ্ৰহ,সৰুকণ খুড়াৰ ঘৰলৈ অহা-যোৱা আৰু মোক চাদৰ মেখেলা পিন্ধি ওলাবলৈ দিয়া সা‍ঁথৰ বোৰৰ উত্তৰ এটাই.. "মোৰ বিয়া" মানুহজনৰ সন্মুখতে মুখেৰে অস্পষ্টকৈ ওলাই আহিছিল 

"মোৰ বিয়া"

মাৰ হাতৰ চাহ, জলপানৰ জুতি লৈ তেওঁলোক গ'লগৈ। মা দেউতাক প্ৰথম বাৰ ইমান সুখী হোৱা দেখিছো। সুখ বোৰ বিষাদলৈ পৰিবৰ্তন হোৱাৰ ভয়ত তেওঁলোকৰ মুখামুখি নোহোৱাকৈয়ে মই বাৰন্দাৰ চুক এটাত বহিলোগৈ। 

মই চাকৰি কৰিম, কেঁচা ঘৰটো পকা কৰিম, গাড়ী কিনিম। মোৰ সপোন বোৰ দেখোন তই জানিছিলি দেউতা, মই নোকোৱাকৈয়ে মোৰ মনৰ কথা তই বুজিছিলি মা,তেনেহলে মোক নুসুধাকৈ মোৰ বিয়াৰ কথা কিয় ভাবিলি দেউতা? কিয়,কিয় কিয়? মোৰ চকুপানী বোৰ ক্ৰমে উচুপনীলৈ পৰিবৰ্তন হৈছে.. মই দেউতাক বুজাব লাগিব.. ইমান সৰুতেই বিয়া নহওঁ মই, কেতিয়াও নহওঁ। মাক এৰি মই কলৈকো নাযাওঁ।

: মধু,তই কান্দিছ?

মোৰ চকুপানী কান্ধত লৈ থকা গামোচা খনৰে মচি দি দেউতাৰ এইয়া পিতৃস্নেহ। 

: কিয় দেউতা?

: নয়ন ভাল ল'ৰা। ঘৰখনো ভাল। এটা মাহৰ পিছত তোৰ পৰীক্ষা আৰু সি তেতিয়ালৈ অপেক্ষা কৰিব। 

: মই মেট্ৰিক দিয়েই বিয়া কিয় হ'ম? তোক দেখোন কৈয়েই থাকো কলেজ যোৱাৰ কথা


: মধু তই দেখোন দেখিছই আমাৰ অৱস্থাটো.. মই জানো তহত দুজনীক একেলগে পঢ়াব পাৰিম? নয়নৰ মাকে বিয়াৰ পাছত তোক পঢ়োৱাৰ দায়িত্ব লৈছে তাৰোপৰি নয়নে আমাৰ ঘৰখনৰ। তই না নকবি অ মা। 


মোক আচৰিত কৰি মোৰ সন্মুখত দেউতাৰ হাত দুখন বুকুৰ মাজত যোৰা লাগিছে। 


: কি কৰিছ অ দেউতা.. হ'ব দে বিয়া হ'ম কিন্তু মই পঢ়িম।

সৰু ছোৱালীৰ দৰে উচুপি উচুপি মই দেউতাৰ বুকুৰ মাজত সোমালো। নেজানো আৰু কিমান দিন মা দেউতা আৰু ঘৰখনৰ ওপৰত মোৰ অধিকাৰ থাকিব।

মোৰ বাবে এইখিনি দুৰ্বিসহ সময়। ঘৰখনক এৰি যোৱা,মাক এৰি যোৱা চিন্তাই মোৰ পৰীক্ষাত প্ৰভাৱ পেলাইছে। লগৰ ছোৱালী কেইজনীৰ মনত পৰীক্ষা শেষ হোৱাত আনন্দৰ জোৱাৰ আৰু মোৰ মনত চলিছে এজাক অশান্ত ধুমুহা।


অচিনাকি মানুহ এটালৈ বিয়া হোৱাৰ চিন্তাই মোক খুলি খুলি খাইছে। এবাৰ মাত্ৰ দেখিছিলো 

কি আছিল নামটো " নয়ন" 

নয়ন নামৰ মানুহজনৰ ধুনীয়া মুখ খন মোৰ চকুৰ সন্মুখত।

: মধু,এইখন তোৰ কঁপাল নহয় বুজিছ চোতাল।

আম গছৰ তলত বহি থকা মানুহ কেইজনীৰ মোৰ ফালে চাই হাঁহিৰ গিৰ্জনী।

আৰু দুদিন মান তাৰপিছত মই হেৰুৱাব লাগিব আমাৰ ঘৰৰ এই পৰিৱেশটো।

: দৰা বৰণৰ গামোচাখন মই দিম।


: আমাৰ এইজনে কাঁহি-বাতি এযোৰ দিম বুলি কৈছে।


: মইনো কি দিম.. টেকেলি এটাত পইচা থৈছিলো চাৰি কুৰি মান হ'ব তাকে দিম, কামত আহিব।


মোক একো নেলাগে, তহত মাথো সলনি নহবি। মই নিশ্চিত যে মই গুচি গলেও তহঁত মোৰ মাৰ লগত সদায় থাকিবি। 

: কিনো ভাবি থাক অ’ মধু,যা শেষ বাৰৰ বাবে তোৰ হাতেৰে চাহ একাপ খাওঁ বনাগৈ যা।


আজি তিনিদিন হ'ল নেৰানেপেৰা বৰষুণ। কাইলৈ শিৱ মন্দিৰত মোৰ বিয়া। মায়ে এতিয়ালৈকে বৰষুণ কমিবলৈ

এশ এগছি মান বন্তি ভগৱানলৈ আগবঢ়াইছে পিছে মাৰ প্ৰাৰ্থনা শুনিবলৈ ভগৱানৰ সময় নাই। কপটীয়া বৰষুণ জাক প্ৰয়োজনত নাহে আৰু এতিয়া আমাৰ বিৰক্তিৰ কাৰন পেনপেনাই থকা বৰষুণ জাক। কেঁচা মজিয়া খনৰ পৰা সেমেকা ভেকুৰৰ গোন্ধ নাকত লাগিছে।এইটোৱেই এইখন ঘৰত মোৰ শেষ ৰাতি। কাইলৈৰ পৰা নতুন ঘৰ ,নতুন মানুহ আনকি বিছনা খনত মাৰ সলনি নয়ন নামৰ মানুহটো থাকিব।

কেনেকৈ শুব পাৰি অচিনাকি মানুহটোৰ লগত! যি হয় হ'ব

গিৰীয়েক-ঘৈনীয়েক একেলগে শুৱেই। নিজে নিজক বুজানি দিছো যিমান পাৰো বুকু খন ডাঠ কৰিছো। 


ৰাতিপুৱাই মাহ- হালধিৰে গা ধূৱাই মোক দহ পোন্ধৰ গৰাকী আয়তীয়ে আগুৰি ধৰিছে। বহুত বিয়া খালো পিছে মোৰ খন ব্যতিক্ৰম। জোৰোণ লৈ ইণ্ডিকা গাড়ী খন আকৌ এবাৰ ভো-ভোৱাই আমাৰ ঘৰলৈ সোমাই আহিল।

মায়ে পদূলিৰ পৰা আদৰি আনিলে তেওঁলোকক।

সেইদিনা অহা মানুহজনীৰ লগত আৰু দুজনী মানুহ সোমাই আহিল মই বহি থকা কোঠাটোলৈ।


" মাৰাৰ অলংকাৰ থোৱা কাটি কৰি,ঐ ৰাম দেউতাৰাৰ অলংকাৰ থোৱা হে, ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাতে যোৰে কৰি লোৱা হে"

মামনি পেহীয়ে গাই গ'ল এটাৰ পিছত এটা বিয়া নাম আৰু মইনা খুড়ীয়ে দেউতাই দিয়া অলংকাৰ ৰুপৰ ফুলি যোৰ খুলি পিন্ধাই গ'ল সোণৰ গলপতা,কানফুলি,আঙুঠি,খাৰু । মই পিন্ধি থকা পুৰনা কাপোৰ যোৰ খুলি সমাজৰ আগত পিন্ধাই দিলে খমখমীয়া বগা পাতৰ সাজ যোৰ। মোৰ সেউতাত মইনা খুড়ীৰ মাহীয়েকে আকি দিলে সেন্দুৰৰে দিঘলীয়া বাট এটা। মোৰ কঁপালত আকি দিলে পশ্চিমৰ ৰঙা বেলি এটা।

"মধু শাহুৱেৰক সেৱা কৰ"


: হ'ব,হ'ব... আজিৰ পৰা তুমিও মোৰ ছোৱালী হলা। 

কাষত ঠিয়হৈ মোৰ ফালে চাই থকা বোৱাৰী দুজনীক দেখুৱাই তেওঁ চিনাকি কৰাই দিছিল


: এইজনী জুমি, মোৰ ডাঙৰ বোৱাৰী আৰু নয়নৰ বৌৱেক..এইজনী পূজা মোৰ ডাঙৰ ছোৱালী নয়নৰ বায়েক।


ধুনীয়া মানুহ দুজনীৰ ভৰিত ধৰি মই আৰ্শীবাদ লোৱাৰ চেষ্টা কৰিলো। 

" হ'ব, হ'ব.. সদায় যাতে সুখত থাকা"


মোক সুখী হোৱাৰ আৰ্শীবাদ দি তেওঁলোক গলগৈ।

সন্ধিয়া দৰা ঘৰৰ পৰা পঠিয়াই দিয়া গাড়ী খন আহি আমাৰ চোতালত ৰলহি। মোৰ বুকুত অথনিৰে পৰা গুজৰি-গুমৰি থকা দুখবোৰ গাড়ী খন দেখি উজাই আহিল। চকুৰ কোনত জমা হোৱা পানী বোৰ বাৰিষাৰ  ঢল হৈ নামি আহিল। ইমান সময়ে মোৰ পৰা লুকাই লুকাই কান্দি থকা মায়ে মোক সাবতি ধৰি ইনাই- বিনাই কান্দিবলৈ ধৰিলে।আমাক সহযোগ কৰিলে দেউতা, ভন্টি আৰু আম গছৰ তলত বহা মেলখনৰ মোৰ আপোন মানুহ কেইজনীয়ে।


মন্দিৰত আমালৈ অপেক্ষা কৰিছে নয়ন আৰু তেওঁৰ পৰিয়ালটোৱে। উৰনিৰ তলৰে মই নতুন মানুহবোৰক এবাৰ চাবলৈ চেষ্টা কৰিলো। দুই তিনিখন চিনাকি মুখৰ বাদে সকলো অচিনাকি।

হোমৰ জুই, পুৰোহিতৰ মন্ত্ৰ, আয়তীৰ উৰুলি আৰু ভগৱানক সাক্ষী কৰি নয়ন মোৰ স্বামী হ'ল।  মা ,দেউতা ,ভন্টি আৰু মোৰ আপোন গাঁও খনৰ আপোন মানুহবোৰক এৰি অচিনাকি পৃথিৱীখনলৈ আগবাঢ়িলো। 


(আগলৈ)

বিঃদ্ৰঃ কলিয়াবৰ নিবাসী সন্মানীয় ডিম্পী মহন্ত ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages