মন ময়ূৰীৰ বিয়া (খণ্ড নং ১৪) - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, February 7, 2021

মন ময়ূৰীৰ বিয়া (খণ্ড নং ১৪)


    ওলাই আহিব খোজা ক্ৰন্দনটি হেঁচি ধৰি ময়ূৰীয়ে ৰিক্সাৱালা মনৰ লগত পাৰ্কৰ পৰা ওলাই আহিল | ময়ূৰীৰ চকুৰ পতাত ভাহি উঠিল চকুৰ পানী |


          মন ইন্সপেক্টৰৰ লগত তাই শৈশৱৰ পৰা একেলগে কতোৱা | সঁচাই ভাল ল'ৰা সি | সৰুৰ পৰাই যথেষ্ট সাহসী | হয়টো সেই কাৰনে হয়টো পুলিছৰ চাকৰি পাইছিল সি | কিন্তু আজি ময়ূৰীৰ একমাত্র ভালপোৱাঁ নোপোৱা বাবে সি এই ঠাই এৰি যোৱাৰ কথা ভাৱিছে | নাই তেনে হব দিব নোৱাৰে | তাই তাক মান্তি কৰিব | সি গুছি যাৱ নোৱাৰে |

ৰিক্সাৱালা মনে লক্ষ্য কৰিছিল ময়ূৰীৰ মনটো হঠাত সলনি হৈ গ'ল |

- ময়ূৰী কি হৈছে তোমাৰ ?

- নাই একো নাই

তাই এনে উত্তৰটো দি থলে |

- গা বেয়া নেকি ?

- নহয় !

তাইৰ উত্তৰ দেখি মনে আৰু একো নুসুধিলে | হয়টো তাইৰ কথা পতা মন নাই |


         কিছু সময় মৌন হৈ সিহত আগবাঢ়িল |

- মন তুমি এতিয়া যোৱা |

মনৰ ৰুমৰ গেটত ময়ূৰীয়ে গাড়ী ৰখালে | আৰু মনে গাড়ীৰ পৰা নামি দিলে | লগে লগে ময়ূৰীয়ে গাড়ী চলাই দিলে | ময়ূৰী গ'লগৈ | দুয়োৰো মাজত আৰু কোনো ধৰনৰ কথাই নহ'ল | মনে ৰুমত আহি এনে বিচনাত পৰিলে |


আজি মনক ময়ূৰীৰ মুখ খনিয়ে বৰকৈ আমনি কৰিছে | বহুত মৰম লগা ,সাধাৰণ ধৰনে জীৱন ধাৰন কৰা এজনী ছোৱালী | হয় লাহে লাহে সিওঁ তাইৰ প্রতি দুৰ্বল হৈ পৰিছে | এনেকুৱা লাগিছে তাৰ যেন প্রতিটো পল অনুপল ময়ূৰী তাৰ কাষতে থাকক | সি ও ময়ূৰীৰ প্রেমত পৰিছে | জীৱনত প্রথম প্রেম এয়া তাৰ | প্রথম প্রেমৰ অনুভুতি | তেনেতে তাৰ ফোনটো বাজি উঠিল -

- হেল্ল'

- মন তোমাৰ বস্তু কেইটা মোৰ গাড়ীত ৰৈ গৈছে | ৰুম ৰ সন্মুখলৈ ওলাই আহাছোন |

ময়ূৰীয়ে ফোন কৰিছিল | ময়ূৰীয়ে কিনি দিয়া কিছু সামগ্রী গাড়ীতে ৰৈ আহিছিল | সি বাহিৰলৈ ওলাই গ'ল | আৰু ময়ূৰীৰ হাতৰ পৰা পলিঠিন টো লব লওঁতে দেখিলে ময়ূৰীৰ কাষত মন ইন্সপেক্টৰ | মনৰ হাত খন কপিছিল | তথাপি নিজক সংযম কৰি পলিঠিনটো ল'লে | ময়ূৰীয়ে তাক এষাৰ মাত ও নিদিলে | তেনেকে ময়ূৰীৰ গাড়ী চলি গ'ল |


               ৰিক্সাৱালা মন কিবাকে নিজৰ ৰুমত সোমালে | আৰু ময়ূৰীয়ে দিয়া টোপোলাটো সি বিচনাত দলি মাৰি দিলে | তাৰ মনত অযুত প্রশ্ন ই বাহ ল'লে | ময়ূৰীয়ে ইন্সপেক্টৰ মনক হে চাগে ভালপায় | তেন্তে তাক তাই কিয় ভালপাওঁ কৈছিল,কিয় দুৰ্বল হোৱা বুলি কৈছিল | আচলতে চাগে ময়ূৰীয়ে তাক বন্ধু হিচাপে হে ভালপাব বিচাৰিছিল | সিয়ে চাগে কথাটো বেলেগ কৈ বুজিলে | 

তাৰ অন্তৰ খন ভাগি গ'ল ,সি যেন লাহে লাহে দুৰ্বল হৈ পৰিছিল ময়ূৰীৰ বাবে | কিন্তু আজি !

" তেন্তে তাই তাক কিয় ইমান মৰম কৰিছিল,কিয় বস্তবোৰ কিনি দিছিল,কিয় থাকিবলৈ ৰুমৰ ব্যৱস্থা কৰি দিছিল !"

সি ভাৱিছিল আচলতে ভুল তাৰ নিজৰ | কিয় সি বাওঁনা হৈ চন্দ্রলৈ হাত মেলিব লাগে | ময়ূৰী ক'ত আৰু সি ক'ত ! ময়ূৰী আৰু ইন্সপেক্টৰ মনৰ হে মিল আছে |


         সি বিচনাত পৰি গাৰুটো সাৱতি কান্দিলে | তাৰ আজি তৰালি আৰু অংকিতলৈ বহুত মনত পৰিলে | ক'ত বা আছে সিহত,কি খাইছে বা সিহতে |

- ঐ ভাইটি,ভন্টি তহত ক'ত আছ অ ! আহ না মোৰ কাষত এবাৰ | মই নিৰ্দোষী প্রমান হৈছো | তহত গুছি আহ না মোৰ কাষত | আমি আকৌ এখন ঘৰ সাজিম | মই,আকৌ ৰিক্সাচলাম | আহ মোৰ কাষত|

সি হুকহুকাই কান্দি দিলে | তাৰ নিজকে স্বাৰ্থপৰৰ দৰে লাগিল | সি নিজকে ক'লে -


   " মন তই স্বাৰ্থপৰ,তই এটা ভাল ঘৰত থাকিব পাই,ভাল কাপোৰ পিন্ধিব পাই তই তোৰ মৰমৰ অসহায় ভাতৃ-ভগ্নীক পাহৰি গ'লি | কিয় পাহৰি গলি তই যে এজন খাতি খোৱা মানুহ | "

 - নাই নাই মই স্বাৰ্থপৰ হব নোৱাৰো | নাই মই ভাল ঘৰত থাকিব নোৱাৰো | মোৰ ফটা চোলাটো প্রিয় নাই মই,ভাল কাপোৰ নিপিন্ধো | 

সি ময়ূৰীয়ে দিয়া কাপোৰ বোৰ খুলি পেলালে | সি আগৰ তাৰ ফটো ছোলাটো পিন্ধি ল'লে ,ভৰিলৈ কোছাই লোৱা লংপেন্টো পিন্ধি ল'লে |কান্ধত তাৰ চিনাকী গামোছা খন আৰি ল'লে আৰু ৰুমৰ পৰা ওলাই আহিল | সি ময়ূৰীক আৰু কেতিয়াওঁ দেখা নিদিয়ে | যি ময়ূৰীয়ে ইন্সপেক্টৰ মনৰ হে | সি ভায়েক ভনীয়েকক বিচাৰি ওলাই আহিল |


                 ব্রহ্মাপুত্র পানীৰে ভৰি পৰিছিল | কাৰন এতিয়া বাৰিষাৰ বতৰ | বালিচৰৰ ব্রহ্মাপুত্র আৰু পানী ভৰা ব্রহ্মাপুত্রৰ সৌন্দৰ্য বেলেগ বেলেগ | লাহে লাহে যান্ত্রিকতাৰ মহানগৰীত ৰঙীন সন্ধ্যা নামিছিল | লাহে লাহে বেছি ব্যস্ত হৈ পৰিছিল ৰাজপথ্ বোৰ | লাইটৰ প্রতিবিম্ব বোৰ ব্রহ্মাপুত্রৰ পানীত অপৰূপ সৌন্দৰ্যৰে ধৰা দিছিল | ব্রহ্মাপুত্রৰ পাৰত ময়ূৰী আৰু ইন্সপেক্টৰ মন | 

- কোৱা ময়ূৰী তুমি মোক ইয়ালৈ কিয় লৈ আনিছা ?

ইন্সপেক্টৰ মনে ময়ূৰীক প্রশ্ন কৰিছিল |

- মন তুমি তোমাৰ সিদ্ধান্ত সলনি কৰা |

- কোনটো সিদ্ধান্ত ?

- তোমাৰ ট্রেন্সফাৰৰ |

- কিয় ?

- কিয় তুমি নাজানা ?

- মই তোমাৰ কোন হয় ?

- তুমি মোৰ ভাল বন্ধু মন |

- কিয় বন্ধুত্বৰ পৰা প্রেম,বিবাহ হব নোৱাৰে নেকি ?

- পাৰে মন পাৰে | কিন্তু তুমি নুবুজা কিয় ?

- কি বুজিব লাগে ?

- তুমি মোৰ কথা নাজানা মন |

- জানো সেয়েহে মই তোমাক বেছি ভালপাওঁ ময়ূৰী |

- মন !

- অ ময়ূৰী,মই ও তোমাক ভালঘৰ এটাত ৰাখিব পাৰিম,ভাল খুৱাব পাৰিম,ভাল পিন্ধাব পাৰিম |

- মই জানো মন |

- তেন্তে কিয় তুমি মোৰ প্রস্তাৱ মানিব নোৱাৰা ?

- মন ?

- জানা ময়ূৰী | সেই পখিলা খেদা বয়সৰ পৰাই তুমি মই ভাল বন্ধু | তোমাৰ মোৰ ঘৰৰ মাজত ভাল সম্পৰ্ক | এই মনত আছে তোমাৰ ! আমি যে লুকাভাকু খেলিছিলো,দ'ৰা কইনা খেলিছিলো | তুমি যে কইনা হৈছিলা মাৰ চাদৰ খন গোটেই গাত মেৰিয়াই লৈছিলা | মোক যে কৈছিলা

" অ মোৰ দ'ৰাটো ভাত দিছো তোমাক খোৱাহি " মনত আছে তোমাৰ ? আছে ময়ূৰী ?

- আছে মন আছে | সকলোবোৰ কথাই মনত আছে ,কিন্তু এতিয়া যে কথাবোৰ বহুত বেলেগ মন |

সি ময়ূৰীৰ সন্মুখত আহিছিলে | তাইৰ কোমল গাল দুখনত হাত বুলাই কৈছিল |

- ময়ূৰী এতিয়াওঁ পাৰিম | তুমি মোৰ কইনা হবা,মই তোমাৰ দ'ৰা হম | তুমি এতিয়া ও মোক কবা " অ মোৰ দ'ৰাটো "

কথা খিনি কৈ সি ডাঙৰকৈ হাঁহি দিছিল | তাৰ হাঁহিৰ প্রতিধ্বনি হৈছিল ব্রহ্মাপুত্রৰ নিৰৱ পাৰত | ময়ূৰীয়ে ধৰ্য্য হেৰাই পেলাইছিল | তাই চিঞঁৰি মনক কৈছিল |

- বন্ধ কৰা মন | বন্ধ কৰা,,,,,,,,

তাই কান্দি দিছিলে |

- যিবোৰ কথা মাত্র এটা সপোন,যিবোৰ কথা মাত্র এটা কল্পনা তাক তুমি বাস্তৱ কৰিব চেষ্টা নকৰিবা মন | তুমি বহুত ভাল কইনা এজনী পাবা | বহুত মৰম লগা,মুখত প্রতিপল এটা মিঠা হাঁহি পিন্ধি থকা | এজনী ধুনীয়া মৰম লগা কইনা | 

- চুপ ময়ূৰী আৰু একো নকবা মোক |

- শুনাছোন মন,তুমি খাই ভালপোৱা মাছ ভাজি,মাংস ভাজি বনাই দিব | তুমি ন-কইনাৰ হাতেৰে খাই বহুত তৃপ্তি পাবা |

- বন্ধ কৰা ময়ূৰী | বন্ধ কৰা | 

সি ময়ূৰীৰ ভৰিত হাত থৈ কৈছিল | ময়ূৰীয়ে উচপ খাই উঠিছিল মনৰ অস্বাভাৱিক আচৰনত |

- ময়ূৰী তুমি বিশ্বাস কৰা মই তোমাক বহুত ভালপাওঁ,সেই ন-কইনা জনী তুমি হোৱা না মোৰ | আৰু এটা কথা শুনা ময়ূৰী তোমাক যদি মই নাপাওঁ যিয়ে তোমাক বিয়া পাতিব তাক কাতি দুছেওঁ কৰি মই ব্রহ্মাপুত্র ত ভহাই দিম | মনত ৰাখিবা |

ময়ূৰীৰ বুকুখন কপি উঠিল |

- ময়ূৰী গাড়ীত উঠা |

- মন 

- উঠা

তাই আৰু একো প্রশ্ন নকৰিলে | চিধাই গাড়ীত উঠিল | গাড়ী মনে চলালে | মনে কিছু সময় পাছত মনৰ ঘৰৰ সন্মুখত গাড়ী ৰখাই দিলে | ময়ূৰীৰ যে আজি ভয় ও লাগিছে |

- মন 

- সোমাই আহা | মা ঐ মা

মনে মাকক চিঞঁৰিছিল | কিছু সময় পাছত মাকে চাদৰৰ আছলত হাত মছি ওলাই আহিছিল |

- খুড়ী

- অ ময়ূৰী |

মনৰ মাকে কৈছিল |

- মা ইমান দিনৰ পৰা বিয়াৰ কথা কৈ আছা | আজি মই সিদ্ধান্ত লৈছোঁ বিয়া পাতিম |

আজি মনৰ আচৰনত মাকৰ লগতে ময়ূৰী ও আচৰিত হ'ল |

- মই বিয়া পাতিম কেবল ময়ূৰীক |

ময়ূৰী দুচকুৰে ধূৱলি কুৱলি দেখিলে | মনে এইবোৰ কি কৈছে |

- মন 

তাৰ মাকে কৈছিল |

- অ মা | মই ময়ূৰীক বিয়া পতাৰ সিদ্ধান্ত লৈছোঁ |

- তই পাগল হৈছ নেকি ? আৰু ময়ূৰী তুমি ও আৰু বেলেগ ল'ৰা নাপালা শেষত মোৰ ল'ৰাটো হে পালা |

- নহয় খুড়ী মই ,,,,,

- হব | তুমি যি ভাৱিছা সেই কথা এতিয়াৰ পৰা পাহৰি যোৱা ~

নাই তাই আৰু নোৱাৰিলে | তাই গাড়ীলৈ দৌৰ দিলে | পিছে পিছে মন 

- ময়ূৰী ,ময়ূৰী

নাই ইতিমধ্যে ময়ূৰীয়ে গাড়ী চলাই গুছি গ'ল |


        ময়ূৰীৰ দুচকুৰে মাত্র বাৰিষাৰ ধল নামিছে | তাইৰ কানত মাত্র এটা কথাই বাজি থাকিল " তুমি আৰু বেলেগ ল'ৰা নাপালা,শেষত মোৰ ল'ৰাটো হে পালা "

তাই কেতিয়াওঁ এনে কথাৰ আশা কৰা নাছিলে | গাড়ী চলাই আহি থাকোতে তাইৰ মন ৰিক্সাৱালা লৈ মনত পৰিল | সি কি কৰিছে জানো এতিয়া | তাই স্বাৰ্থপৰৰ দৰে ইমান সময় তাক পাহৰি থাকিলে |তাই ফোনটো উলিয়াই তালৈ ফোন লগালে | কিন্তু মোবাইল বন্ধ আছে | তাইৰ চিন্তা হ'ল | মনৰ আকৌ কি হ'ল সি কিয় মোবাইল বন্ধ কৰিছে | নাই তাই এতিয়া তাৰ ৰুমত যাব | তাই তাৰ ৰুমলৈ গ'ল | ৰুমত গৈ দেখে ৰুমৰ দৰ্জা খোল খাই আছে | তাই কিনি দিয়া কাপোৰ বোৰ বিচনাতে পৰি আছে | আৰু মোবাইলটো ও বিচনাত পৰি আছে | তাই ৰুমৰ মালিকক ও সুধিলে | কিন্তু নাই কোনোৱে গম নাপায় সি ক'ত গ'ল | তাইৰ মগজুই কাম নকৰা হ'ল | তাই আকৌ গাড়ীত উঠিলে | এইবাৰ মন ৰিক্সাৱালাক বিচাৰি যাত্রা কৰিলে | এইফালে নিশা ৰ সময় আগবাঢ়িল অন্য ফালে বৰষুণ |


              তৰালিৰ হাতত এখন মোনা,অংকিতৰ হাতত আনখন মোনা | সিহতে মহানগৰীৰ ৰাস্তাটো পাৰ হব লৈছে | অংকিতে তৰালিৰ হাত খনত ধৰি ৰাস্তা পাৰ হব লৈছে | এইফালে ৰাস্তা সম্পূৰ্ণ ৰূপে ব্যস্ত | তেনেতে স্পীদত অহা এখন গাড়ীয়ে তৰালি আৰু অংকিতক মহতিয়াই থৈ গ'ল | মূহুৰ্ত্ততে দুয়ো দুই ফালে নিঠৰ হৈ পৰি থাকিল | তেজেৰে লুটুৰি পুটুৰি হ'ল দুয়ো |

- ভাইটি,ভন্টি !

নিশাৰ ফুটপাথত মনে চিঞঁৰি উঠিল ,সকলো আচৰিত |


                                                        ক্ৰমশঃ ✍🏻 ৰাগ ৰঞ্জন

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages