আপোনাৰো যদি সন্তান আছে তেন্তে নিশ্চয় এবাৰ পঢ়ি চাব: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, February 7, 2021

আপোনাৰো যদি সন্তান আছে তেন্তে নিশ্চয় এবাৰ পঢ়ি চাব:

তই যেতিয়া মোৰ

পেটৰ ভিতৰত আছিলি,

মেখেলাখনৰ গাঠিটো

টান কৈ নামাৰিছিলো,

তই পেটৰ ভিতৰত

কষ্ট পাবি বুলি,

তই জন্ম হোৱাৰ কিছুদিন পিছত

দেউতাৰাই আমাক এৰি গ'ল ।

তোক বকুত বান্ধি

জীয়াই থকাৰ সপোন দেখিছিলো,

……………

…………………

আন মানুহৰ ঘৰত

ভুই ৰুব যাও

শাওন মাহীয়া ৰ'দত ,

তোক পঢ়াই ডাঙৰ মানুহ

কৰিম বুলি

আশা কৰিছিলো ।

নিজে নাখায় 

তোক খুৱাইছিলো ।

তোৰ মনত আছেনে বোপা ?

তই মেট্ৰিক পৰিক্ষাত

যেতিয়া বহু ভাল ফলাফল কৰিছিলি যে তই

কিমান যে মনত ৰং পাইছিলো মই,

গোহালী উদং কৰি

কলি গাই জনী বেচি

পথাৰৰ মাটি বিক্ৰী কৰি

চহৰত পঢ়িব পঠাইছিলো তোক ,

মনত মাত্ৰ এটাৱে আশা

তই ডাক্তৰ হবি

আমাৰ দৰে দুখীয়াক

চিকিৎসা কৰিবি ।

দেউতা বেমাৰ হৈ মৰি

মোৰ সেন্দুৰ কণ নাইকিয়া কৰিছিল

দুখীয়া হোৱা বাবে ,

আন কোনোৱে যাতে মোৰ দৰে

অভাগিনী নহয় ।

…………………

………………………

সপোন বোৰ পুৰণ হবলৈ

বেছি বাকী নাছিল ,

তই কোৱা বাবে

ঘৰৰ মাটি খিনি

বেচি দিছিলো ।

মাত্ৰ ঘৰটো

বেচিব বাকী আছিল ।

তই সচাকৈ

মোৰ সপোন পুৰণ কৰিলি ।

ডাক্তৰ হ'লি

ভাবিছিলো

মোৰ দুখৰ অন্ত পৰিব ,

সুখৰে এসাজ ভাত খাম ,

জীয়াই থকা দিন কেইটাত

একমান জিৰনী পাম ।

ভবা কথাবোৰ

ভাবি থাকতে গ'ল ,

সুখৰ বেলি উদয় নহ'ল ।

তই মোৰ ওচৰলৈ নহা হ'লি

নিজৰ ইচ্ছা মতে বিয়া পাতিলি,

বিয়াৰ খৱৰটোৱে মোক নেদিলি ।

কিন্তুু কিহৰ বাবে বোপা ?

মই বুজিকে নাপালো অ !

…………

…………… 

অ বোপা

তই এবা আহিবিচোন

ঘৰত খাবলৈ একোকে নাই,

শুৱা বিছনাখনত

বৰষুণ পৰে ,

এবাৰ আহিবিচোন

বোৱাৰীজনীকো লগত লৈ

শুনিছো

তোৰ হেনো ল'ৰা এটা হৈছে

নাতিটোক এবাৰ

মোক লবলৈ নেদিয়া নে ,

মোৰ কোলাত এবাৰ 

পেচাব কৰিব নেদিয়া নে ?

মৰা আগতে 

তহতৰ মুখখন

চাবলৈ

বৰ মন গৈছে অ ,

লঘোণত নো কিমান দিন

জীয়াই থাকিম মই ,

কাম কৰি শক্তি নাই দেহত

কি কৰো

তই এ কোচোন বোপা ,

………

………

অৱশেষত

উজনী মুৱা ৰেল খনত উঠি

হৰেণৰ লগত

তোৰ ঘৰলৈ বুলি

ওলাই ছিলো ,

হৰেণৰ মাকৰ

কাপোৰ যোৰ পিন্ধি ,

তই ভালপোৱা বাবে

হৰেণ হতুৱাই

কলডিল এটা কাটি আনিছিলো

মহাজনৰ বাৰীৰ পৰা ।

এটা সময়ত তোৰ ঘৰ পালো

বোৱাৰী জনীৰ হাতত

তহতলৈ আনা

বস্তুু খিনি দিলো ,

হাতেৰে নুচুলে ,

কাম কৰা ছোৱালীজনীক

কৈ ডাষ্টবিনত পেলাই দিলে ,

মোৰ মনটো

ভাঙি গ'ল অ বোপা ।

………………

……………………

তই যে কৈছিলি

"" মা তই কিয় আহিছা

মোক বিছাৰি ?

মই যাম বুলি ভাবো সদায়

গাওলৈ !!

সময় নাপাও মাঁ………

বিয়াখনত তোক

মাতিব নোৱাৰিলো

বেয়া নাপাবি দে,

এলবাম চোৱাচোন

গোটেই বিয়াৰ ফটো ,

চাৰি কুৰি আইটেমৰ

খানা আছিল ""

চহৰত ভিতৰত ডাঙৰ বিয়া বুলি কব পাৰি

সকলোৱে বিয়া খায়

বা বা দিছে ,

তই দেখোন বুঢ়া হৈ গ'লি মা ,

খোৱা বোৱা ঠিকমতে নকৰা নেকি ?

……………

………………

মোৰ চকুৰে পানী নিগৰি আহিল

বিয়া ফটো

চাৰিকুৰি………

মনত প্ৰশ্ন আহিল

তই মোৰ সন্তান আছিলি নে ?

সকলো পঢ়া মানুহ জ্ঞানী নহয় অ

মই আজি বুজি পালো ।

…………

…………… 

""" মা 

তই ইয়াত থাকিলে

সমাজৰ আগত

কি বুলি চিনাকি দিম অ

বোৱাৰীৰো খং উঠে

নহলে তই গাওলৈ যা ,

যদি গুৱাহাটিত থাকিব মন আছে

অহাকালি লৈ তোক মই

বৃদ্ধাআশ্ৰমত থৈ আহিম ,

কাপোৰ বান্ধি লবি,

যিমান খৰচ লাগে

মই দি থাকিম ।"""

……………

……………

মই গাওলৈ যাব নোৱাৰো

থকা মাটি খিনি

বেচি পেলাইছিলো ,

মই বহুত সুখ পালো

আৰু নালাগে দে অ বোপা

দেখাত ক'লা হোৱা বাবে

বোৱাৰীয়ে কালি

লগৰ মানুহ জনীক

মোক কাম কৰা মানুহ বুলি

চিনাকি কৰাই দিছে ,

তাইতো আনৰ সন্তান দেচোন

আৰু 

তই ?

" মই বৃদ্ধাআশ্ৰমলৈ নাযাও অ বোপা "

এতিয়া ভুতনাথ যাত্ৰা কৰিম

অন্তত মই মৰিলে

ৰাইজৰ মানুহে জ্বলাই দিব !

মনত ৰাখিব অ বোপা

তহতো এদিন বুঢ়া হবি

তহতৰ সন্তানবোৰে

যেতিয়া তই মোক কৰাৰ দৰে

বৃদ্ধাআশ্ৰমৰ কোনোবা চুক এটাত

পেলাই ৰাখিব ,

সিদিনা বুজিবি

বেদনা কিমান হৃদয়ত !

{ মা কোন ? নকলেও হব চাগে

বাকী সকলোবোৰ নিজৰ বিবেক }

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কাৰ্তিক বৈশ্যৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages