অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বান বৰুৱা সহ ভাৰতী কলিতা, অবিনাশ দাস, বিজিৎ দাস, বিপুল বৰাকে আদি কৰি বিশিষ্ট সাংস্কৃতিক কাৰ্যকৰ্তা সকলৰ সহিতে শতাধিক জনে ভাৰতীয় জনতা পাৰ্টিত আজি যোগদান কৰে।
আটাইকেইগৰাকী সাংস্কৃতিক কৰ্মীকে ভাৰতীয় জনতা পাৰ্টিলৈ আন্তৰিকতাৰে আদৰণি জনালে একালৰ জনপ্ৰিয় অভিনেত্ৰী তথা বৰ্তমানৰ বিধায়িকা আঙুৰলতা ডেকাই।
আজি বটদ্ৰৱাৰ দলংঘাটত ভাৰতীয় জনতা পাৰ্টিয়ে আয়োজন কৰা "পৃষ্ঠাপ্ৰমুখ সন্মিলন" তথা যোগদান কাৰ্য্যসূচীত বিধায়িকা আঙুৰলতাৰ ওপৰিও উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা বটদ্ৰৱাৰ পৃষ্ঠাপ্ৰমুখ সন্মিলনৰ তত্বাৱধায়ক মনোজ বৰুৱা, ভাৰতীয় জনতা পাৰ্টি কলিয়াবৰ জিলা সভাপতি অনিল শইকীয়াকে প্ৰমুখ্য কৰি জিলা, মণ্ডল আৰু বুথ পৰ্যায়ৰ কাৰ্যকৰ্তা সকল।
No comments:
Post a Comment