--- ম... মই তোমাৰ ওচৰত হাতযোৰ কৰিছো মো.... মোক এৰি দিয়া প্লিজ ।
--- তোৰ ইমান সাহস তই মোক ও মাৰিব পৰা হলি । তোক মই ...........
এনেতে বাহিৰত দৰ্জাত ধকীয়াই শব্দ আহিল ।
--- উপা ... উপা ... বাবা , কি হৈছে তোমালোকৰ ।
মা.....উপমাৰ যেন জীৱটো ঘূৰি আহিল । তাই পৰি থকাৰ পৰাই মাকক চিঞৰি উঠিল ।
---- মা.......
--- দৰ্জাখন খোলা মা, কি হৈছে তোমাৰ ।
তাইৰ কান্দোন সংমিশ্ৰণ মাতটো শুনি মাকে বুজি পালে তাইৰ যে কিবা এটা হৈছে । তেওঁ পুনৰ কলে ।
---- বাবা . বাবা দৰ্জাখন খোলাচোন । হৈছে কি তোমালোকৰ ।
মাকৰ মাত শুনি যেন অনুৰাগ কিছু শান্ত হল । তাইক এৰি দি সি ঠিয় হৈ উঠিল । এই চেগতে তাই উঠি দৌৰি যোৱা দি গৈ দৰ্জাখন খুলি দিলে ।
--- মাজনী ।
--- মা......
তাই জোৰকৈ মাকক সাৱটি ধৰি কান্দি উঠিল । মাকে ও তাইক সাৱটি ধৰিলে । ভিতৰৰ ফালে চকু পৰিল তেওঁৰ ৰূমটোৰ অৱস্ত দেখি তেওঁ আচৰিত হল । তাতে আৰু অনুৰাগ কিবা কৈ হে যেন ধৈৰ্য্য ধৰি ঠিয় দি আছে । তেওঁ লাহেকৈ উপমাক এৰি দি অনুৰাগৰ ফালে আগবাঢ়ি গল । তাৰ সন্মুখ পাই তেওঁ বুজি উঠিলে যে পুতেকে মদ খাই আহিছে । খং আৰু দুখত তেওঁৰ চকুপানী ওলাই আহিল ।
" ঠাঁচ"
অনুৰাগৰ গালত তেওঁ এটা জোৰে চৰ বহুৱাই দিলে ।
--- এনেকুৱা এটা দিন দেখিবৰ কাৰণে তোক ইমান পঢ়াই শুনাই ডাঙৰ কৰিলোঁ । এয়াই নেকি তোক সৰুৰে পৰা মই দিয়া সংস্কাৰ । ৰাতি দোভাগত মদ খাই মাতাল হৈ আহি এজনী নাৰীৰ ওপৰত হাত উঠাই কি প্ৰমাণ কৰিব বিচাৰিছা তই । এয়া শিক্ষা দিছিলো তোক মই সৰুৰে পৰা । ছিঃ নিজৰে লাজ লাগিছে আজি মোৰ এনেকুৱা এটা সন্তানৰ মা বুলি কবলৈ । এইবোৰ কৰাৰ আগতে তই মোক মাৰি নেপেলালি কিয় । এই নিৰপৰাধী ছোৱালীজনীক এনেকৈ কষ্ট দিবলৈ তোৰ কলিজাতো এবাৰ ও কঁপি উঠা নাই নে ।
খং আৰু দুখত গোটেই মানুহজনীৰে বেলেগ এটা ৰূপ লৈছে । কোনো দিনে পুতেকক তুমি, বাবাৰ বাহিৰে বেলেগ একো কৈ নোপোৱা মানুহজনী আজি তই তই কৈ তাৰ গাত প্ৰথম বাৰৰ কাৰণে হাত তুলিলে ।
--- মনে মনে কিয় আছো এতিয়া । মাৰ মোক ও, মদ খাই বহুত ডাঙৰ মানুহ হৈ আছোঁ নহয় । কি বুজাব বিচাৰিছা তই এইবোৰ কৰি যে যি হয় গল তাত কেৱল উপমাৰ এ দোষ তোৰ গাত কোনো দোষ নাই । তাই যদি দায়ী তাৰ সমানে তই ও দায়ী । তাই নিজে এইখন ঘৰৰ বোৱাৰী হব আগবাঢ়ি অহা নাছিল । আমি গৈছিলোঁ তাইক বোৱাৰী কৰি আনিব । আৰু সিদিনালৈকে তোৰ মনত ভাল ছোৱালীজনী আজি কেনেকৈ ইমান বেয়া হল । এই কাৰণে যে তাই সঁচা কথাবোৰ সকলোকে কৈ দিলে সেই কাৰণে তাই বেয়া হল । আৰে ভগৱানক ধন্যবাদ জনা তোৰ জীৱনত উপমাৰ দৰে এজনী প্ৰবিত্ৰ মনৰ ছোৱালী দিছে । তাই নোকোৱা হলে আমি কোনে ও একো গম নাপালোঁ হয় । কিন্তু কিয় কলে, তাই সকলোবোৰ সঁচা কথা কাৰ কাৰণে কলে, এবাৰ ভাবি চাইছোঁ,,, নাই । কথাবোৰ তাই নিজৰ মাজতে লুকুৱাই ৰাখিব পাৰিলে হয় কিন্তু ৰেখাক যাতে কোনে ও ভুল ভাবি ঘৃণা কৰি নাথাকে সেই কাৰণে নিজৰ কি হব সেয়া অলপ ও নাভাবি সকলো সঁচা কথা কৈ দিলে । বিনিময়ত সকলোৱে তাইক ভুল বুজিলে । আজি তাই সকলোৰে চকুত বেয়া । তাইৰ কাৰণে ৰেখাই আত্মহত্যা কৰিলে এয়াই নো । কিন্তু কোনে ও এবাৰ এইটো কিয় নাভাবে । যে তাই বেচেৰী নিজে নিজেই ৰেখাৰ শপতৰ বান্ধোনত বান্ধ খাই আছিল ।কেতিয়াবা তাইৰ ঠাইত নিজক ৰাখি চাইছোঁ কেনেকৈ আজি সকলো থাকি ও অকলশৰীয়া হৈ জ্বলি জ্বলি জীয়াই আছে তাই । আৰু আজি যদি উপমাই ৰেখাৰ দৰে কিবা এটা কৰিব হয় তেতিয়া কিন্তু তাৰ দায়ী তহঁত সকলোবোৰ হবি ।
খঙতে আৰু বহুত কিবা কিবি কৈ গল মাকে । কোনো উত্তৰ নিদিয়া কৈ মাকৰ কথাবোৰ শুনি বহি পৰিল অনুৰাগ । কি বুজি পালে সি তেওঁ নাজানে কেৱল কৈ গল । এটা সময়ত উপমাক হাতত ধৰি লৈ তেওঁ ৰূমটোৰ পৰা ওলাই গল ।
নিজৰ মাকৰ দৰে গোটেই ৰাতি উপমা তেওঁৰ বুকুৰ মাজত সোমাই উচুপি থাকিল । তাইক সান্তনা দিবলৈ যেন তেওঁৰ ভাষা নোহোৱা হৈছে । নিজে আচৰিত হৈছে তেওঁ তাৰ আচৰণ দেখি ।
পূব আকাশত তেতিয়া সুৰুজৰ ৰঙা কিৰণে ধৰণীৰ বুকু জীপাল কৰি তুলিছে । বিচনাৰ পৰা মাক উঠি বহিল । উপমা তেতিয়া হে অলপ টোপনি গৈছে । তাইৰ নিষ্পাপ মুখখনলৈ চাই তেওঁৰ এটা দীঘল হুমুনিয়াহ ওলাই আহিল । কিমান কষ্ট সহ্য কৰিব আৰু বেচেৰীজনী । তেওঁ উঠি গৈ ঘৰৰ দৈনন্দিন কামখিনি শেষ কৰিলে । গা ধুই নিজৰ ৰুমত সুমাই দেখে উপমা তেতিয়া ও শুই এ আছে । তাইক উঠাই দিব মন নগল তেওঁৰ । তাইৰ সৰলতা ভৰা মুখখন দেখি তেওঁৰ অনুৰাগৰ প্ৰতি আকৌ খঙটো উঠি আহিল । তেওঁ চিধাই সিহঁতৰ ৰুমলৈ গল দেখিলে অনুৰাগ তেতিয়া দুৰ্ঘোৰ টোপনিত লালকাল । বেলেগক কষ্ট দি নিজে এতিয়া আৰামত শুই আছে মনৰ মাজতে কথা কেইটা কৈ টেবুলৰ পৰা পানী জগটো লৈ তেওঁ অনুৰাগৰ মুখত মাৰি দিলে । খোপজোপকৈ উঠি বহিল সি । সন্মুখত মাকক দেখি অলপ আচৰিত হোৱাৰ দৰে মুখৰ ফালে চাই থাকিল ।
--- কি হল ৰাতি কৰা নাটক খন পাহৰি গলি নেকি ।
সি নিমাত লাহে কৈ মাকৰ চকুৰ পৰা চকু নমাই তলমূৰ কৰিলে সি ।
--- এটা কথা কৈ থওঁ এয়ে যাতে শেষ ইয়াৰ পিছত যাতে কোনো দিনে মই আৰু এনেকৈ ৰাতি উঠি আহিব লগা নহয় । আৰু যদি কেতিয়াবা উপমাৰ গাত হাত দিয়া তেতিয়া হলে কিন্তু মতকৈ আৰু বেয়া কোনো নহব । নিৰ্দোষী ছোৱালী এজনীয়ে এনেকৈ কষ্ট পাই থাকিব আৰু মই মনে মনে চাই থাকিম বুলি নাভাবিবি । নামি অহা তললৈ আৰু মোৰ সন্মুখতে ক্ষমা খোজ তাইক ।
সি কিবা কোৱাৰ আগতে মাক তাৰ পৰা গুচি গল ।
বহু দেৰিকৈ সাৰ পালে উপমাই । চকু মেলি তাই অনুভৱ কৰিলে তাইৰ মূৰত ভীষণ বিষ উঠিব খুজি ও তাই পৰি ৰোল বিচনাত । যোৱা ৰাতিৰ কথাবোৰ মনত পৰাত কলিজাটো কোচ খাই আহিল । বুকুৰ মাজত যেন বিষ এটা অনুভৱ কৰিলে । দুচকু সেমেকি উঠিল তাইৰ । এনেতে মাকে আহি মাত লগালে ।
--- উঠিলা মাজনী ....
--- বহু দেৰি হল নেকি মা ।
--- নাই দিয়া উঠা এতিয়া । ফ্ৰেছ হয় আহা । মই চাহ বনাও তুমি নুঠা কাৰণে মই ও চাহ খোৱা এ নাই । আহা সোনকালে ।
--- মা
--- কিবা কবা ।>
--- এওঁ........
--- সি কেতিয়া ওলাই গল মই গমে নাপালোঁ । পুৱা অলপ গালি দি আহিলো তাৰ কাৰণে মোক মাত নিদিয়াকৈ এ ওলাই গল ।
--- মা অনুৰাগ কিয় এনেকুৱা হল । মই কি কৰিলে মোক বুজি পাব ।
--- হব দিয়া মা বেছি এইবোৰ চিন্তা কৰি নাথাকিবা মই আছো নহয় চব ঠিক হৈ যাব । মাথো নিজৰ ওপৰত ধৈৰ্য্য আৰু বিশ্বাস নেহেৰুৱাবা ।
--- মা ....
তাই মাকক সাৱটি ধৰি উচুপি উঠিল । তাইৰ মূৰত হাত বুলাই তেওঁ কলে ।
--- এনেকৈ কান্দি নাথাকে নহয় মা , মই আছো নহয় মই জীয়াই থকাত তোমাৰ লগত কোনো অন্যায় হব মই নিদিও ।
--- মই বহুত lucky অ মা আপোনাৰ দৰে এজনী মা মোৰ লগত আছে ।
--- lucky আমিহে তোমাৰ দৰে এজনী লখিমী বোৱাৰী আমাৰ ঘৰত আছে । তুমি চিন্তা নকৰিবা এদিন সকলোৱে তোমাক আকৌ আগৰ দৰে মৰম কৰিব বুজি পাব ।
উপমাৰ কপালত চুমা এটা দি তেওঁ তাইক সাৱটি ধৰিলে । সচাই এনেকুৱা শাহুৱেক সকলোৰে কপালত নাথাকে । দিনটো ইটো সিটো কামৰ মাজতে পাৰ হল । সন্ধিয়া নামি আহিল আৰু উপমাৰ বুকুখন কোনোবা খিনিত কঁপনি উঠি আহিল । যোৱা ৰাতিৰ দৰে যদি আকৌ । কেনেকৈ সহ্য কৰিব তাই .......
সদায় অহা টাইমত আজি অনুৰাগ ঘৰ আহিল । তাৰ গাড়ী গেটৰ ভিতৰত সোমোৱাৰ লগে লগে অজান ভয় এটাই তাইক হেঁচি ধৰিলে । এনেতে কলিংবেল বাজি উঠিল । মনত ভয় ভয় ভাব এটা লৈ তাই দৰ্জা খুলি দিলে । নাই আজি অনুৰাগে মদ খাই আহা নাই । কিবা যেন এটা বোজা দূৰ হল তাইৰ । এনেতে সি পিছৰ ফালে চাই মাত লগালে ।
--- কি হল আহা আকৌ ।
তাৰ মাতত এজনী ছোৱালী সোমাই আহিল ।
( আগলৈ )
( কোন এই ছোৱালী জনী ? অনুৰাগৰ লগত কি সম্পৰ্ক তাইৰ ? ৰেখাৰ মৃত্যু এতিয়া ও ৰহস্যৰ আবৰত । )
(ধাৰাবাহিক খনৰ ক'ভাৰত - সিমশ্ৰী শইকীয়া,আপোনাৰো ছবি আমাৰ গল্প,উপন্যাস,কবিতা আদিৰ ক'ভাৰত প্ৰকাশ কৰিব বিছাৰে নেকি? অধিক জানিবলৈ এই লিংকত ক্লিক কৰক - www.ছবি প্ৰকাশ.in )
বিঃদ্ৰঃ ছয়গাওঁ নিবাসী সন্মানীয় বন্দনা পাঠক ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment