মা মনসাৰ জন্ম কেনদৰে হৈছিল জানো আহক: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, January 17, 2021

মা মনসাৰ জন্ম কেনদৰে হৈছিল জানো আহক:


মা মনসাক নাগ মাতা বুলা হয়।মা মনসা হৈছে সমস্ত সংসাৰৰ নাগৰ মাতা। মা মনসাৰ কৃপা পালে নাগৰ পৰা ভয় নেথাকে।
বহুতো পুৰাণত মা মনসাৰ বৰ্ণনা পোৱা যায়।বিষ্ণু পুৰাণৰ চতুর্থ খণ্ডত এক নাগ কন্যাৰ বৰ্ণনা আছে, যিয়ে আগলৈ মা মনসাৰ নাম প্ৰচলিত হল। ব্ৰহ্মা বৈভৱ পুৰাণৰ মতে এক নাগ কন্যা আছিল,সেই নাগ কন্যা'ই ভগৱান শিৱ আৰু ভগৱান শ্রী কৃষ্ণৰ ভক্ত আছিল।সেই নাগ কন্যাই বহু বছৰ কাল তপ কৰিছিল। আৰু ভগৱান শ্রী কৃষ্ণ আৰু ভগৱান শিৱৰ মন্ত্র জ্ঞান লাভ কৰিছিল।সেই মন্ত্রই আগলৈ গৈ কল্পতৰু মন্ত্র নাম পায়। 


 মনসা দেৱী সাপৰ সৈতে পদুম ফুলত বহি থাকে। সাত নাগে তেওঁৰ ৰক্ষাৰ বাবে সদায়ে বিদ্যামান থাকে।বহু ছবিত তেওঁক এটি শিশুৰ লগত দেখা যায়।সেই শিশুটি দেৱীৰ পুত্র আস্তিক হয়


এসময়ত ভগৱান শিৱ আৰু মাতা পাৰ্ৱতীয়ে কৈলাশৰ এটি ঐশ্বৰিক হ্ৰদৰ কাষত নৃত্য কৰি আছিল।নটৰাজ দেৱাদিদেৱ মহাদেৱ আৰু আদি শক্তি মাতা পাৰ্ৱতীৰ অলৌকিক নৃত্য'ৰ পৰা এক তেজ পোহৰ উৎপন্ন হল আৰু সেই পোহৰ হ্ৰদত থকা পদুমৰ পাতত পৰিলেগৈ।আৰু পোহৰ দেখি হ্ৰদত থকা নাগ নাগিন আগবাঢ়ি আহিল আৰু সেই অলৌকিক পোহৰক নিজৰ দেহত সামৰি ললে। ইয়াৰপৰাই নাগ কন্যাৰ জন্ম হল যাক নাম দিয়া হল মনসা।ভগৱান শিৱ পাৰ্ৱতীয়ে নিজৰ কন্যাক কৈলাশ্যলে লৈ গল তাতে মনসাই নিজৰ ককায়েক বাচুকীৰ লগত বসবাস কৰিবলৈ ললে.. 


মহাভাৰতত উল্লেখ থকা অনুযায়ী যেতিয়া সমুদ্র মন্থন কৰোতে হলাহল নামৰ বিষ উলাইছিল তেতিয়া সেই বিষ মহাদেৱে পাণ কৰি সমস্ত সৃষ্টিৰ ৰক্ষা কৰিলে। কোৱা যায় যে দেৱী মনসাই মহাদেৱৰ কন্ঠৰ বিষখিনি ৰাখি দিছিল।আৰু তেতিয়া মহাদেৱ মা মনসাৰ ওপৰত সুখী হৈ বৰদান দিলে যে,পৃথিৱী থকালৈকে তোমাৰ পূজা অৰ্চনা চলি থাকিব।

 জয় মা মনসা....

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages