আজি দেশজুৰি আৰম্ভ হোৱা ক'ভিড-১৯ৰ টিকাকৰণ অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ স্বাস্থ্য বিভাগৰ বিষয়াসকলক আনুষ্ঠানিকভাৱে ক'ভিড-১৯ৰ ভেকচিনৰ বাকচ হস্তান্তৰ কৰে।
দেশবাসীক ক'ভিড-১৯ৰ টিকাকৰণ প্ৰদানৰ দিশত সবল নেতৃত্ব দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুখ্যমন্ত্ৰীয়ে আন্তৰিক ধন্যবাদ জনায় আৰু কয় যে- ক'ভিড-১৯ৰ বিৰুদ্ধে সমগ্ৰ বিশ্বজুৰি চলি থকা যুঁজখনত ভাৰতৰ সবল ভূমিকাক এই অভিযানে অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব।
এই টিকাকৰণ অভিযানক বৃহৎ সফলতাত পৰিণত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰে সহযোগিতা কামনা কৰে।
No comments:
Post a Comment