ধুনীয়া মজবুত চুলি একোছা প্ৰত্যেক গৰাকী নাৰীয়েই বিচাৰে৷তাৰ বাবে আমি ঘৰুৱাভাৱে কেনেদৰে চুলিকোছাৰ যত্ন লম জানো আহক৷এই পদ্ধতিটো কেৱল মহিলা বুলিয়েই নহয় পুৰুষে প্ৰয়োগ কৰিব পাৰে৷কাৰণ আজিকালি বেছিভাগ পুৰুষৰ ক্ষেত্ৰতো চুলি সৰাৰ সমস্যাটো দেখা পোৱা যায়৷
ইয়াৰ বাবে আপোনাক লাগিব মাত্ৰ দুবিধ বস্ত৷দুয়োবিধেই ঘৰতেই সহজে উপলব্ধ৷প্ৰথম হৈছে পিয়াঁজ আৰু দ্বিতীয়তে এলভেৰা৷পিয়াঁজৰ ৰসে চুলি সৰা বন্ধ কৰাৰ লগতে নতুন চুলি গজাত সহায় কৰে৷চুলিৰ গুৰি মজবুত কৰে,চুলি পকা কমাই৷এলভেৰা বজাৰতো কিনিব পোৱা যায়৷কিন্ত ঘৰৰ হলে বেছি ভাল৷প্ৰথমে পিহনা বা মিক্সিত মাৰি পিয়াঁজৰ ৰস খিনি উলিয়াই এটা পাত্ৰত থৈ লব।
এতিয়া ঘৰতে এলভেৰা আছে যদি তাৰ পাত এখিলা লৈ কাটাৰেৰে দীঘলীয়াকৈ কাটি চামুচ এখনেৰে এলভেৰাৰ ৰসখিনি উলিয়াই ল'ব৷কাটাৰেৰে কাটিলে ৰসখিনি উলিয়াবলে বেছি সুবিধা হয়৷পিয়াজৰ ৰস থোৱা পাত্ৰটোত এলভেৰা খিনিও দি ভালদৰে মিহলাই লব৷এতিয়া এই পেষ্টটো চুলিৰ গুৰিৰ পৰা ভালদৰে গোটেই চুলিখিনিত লগাব৷লগাই হলে এইদৰে ১ ঘণ্টা মান থৈ দিব৷আৰু পিছত ভালদৰে চেম্পু দি চুলিখিনি ধুই কণ্ডিচনাৰ কৰিব৷চুলিখিনি অলপ শুকোৱাৰ পিছত সম্ভৱ হলে চেৰাম লগাব৷
(ক'ভাৰত - বৃস্তি গগৈ,আপোনাৰো ছবি আমাৰ গল্প,উপন্যাস,কবিতা আদিৰ ক'ভাৰত প্ৰকাশ কৰিব বিছাৰে নেকি? অধিক জানিবলৈ এই লিংকত ক্লিক কৰক - www.ছবি প্ৰকাশ.in )
No comments:
Post a Comment