ভগৱান গণেশৰ বিবাহ কেনেদৰে হৈছিল জানো আহক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, January 13, 2021

ভগৱান গণেশৰ বিবাহ কেনেদৰে হৈছিল জানো আহক : Religious Studies

 

Religious Studies

এসময়ত গণেশৰ পৰশুৰাম সৈতে যুদ্ধ হৈছিল,সেই যুদ্ধত পৰশুৰামৰ কুঠাৰেৰে গণেশৰ দাঁত এটা ভাঙিছিল সেইবাবে ভগৱান গণেশক এক দন্ত বুলি কোৱা হয়।( Religious Studies )

ভগৱান গণেশৰ মূৰটো হাতীৰ আৰু এটা দাঁত ভঙা বাবে কোনো কন্যাই গণেশৰ লগত বিবাহত বহিবলৈ অমান্য হৈছিল।সেইবাবে গণেশ ভগৱানৰ বৰ চিন্তা হৈছিল আৰু আন দেৱতাৰ বিবাহ দেখি-বৰ দুখ কৰিছিল।


তেনেতে এদিন দুখ মনেৰে চিন্তা কৰি থাকোতে ভাৱিলে মোৰ বিয়া নহয় যদি মই আন কাৰো দেৱতাৰ বিবাহ হব নিদো।যেতিয়া আন দেৱতাৰ বিবাহ হয় বিবাহ স্থলীলৈ ভগৱান গণেশ আৰু তেওঁৰ বাহন মোচক (নিগনি) যায় আৰু বিবাহ খন নহবলৈ ভগৱান গণেশৰ সহায়ত মোচকে উৎপাত কৰে। যেনে বিবাহৰ যগ্যত পানী ধালে. কলপুলি উঘালে।ভগৱান গণেশৰ এনেবোৰ উৎপাত সহিব নোৱাৰি দেৱতা গণ মহাদেৱ আৰু মাতা পাৰ্ৱতীৰ ওচৰলৈ গৈ.সকলো কথ বৰ্ণনা কৰে।


তেতিয়া মহাদেৱ আৰু মাতা পাৰ্ৱতীয়ে কয়,এই সমস্যাৰ সমাধান আমাৰ লগত নাই আছে মাথো ব্ৰহ্মাৰ ওচৰতহে।মহাদেৱ আৰু মাতা পাৰ্ৱতীৰ কথা শুনি দেৱতাগণ ব্ৰহ্মাৰ ওচৰলৈ আহে।তেতিয়া ব্ৰহ্মা ধ্যান মগ্নত আছিল,দেৱতাগণক যোৱা দেখি গম পায় ব্ৰহ্মাই ব্ৰহ্মাৰে মানস পুত্রী ৰিদ্ধি আৰু সিদ্ধিক মাতি আনি ভগৱান গণেশৰ ওচৰলৈ লৈ গল।আৰু ভগৱান গণেশক কলে যে তুমি ৰিদ্ধি আৰু সিদ্ধিক শিক্ষা দিব লাগে।ভগৱান গণেশও ব্ৰহ্মাৰ কথা মানি ৰিদ্ধি আৰু সিদ্ধিক শিক্ষা দিবলৈ ললে।( Religious Studies )


 যেতিয়াই ভগৱান গণেশৰ বাহন মোচকে কোনো দেৱতাৰ বিয়াৰ খবৰ আনে তেতিয়া ৰিদ্ধি আৰু সিদ্ধিয়ে বুদ্ধি কৰি কোনো কথাৰ প্ৰসংগ ওলিয়াই গণেশক সেই কথাতে ব্যস্ত্য কৰি ৰাখে।এনেদৰে বহু দিন গল,বহুত দিন যোৱা পাচত এদিন কথাবোৰ মোচকে আৰু ভগৱান গণেশে গম পালে।কথাখিনি গণেশে গম পাওঁতে সেই ঠাইত ব্ৰহ্মা প্ৰকট হৈ সকলো কথা কলে।ৰিদ্ধি আৰু সিদ্ধি তেওঁৰে মানস পুত্রী,তুমি ৰিদ্ধি আৰু সিদ্ধিক বিয়া কৰাবানে? তেতিয়া ব্ৰহ্মাৰ কথাত ভগৱান গণেশ মান্তি হৈ ৰিদ্ধি আৰু সিদ্ধিক বিয়া কৰালে।

 

Religious Studies

 ভগৱান গণেশৰ ৰিদ্ধি আৰু সিদ্ধিৰ ফালৰপৰা দুই পুত্র আছে-শুভ আৰু লাভ... (জয় শ্ৰী গণেশা)

Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages