তাইক ভিতৰলৈ টানি নি ৱালত লগত সমান কৰি লৈ মুখখন তাৰ এখন হাতেৰে হেঁচি ধৰিলে । গাৰ সৰ্বশক্তি প্ৰয়োগ কৰি ও তাই তাৰ বন্ধনৰ পৰা মুক্ত হব নোৱাৰি ভৰিৰে তাৰ দুয়োখন ভৰিৰ মাজলৈ জোৰে মাৰি দিলে ।
" উফ" কৈ এটা শব্দ কৰি সি দুখোজ পিছুৱাই গল । এই চেগতে তাই দৌৰি তাৰ পৰা ওলাই যাব খুজিলে । সি আকৌ তাইক এখন হাতত ধৰি টানি লৈ আহিল । পানী পৰি ঠাইখিনি পিছল হৈ আছিল টানি আনোতে তাই পিছল খাই উবুৰি হয় bartab লাগি মূৰত বহুত জোৰে দুখ পালে মূৰত ঘূৰাই দিয়াৰ দৰে লাগিল তাইৰ লগে লগে । জোৰ কৰি উঠি বহি দুয়োখন হাতেৰে মূৰটো জোৰে হেঁচি ধৰিলে তাই । এই এ যেন উৎপলৰ কাৰণে সুবৰ্ণ সুযোগ । তাইক দাঙি লৈ ৰূমৰ বিচনাত শুৱাই দিলে সি । তাৰ ফালে চাব পৰা নাছিল তাই কাৰণ তাৰ গাত কোনো কাপোৰ নাছিল । চকু মুদি এ তাই যিমান পাৰে হাত ভৰি মাৰি তাৰ পৰা বাছিব চেষ্টা কৰিছিল । কিন্তু সকলো ফালৰ পৰাই তাই হৰি গৈছিল । এটা ভোকাটোৰ জন্তুৰ দৰে জঁপিয়াই পৰিছিল উৎপল ৰেখাৰ ওপৰত...............
তাৰ মুখখনে বিচৰণ কৰি ফুৰিছিল তাইৰ গোটেই শৰীৰৰ ওপৰত । তাৰ মুখৰ পৰা মাথো এটাই কথা ওলাই আছিল ।
" মই তোমাক বহুত ভালপাওঁ ৰেখা" I LOVE YOU .... LOVE U.. মোৰ জান মোৰ কিমান দিনৰ হেঁপাহ তোমাক এনেকৈ পাবলৈ বহুত ভালপাওঁ তোমাক মই "
.....................
এটা সময়ত শান্ত হয় পৰিছিল সি । পৰি ৰৈছিল ৰেখা তেনেকৈ এ বিচনাত ওপৰত নীৰৱ নিৰ্বিকাৰ হয় । দুৰ্বল শৰীৰটোত যেন তিল মাত্ৰ ও শক্তি নাই লৰচৰ কৰিবলৈ । শক্তি নাই তাইৰ কি হৈ গল তাইৰ লগত ভাবিবলৈ । এটা সময় নিজকে ফ্ৰেছ কৰি ওলাই আহিল উৎপল সি দেখিলে তাই তেনেকৈ এ পৰি আছে । সি গৈ তাইৰ কাপোৰবোৰ গাত মেৰিয়াই দিলে । চকু ডাঙৰ কৈ তাৰ ফালে চাই তাই চিঞৰি উঠিল ।
" নাই" ............
হুকহুকাই কান্দি উঠিল ৰেখা । সি গৈ তাইৰ হাত দুখনৰ ধৰি কলে ।
--- মোক ক্ষমা কৰি দিয়া ৰেখা, মোৰ বহুত ডাঙৰ ভুল হল কিন্তু মই তোমাক সচাকৈ বহুত ভালপাওঁ । তুমি মোৰ হৈ যোৱা একেবাৰে মই তোমাক বহুত সুখত ৰাখিম ।
তাৰ কথাবোৰে যেন তাইক আৰু জ্বলা জুইত ঘিউ হে পছন্দ ঘৃণা আৰু খঙেৰে এটা পূৰ্ণহতিয়া চৰ তাৰ গালত বহুৱাই দিলে । চৰ খাই সি যেন আকৌ এটা হিংস্ৰ জন্তু হৈ পৰিল । তাইক পুনৰ বগৰাই ধৰি তাৰ মুখখন তাইৰ তাইৰ সন্মুখত ৰাখি এখন হাতেৰে মোবাইলটো উলিয়াই লৈ দেখাই দিলে তাইৰ লগত কৰা সকলোবোৰৰ ভিডিয় । আৰু কলে ।
---- এয়া মাথো আৰম্ভণি হে । মই বিচৰা ধৰণে যদি নাপাওঁ তেতিয়া হলেতো গম পাইছাই কি হব । এতিয়া চুপচাপ ভাল ছোৱালীৰ দৰে নিজকে ৰেডি কৰি আধা ঘণ্টাৰ ভিতৰত তললৈ নামি আহা । মই তলত ৰৈ আছো ।
কথাখিনি কৈ এ সি তাৰ বেগটো লৈ তললৈ নামি গল । তাই যেন কান্দিব ও পাহৰি গল । লাহে লাহে উঠি গৈ তাই বাথৰুম পালে । shower ৰ তলত কিমান সময় তেনেকৈ ঠিয় হৈ আছিল তাই নাজানে । তেনেতে উৎপল পুনৰ ৰুমত সুমাই আহি কলে । গাড়ী আৰু বেছি দেৰি নাই সোনকাল কৰা ।
যিমান পাৰে নিজকে সহজ কৰি তাই ৰূমৰ পৰা ওলাই আহিল । এটা ও কথা নোপোতাকৈ এ দুয়ো গৈ এটা সময়ত গোলাঘাট পালে । মাহীয়েকক দেখি গুণৰ বহুত ফুৰ্তি । কিন্তু সি বিচাৰি থকা মাহীয়েক জনী যেন এইজনী নহয় । তাইক বায়েকৰ ঘৰত থৈ উৎপল তাৰ পিছ দিনাই ঘূৰি আহিল । তাই এইবাৰ এবাৰৰ কাৰণে ও অনুৰাগহতৰ ঘৰত নগল । আনকি তাইক মাকে নিজে নিবলৈ আহি ও উভতি গল । তাইৰ এনেকুৱা পৰিৱৰ্তন দেখি সকলো আচৰিত হৈ পৰিছে । আনকি তাই আজিকালি অনুৰাগৰ লগত ও ভালকৈ কথা নোপোতা হল । কেইদিন মান পিছত বায়েক ঘূৰি আহিল হস্পিতালৰ পৰা শাহুৱেকক লৈ তেওঁ আগতকৈ বহুত সুস্থ । বায়েক আহি ও তাইৰ সলনি হোৱা ৰূপটো দেখি বাৰে বাৰে প্ৰশ্ন কৰিছিল কি হৈছে তাইৰ । অনুৰাগৰ লগত কিবা লাগিছে নেকি । কাৰো কথাৰে সঠিক উত্তৰ দিব পৰা নাছিল তাই । বায়েক আহি পোৱাৰ দুদিন পিছতে তাই অকলে ঘৰত গুচি আহিছিল ।
কিছুদিনৰ পিছত তাই কিছুমান অলগীতিয়াল কথাত অনুৰাগৰ লগত কাজিয়া কৰি মোবাইলতো ও ভাঙি পেলাইছিল । মাকৰ মোবাইল ও তাৰ নাম্বাৰ ব্লক কৰি দিছিল । উপায় বিহীন হৈ পৰিছিল অনুৰাগ । প্ৰথম লগ পাওঁতে সি উপমাৰ নাম্বাৰতো ৰাখিছিল কিন্তু কোনো দিনে তাইক সি ফোন বা মেছেজ কৰা নাছিল । উপায় নাপাই সি উপমাৰ মোবাইলত ফোন কৰিলে । আৰু ৰেখাৰ ব্যৱহাৰৰ সকলোবোৰ কথা তাইক কলে আৰু সি যে সিহঁতৰ ঘৰত আহি আছে সেইটো কথা ও ৰেখাক জনাব দিলে । ৰেখাৰ এইবোৰ কথা একেবাৰে গম পোৱা নাছিল উপমাই তাই নিজে ও আচৰিত হৈ পৰিল কি হৈছে ৰেখাৰ । তাই লগা লগ ৰেখাহতৰ ঘৰলৈ গল অনুৰাগ অহা খবৰটো দিবলৈ ।
...............
অনুৰাগৰ গাড়ী আহি ৰেখাহতৰ পদূলিতমুখত ৰল । গাড়ীৰ পৰা নামি আহিল অনুৰাগ । তাৰ অনুমান হল ঘৰত যেন কোনো নাই । সি বাহিৰৰ পৰাই ৰেখা বুলি মাতিলে নাই কাৰো মাতবোল নাই । কিন্তু দৰ্জাখন ও এনে জপাই থোৱা আছে সি লাহেকৈ দৰ্জাখন ঠেলি ভিতৰৰ ফালে চালে । কিন্তু ?
এয়া কি দেখিলে সি ???
ৰেখাই লৰা এজন কোলাত বহিলৈ লৰাজনৰ ফালে মুখ কৰি তাৰ ওঁঠত ওঁঠ লগাই যেন অন্য এক জগতত বিচৰণ কৰি ফুৰিছে । ভৰিৰ তলৰ মাতি যেন খহি পৰিল তাৰ নিজকে থিৰে ৰাখিব নোৱাৰিলে সি যেন এটা ভয়ংকৰ সপোন দেখি ঘামি উঠিছে সি চিঞৰি উঠিল অনুৰাগ ।
ৰেখা.........
পিছফালে ঘূৰি চাই অনুৰাগক দেখি আচৰিত হয় পৰিল ৰেখা । নিজকে সংযত কৰি তাই অলপ কঠোৰ সুৰত তাক সুধিলে ।
--- তুমি .. তুমি ইয়াত ?
প্ৰচণ্ড খং, ক্ষোভ , আৰু ঘৃণাত কৈ উঠিল সি ।
--- কিয় বহুত বেয়া সময়ত আহিলো নো ? নহা হলে চাগে তোমাৰ এনেকুৱা এটা ৰূপ চকুৰ আগত ধৰা নপৰিলে হয় ।
টুকুৰা টুকুৰে ভাঙি যোৱা কলিজাটোক যেন ৰখাব পৰা নাই সি । ভেটা ভাঙি ওলাই আহিব ধৰা চকুপানীখিনি যেন বৈ গৈছে দুচকু দি । আবেগ আৰু বিৰক্তিৰে আকৌ কৈ উঠিল সি ।
--- এই ক্ষন্তেকীয়া সুখৰ কাৰণে তুমি মোৰ সঁচা ভালপোৱাক ভৰিৰে মোহাৰি দিলা । যদি তুমি এনেকুৱাই আছিলা কিয় মোৰ ঘৰখনক মোৰ মাক ভাল বোৱাৰী হোৱাৰ সপোন দেখিছিলা । কিয় মিছা ভালপোৱাই দি মোৰ জীৱনটো ধংশ কৰি দিলা । উত্তৰ দিয়া মোক কিয় কৰিলা এইবোৰ কি পালা মোৰ লগত খেলি ।
খং আৰু ঘৃণাৰে মূৰৰ চুলিবোৰ হাতেৰে টানি ধৰিলে সি । সোনৰ সজা ঘৰখন যেন চপৰা চপৰে খহি গৈ চকুপানীৰে সৈতে বৈ গৈছে এফালৰ পৰা । ইমান সময়ে নীৰৱ হয় তাৰ কথা শুনি থকা ৰেখাই এইবাৰ মাত লগালে ।
--- মনে মনে থাকা তুমি মোৰ কি ভাললগা বেয়া লগা একো নাই নেকি । মোৰ কি মন নাযায় আপোনজনৰ লগত অলপ সময় কটাব । অলপ ভাললগা কথা পাতিব । দিছা জানো কেতিয়াবা তুমি মোক সেই সময়খিনি । সুধিছাঁ জানো মই বিচাৰোঁ কি । নাই সোধা কেৱল নিজে তাতেগৈ অকলে bindish enjoy কৰি আছা । মইটো চাব যোৱা নাই তুমি তাত পঢ়ি এ আছা নে কোনোবাৰ লগত enjoy কৰি ঘূৰি এ ফুৰিছা ।
--- চুপ থাকা আৰু এটা শব্দ ও নকোবা । আচলতে ভুল মোৰ তোমাক চকু মুদি বিশ্বাস কৰাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল । আৰু তোমাৰ নিচিনা এজনীৰ পৰা ইয়াতকৈ বেছি ভাল কথা আৰু কি আশা কৰিব পাৰি । আচলতে জুন যেনেকুৱা সি বেলেগক ও তেনেকোৱা বুলি এ ভাবে ।
খং, দুখ, আৰু ঘৃণাত কথাকেইতা কৈ এ সি তাৰ পৰা ওলাই আহিল । গাড়ীৰ কাষত আহি সি দেখিলে উপমা ৰৈ আছে । তাৰ চলচলীয়া চকুহাল আৰু শুকান মুখখন দেখি এ তাইৰ আৰু বুজিব বাকী নাথাকিল ভিতৰত কি হৈছে । সি তাইৰ ফালে এক উদাস চাৱানীৰে চাই ৰল ।
--- উপমা .......
--- হব মোক আৰু একো কব নালাগে মই সকলো জানো ।
--- মই এতিয়া ... ঘৰত কি মুখ দেখুৱাম ।
--- প্লিজ আপুনি অলপ ধৈৰ্য্য ধৰক বলক আমাৰ ঘৰলৈ ।
অনুৰাগ যাব বিচৰা নাছিল যদি ও উপমাই তাক জোৰ কৰি সিহঁতৰ ঘৰলৈ লৈ গৈ তাক অলপ ফ্ৰেছ হব দি ভাতপানী খুৱাই অলপ জিৰণি লব দিলে । সৌজন্যতাৰ খাতিৰত আৰু উপমাৰ মাক দেউতাকৰ জোৰ কৰাত সি সিহঁতৰ ঘৰত ভাত খালে । কিন্তু ভাত খাই এ সি আৰু তাত নৰল । বেদনা গধুৰ মন এটা লৈ সি উভতি আহিল নিজৰ ঘৰলৈ ।
কি হয় গল এইবোৰ হঠাতে কোনে ও একো বুজি নাপালে । ৰেখা এনেকৈ সলনি হয় যাব বুলি কোনেও কল্পনা ও কৰা নাছিল । আৰু এদিন সকলোকে আচৰিত কৰি ৰেখা গুচি গৈছিল উৎপলৰ লগত ।
আগলৈ ......
( ৰেখাৰ জীৱনটো বাৰু সুখৰ হব নে । কেনেকৈ উপমা অনুৰাগৰ পত্নী হল । ৰেখাই কিয় এনেকুৱা এটা সিদ্ধান্ত লব লগা হল ? এই সকলোবোৰৰ উত্তৰ জানিবৰ কাৰণে অপেক্ষা কৰক অহা খণ্ডলৈ । )
ধাৰাবাহিক খনৰ এতিয়ালৈকে প্ৰকাশ পোৱা খণ্ড সমূহ পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.অৰ্ধাঙ্গিনী.in
বিঃদ্ৰঃ ছয়গাওঁ নিবাসী সন্মানীয় বন্দনা পাঠক ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment