এবাৰ গণেশে/ভগৱান শিৱক সুধিলে,পিতা তুমি এনেদৰে-চিতাভষ্ম-লগাই,মুণ্ডমালা পিন্ধি।থাকিলে ভাল নালাগে।মোৰ মাতৃ গৌৰী অৰ্পূৱ সুন্দৰী আৰু আপুনি তেওঁৰ লগত-এনে ভয়ংকৰ ৰূপত..!!
ভগৱান শিৱই গণেশৰ কথা মানি ললে।কিছুসময় পাচত যেতিয়া শিৱই স্নান কৰি আহিলে তেতিয়া তেওঁৰ শৰীৰত ভষ্ম নাছিল,
বিখৰিত হৈ থকা-যটা-পৰিপাতিকে আছিল,ডিঙিত মুণ্ডমালা নাছিল।তেনে ৰূপত মহাদেৱক দেখি সকলো দেৱতা গৰ্ন্দ্ধব শিৱগণ তেওঁক চায়ে ৰল।ভগৱান শিৱৰ সেয়া এনে ৰূপ আছিল,যি ভগৱান বিষ্ণুৰ মোহিনী ৰূপতকেও বহু গুণ ওপৰত আছিল। মহাদেৱে তেঁওৰ সেই ৰূপ কেতিয়াও প্ৰকট কৰা নাছিল.মহাদেৱৰ এই অৰ্পূৱ ৰূপত কুটি কুটি-কামদেৱেৰ ৰূপেও তল পৰি গৈছিল।
গণেশে যেতিয়া মহাদেৱৰ এনে সুন্দৰ ৰূপ দেখি সতভংগ হৈ ৰল আৰু মূৰ দোৱাই কলে,মোক ক্ষমা কৰি দিব পিতা কিন্তু এতিয়া আপুনি আপোনাৰ পূৰ্বৰ ৰূপ ধাৰণ কৰক।
তেতিয়া মহাদেৱে গণেশক সুধিলে কিয় পুত্র ? তুমিয়েটো মোৰ এই ৰূপত চাবলৈ ইচ্ছা কৰিছিলা এতিয়া আকৌ পুনৰ পূৰ্ব ৰূপ-ধাৰণ কৰিবলৈ কৈছা।
তেতিয়া গণেশে মূৰ দোৱাইয়ে কলে ক্ষমা কৰিব পিতা,মোৰ মাতৃতকৈ সুন্দৰ আৰু কোনো হব নোৱাৰে আৰু সেই কথা মই সহ্য কৰিব নোৱাৰো।
গণেশৰ সেই কথা শুনি মহাদেৱে হাঁহি মাৰি-পুনৰ পূৰ্ব ৰূপ ধাৰণ কৰিলে।বহুতো মুনিয়ে নিজৰ অনুভৱৰ দ্বাৰা কয় যে মহাদেৱ শংকৰ ভগৱান শ্ৰী ৰামতকেও সুন্দৰ আছিল। কিন্তু-মহাদেৱে নিজৰ এই অৰ্পূৱ ৰূপটো কেতিয়াও প্ৰকট নকৰে কাৰণ এনে কৰিলে তেওঁৰ প্ৰিয়তম আৰাধ্য শ্ৰী ৰামৰ অৰ্পূৱ ৰূপটোৰ গুণৰ প্ৰশংসা কমি যাব।
ঔম নমাহ শিৱায়..
জয় জয় শ্ৰী ৰাম....
জয় জয় শ্ৰী গণেশ.......
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment