সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, January 3, 2021

সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক


 " ব্ৰহ্মাহৰো ভজন্ত হৰিৰ দুই পাৱে |

  মুকুত সকলো সদা ৰাম নাম গাৱে || "


       স্বয়ং ব্ৰহ্মা আৰু হৰেও হৰিৰ দুই পদত অবিৰাম ভজনা কৰি আহিছে | আৰু সনক সনন্দ আদি মুক্ত পুৰুষ সকলেও সদায়ে হৰি নাম লৈ আহিছে |

       ঈশ্বৰৰ অভেদ মুৰ্ত্তি ব্ৰহ্মা, শিৱইও সদা ঈশ্বৰ কৃষ্ণৰ পদকমলত ভজনা কৰি নিজকে ধন্য কৰিছে | সনক, সনন্দ, সনাতন, সনতকুমাৰ আদি সিদ্ধ সকল, চিৰমুক্ত পুৰুষ | তেৰা সকলেও মুকুতি ৰস পৰিহাৰ কৰি সদা সৰ্বদায়ে কেৱল ৰাম নাম জপ কৰি পৰমানন্দ সুখত মজি আছে | এই মুক্ত পুৰুষ সকলৰ প্ৰকৃততে কোনো সাধন ভজনৰ প্ৰয়োজন নাই, তথাপিতো হৰিনামৰ আনন্দৰস আৰু মহিমাই তেওলোকৰ চিত্ত হৰিৰ চৰণত নিমজাই ৰাখে | এনে দুৰ্লভ হৰি আৰু হৰিনাম ভজনেই কলিকালৰ ভাগ্যৱান জীৱসমূহৰ পৰম ধৰ্ম | কৃষ্ণ কৃষ্ণ....

     ( নামঘোষা ৰসামৃতৰ পৰা উদ্ধৃত )

   সেৱাৰে- পূৰৱী মনি |

No comments:

Post a Comment

Advertisement

Pages