---- ব্যস্ত আছিলা নেকি ?
--- না নাই নাই আহা সোমাই আহা ।
ভণিতাই মনতে মনতে ভাবিলে ৰক্ষা বাছিলোঁ কিবা কৈ অনুৰাগে তাইৰ কথা একো নুশুনিলে । তাই একো নোকোৱাকৈ এ ফোন কাটি দিলে । অনুৰাগ সুমাই আহিল ।
--- কি কৰোঁ ভাবি পোৱা নাই বুজিছা ।
--- কিয় তাইক ডিভোৰ্চৰ কথাটো নকলা নেকি ।
--- কলো ।
--- বঢ়িয়া, এতিয়াৰ পৰা আৰু তুমি তাইক সহ্য কৰি থাকিব নালাগে ।
--- তুমি কোৱাৰ দৰে উপাই ইমান সহজে ডিভোৰ্চৰ কাৰণে মান্তি নহয় ।
--- কি কোৱা ও তুমি,, ইমান avoid কৰিছা তাইক গাত হাত ও তুলিছা তথাপিও তাই কিয় এনেকুৱা এটা সম্পৰ্কত থাকিব বিচাৰিছে মই বুজি পোৱা নাই ।
--- আমি ভাবাত কৈ ও তাই বহুত চালাকী হয় । মাক তাই নিজৰ ফলিয়া কৰি লৈছে কোনো কাৰণতে মাই তাইৰ দোষ দেখা নাপায় । আৰু তাই ইমানখিনি কৰি মোক পাইছে গতিকে তাই মোক ইমান সহজে এৰি নিদিয়ে সেইটো মই ও জানো । তাৰ কাৰণে মই এতিয়া বেলেগ কিবা কৰিব লাগিব ।
--- কি কৰিম বুলি ভাবিছা তুমি ।
--- নাজানো কি কৰো মুঠতে তাইক মই এইখন ঘৰত ৰাখিব নোৱাৰোঁ । তাইক দেখিলে মোৰ গোটেই দেহটো জ্বলি উঠে । তাই মোক কৰা এটা এটা বিশ্বাসঘাটকৰ কথা মনত পৰে, তাইৰ মিছা ভালপোৱা মিছা মৰম, মিছা যত্ন এইবোৰে মোক প্ৰতিপালে শান্তিত থাকিব নিদিয়া হৈছে ।
--- Relax অনুৰাগ, অলপ ধৈৰ্য্য ধৰা চব ঠিক হৈ যাব ।
--- কিমান আৰু নিজকে চম্ভালি ৰাখিম । মোৰ ৰেখা আজি মোৰ কাষত নাই কেৱল এইজনীৰ কাৰণে । আৰু তাই আজি কিমান সুখত আছে । মোৰ ৰেখাক মোৰ পৰা আঁতৰ কৰা এজন এজন মানুহক মই শাস্তি দিম । কাকো বাছি যাব নিদিও মই শেষ কৰি দিম সকলোকে ।
কান্দি উঠে অনুৰাগ । ভণিতা আহি তাৰ কান্ধত হাত এখন থৈ তাক সান্তনা দিয়াৰ চেষ্টা কৰে ।
ইফালে মাকক সাৱটি ধৰি কান্দি কান্দি পাগলী হৈ পৰিছে উপমা । মাকে তাই যিমান পাৰে সান্তনা দিছে কিন্তু তাইৰ ভাগি যোৱা কলিজাটো যেন জোৰা লগাবলৈ সেয়া যোচেষ্ট নহয় ।
চিগাৰেটৰ ধোঁৱাবোৰ ওপৰলৈ উৰুৱাই আকাশৰ ফালে একে থৰে চাই ৰৈছে অনুৰাগে । এনেতে ফোনটো বাজি উঠিল তাৰ ।
--- হেল্ল ।
সিফালৰ পৰা কৈ গল ।
--- দাদা খবৰ এটা আছে ।
--- কি খবৰ ।
--- উৎপল বিবাহিত ।
--- what....... তুমি sure নে উৎপল বিবাহিত যে ।
--- হয় দাদা । প্ৰথমে মই ও বিশ্বাস কৰা নাছিলোঁ পিছত মই নিজে সিহঁতৰ ঘৰত গৈ গম পালোঁ আৰু সিহঁতৰ এটা লৰা ও আছে ।
--- আৰু কি কি গম পালা ।
--- আৰু এটা ডাঙৰ কথা গম পালোঁ যে উৎপলৰ চাকৰি তেজপুৰত হৈছিল । কিন্তু সি বহুত টকা পইচা খৰছ কৰি তাৰ পোষ্টিং গোৱালপাৰাত কৰি লৈছে । কিন্তু দাদা মই এটা কথা বুজি পোৱা নাই উৎপলৰ ইমান টকা নাছিল কোনো মতেহে চলি আছে । মাক নাই দেউতাক ও আজি মোৰো কালি মোৰো । তেতিয়া হলে তাৰ হাতত ইমানবোৰ টকা কৰ পৰা আহিল । আৰু আপুনি কোৱা মানুহকেইজনৰ লগত উৎপলৰ কোনো ধৰণৰ সম্পৰ্ক নাই । ইয়াৰ মাজত এনেকুৱা এজন আছে যি আমাৰ চকুত ধৰা পৰা নাই । নহলে সি চাকৰিৰ টকাৰে ইমান কম সময়ৰ ভিতৰতে ইমান ডাঙৰ ঘৰ গাড়ী এইবোৰ কৰিব নোৱাৰে ।
--- হু.... তুমি ঠিকে কৈছা । বাৰু তাৰ ঘনিয়েক জনী কেনেকুৱা ?
--- তাৰ wife জনী বহুত ভাল দাদা মোৰ সম্ভৱ তাই এইবোৰ কথা একো গম নাপায় । বহুত শান্ত মানুহগৰাকী সি যি কৈ তাকে সঁচা বুলি মানি লৈ ।
--- অ... বুজিলো । আৰু উপমাৰ বিষয়ে কিবা গম পালা নে ।
--- দাদা উপমা বাইদেউৰ লগৰ আগৰ কোনো সম্পৰ্ক নাই উৎপলৰ । আৰু এইখিনি ঠাইৰ মানুহ কোনে ও উপমা বাইদেউক চিনি নাপায় । আৰু মই এদিন বুদ্ধি কৰি উৎপলৰ wife ক ও বাইদেউৰ ফটো দেখিছিলো কিন্তু তেওঁ ও চিনি নাপায় । তেওঁ চিনি নাপাওঁ বুলি মিছা মাতিলে ও তেওঁৰ চকু মুখত মই বুজি পালো হয় কিন্তু তেনেকুৱা একো নাই । গতিকে মই ভাবো এইবোৰৰ মাজত উপমা বাইদেউৰ কোনো সম্পৰ্ক নাই । আপুনি হয়তো বাইদেউক মিছাতে সন্দেহ কৰি আছে ।
--- কথাটো হয় কাৰণ উপমাৰ ইমান টকা নাই যে কোনোবাক টকা দি তাই কাম হাছিল কৰিব । ইয়াৰ মাজত নিশ্চয় আৰু কোনোবা আছে কিন্তু কোন হব পাৰে এনেকুৱা যি ৰেখাৰ ইমান শত্ৰু । মই ভাবতকৈ ও বহুত জটিল হৈ পৰিছে কথাটো । ৰবাচোন তুমি কলা তাৰ wife তাৰ ঘৰৰ মানুহে কোনেও তাৰ এইবোৰ কথা একো কথা গম নাপাই তেতিয়া হলে তাক জামিনত কোনে উলিয়াই আনিলে ।
--- Right দাদা আপুনি ঠিকে কৈছে । মেইন মানুহজন নিশ্চয় সেইজন এ হব যি তাৰ দ্বাৰা এইবোৰ কাম কৰাইছে । আপুনি চিন্তা নকৰিব ইমানবোৰ গম পালোঁ যেতিয়া এইটো ও মই উলিয়াম ।
--- তাক থানৰ পৰা উলিওৱা কোনোবা এজন আছে যি নেকি এই গোটেই খেলখন খেলি আছে । কিন্তু উপমা নহয় কাৰণ তাই সেইকেইটা দিন মোৰ চকুৰ আগতে আছে । তেতিয়া হলে কোন হব পাৰে এইজন ।
--- মই তাৰ লগত যিমান পাৰোঁ free হব চেষ্টা কৰিছোঁ । তাৰ ভাললগা প্ৰতিটো কামতে মই তাৰ লগত ছাতোৰ দৰে লাগি দিছোঁ । চাওঁচোন কিমান দূৰ সফল হব পাৰো ।
--- সাৱধানে কৰিবা যি কৰা, তাৰ যাতে কোনো কাৰণতে তোমাৰ ওপৰত সন্দেহ নহয় ।
--- আপুনি চিন্তা নকৰিব দাদা মই তাক ইমান সহজে সাৰি যাব নিদিও । এতিয়া মই ৰাখিছোঁ কিবা খবৰ থাকিলে মই আপোনাক জনাম ।
--- ঠিক আছে ।
ফোনটো কাটি অনুৰাগে ভাবিব ধৰিলে । কোন হব পাৰে বাৰু এইজন । যি অনুৰাগ আৰু ৰেখাৰ প্ৰেমৰ শত্ৰু আছিল । কথাবোৰ ভাবি ভাবি এ সি ৰুম পালে । ৰুমত সুমাই দেখিলে উপমা তলত এ কাপোৰ এখন পাৰি শুই আছে । সি আহি বিচনাত বহি তাইৰ ফালে এপলক চাই ৰোল । হওক তেওঁ তাৰ মনৰ পৰা এটা সন্দেহ দূৰ হল যে ৰেখাৰ আত্মহত্যাৰ দায়ী উপমা নহয় । মাকে কোৱা কথাটো মনত পৰিল তাৰ ।
--- এবাৰ তাইৰ ঠাইত কিয় নিজকে ৰাখি নোচোৱা তেতিয়া বুজিবা তাই কিমান কষ্টত আছে সকলোৰে আবেহেলা পাত্ৰ হৈ কেনেকৈ জ্বলি জ্বলি জীয়াই আছে । তাইৰ যদি এতিয়া ৰেখাৰ দৰে কিবা এটা কৰি দিয়ে তাৰ বাবে দায়ী কিন্তু তহঁত সকলো হবি ।
মাকে তাইক ঠিকে বুজি পাইছিল সি হয়তো কথাবোৰ বুজাত দেৰি হল । তাই কোৱা প্ৰতিটো কথাৰ সি আজি অৰ্থ বুজি উঠিছে । নিজে সি নিজকে কৈছে ।
""এৰা কি কৰিব বেচেৰী নিজে শপতত বান্ধ খাই আছিল । ছেহঃ এনেই দোষী ভাবি তাইক কষ্ট দিলোঁ ।
মোক ক্ষমা কৰিবা উপা অলপ আৰু সময় দিয়া মোক মই তোমাক তোমাৰ অধিকাৰ নিশ্চয় দিম """
আগলৈ.......
( ৰেখাৰ মৃত্যুৰ কাৰণ জানিবলৈ সক্ষম হব নে অনুৰাগ । কোন আছিল এইজন ফোনত যাৰ ফোন পাই সি উপমাক নিৰ্দোষী বুলি বুজি পালে । কোনেও নজনাকৈ অনুৰাগে কি কৰি আছে এইবোৰ । জানিবলৈ অপেক্ষা কৰক ।)
(ধাৰাবাহিক খনৰ ক'ভাৰত - সিমশ্ৰী শইকীয়া,আপোনাৰো ছবি আমাৰ গল্প,উপন্যাস,কবিতা আদিৰ ক'ভাৰত প্ৰকাশ কৰিব বিছাৰে নেকি? অধিক জানিবলৈ এই লিংকত ক্লিক কৰক - www.ছবি প্ৰকাশ.in )
বিঃদ্ৰঃ ছয়গাওঁ নিবাসী সন্মানীয় বন্দনা পাঠক ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment