গণেশে পূজাত তুলসী কিয় ব্যৱহাৰ কৰিব নালাগে? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, January 20, 2021

গণেশে পূজাত তুলসী কিয় ব্যৱহাৰ কৰিব নালাগে?


তুলসী দেৱী ভগৱান বিষ্ণুৰ বৰ প্ৰিয় আছিল।ইমান প্ৰিয় আছিল যে ভগৱান বিষ্ণুৰ আন এক ৰূপ শালিগ্ৰামৰ বিবাহ তুলসীৰ লগত হৈছিল।আনফালে ভগৱান গণেশৰ তুলসী বৰ অপ্ৰিয় আছিল, ইমানেই অপ্ৰিয় আছিল যে ভগৱান গণেশৰ পূজাত তুলসীক প্ৰয়োগ কৰা নহয়৷

  

 ইয়াৰ সম্বন্ধে পৌৰাণিক কথা অনুযায়ী-

এবাৰ ভগৱান গণেশে গংগা পাৰত তপস্যা কৰি আছিল।তেতিয়াই কন্যা তুলসীয়ে বিবাহৰ সম্বন্ধে বিবাহৰ ইচ্ছা লৈ তীৰ্থ স্থান কৰি ঘূৰি ফুৰিছিল। সেইসময়ত তুলসীয়ে সকলো তীৰ্থ স্থান ভ্ৰমণ কৰি অৱশেষত গংগা পাৰ পালেগৈ।গংগা পাৰতে য়ুৱক গণেশক তেওঁ দেখা পালে,তেতিয়া ভগৱান গণেশ তপস্যাত মগ্ন হৈ আছিল। শাস্ত্ৰ অনুসাৰে তাত থকা ভগৱান গণেশে ৰত্নৰে ভৰা সিংহাসনত বিৰাজমান আছিল।গোটেই দেহতে চন্দনৰ প্ৰলেপ আছিল,তেওঁৰ ডিঙিত ফুলৰ মালা সৈতে স্বৰ্ণ মণি ৰত্নৰ অনেক হাৰ আছিল।কমৰত অত্যন্ত কোমল কপাহী পিতাম্বৰ চাদৰ আছিল।তেনে ৰূপত ভগৱান গণেশক তুলসীয়ে দেখি তেওঁৰ ৰূপত মোহিত হল।আৰু তুলসীৰ মনত ভগৱান গণেশৰ লগত বিবাহত বহাৰ ইচ্ছা জাগ্ৰত হল।

  


তুলসীয়ে বিবাহৰ ইচ্ছা লৈ ভগৱান গণেশৰ তপস্যা ভংগ কৰিলে।তেতিয়া ভগৱান গণেশে তেনেদৰে তুলসীয়ে তপস্যা ভংগ কৰাটো অশুভ বুলি কলে।ভগৱান গণেশে তেতিয়া তুলসীৰ মনৰ ইচ্ছা যানি তেওঁ কলে যে তেওঁ এজন ব্ৰহ্মচাৰী আৰু তুলসীৰ বিয়াৰ প্ৰস্তাৱত সন্মতি নিদিলে।ভগৱান গণেশে তুলসীৰ বিয়াৰ প্ৰস্তাৱ মানি নোলোৱাত তুলসীৰ বৰ দুখ হ'ল আৰু খংত ক্ষুদ্ৰিত হৈ তুলসীয়ে ভগৱান গণেশক সাপ দিলে যে তেওঁ দুগৰাকী বিয়া কৰাব লাগিব বুলি।তুলসীৰ এই কথা শুনি ভগৱান গণেশেও তুলসীক সাপ দিলে যে তোমাৰ বিয়া এক অসুৰৰ লগত হব,তুমি এটা অসুৰৰ পত্নী হবা।


ভগৱান গণেশেৰ এই কথা শুনি তুলসীয়ে ভগৱান গণেশৰ ওচৰত ক্ষমা বিচাৰিলে।তেতিয়া ভগৱান গণেশে তুলসীক কলে যে তোমাৰ বিয়া শংখচুৰ ৰাক্ষসৰ লগত হব।তাৰ পাছত তুমি এবিধ উদ্ভিদৰ ৰূপ লবা,ভগৱান বিষ্ণুৰ তুমি প্ৰিয় হোৱাৰ বাবে এই জগতৰ বাবে জীৱন আৰু মোহ দিব পৰা হবা।কিন্তু মোৰ পূজাত তোমাৰ প্ৰয়োগ কেতিয়াও নহব,মোক তুলসীক আগবঢ়ালে শুভ মনা নহব।আৰু সেইবাবেই ভগৱান গণেশৰ পূজাত তুলসীক বৰ্জিত মনা যায়।

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages