দৈনিক ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, January 19, 2021

দৈনিক ৰাশিফল

 


শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                              ৫মাঘ , মঙ্গল,ইং ১৯জানুৱাৰী ২০২১। 

সূৰ্য্যোদয় ঘ:৬/১৬/১০সূৰ্য্যাস্ত ঘ:৪/৫২/২২


ৰাশি - মীন ৰাশি।

তিথি - শুক্লা ষষ্ঠী ঘ:- ১০/৫৮/৫৫ লৈ.

নক্ষত্ৰ  - উত্তৰভাদ্ৰপদ। ঘ:- ৯/৫৫/১৩ লৈ।

আদ্যঋতু হলে - দুৰ্ভগা যোগ।

যাত্ৰা :- পশ্চিম দিশত নাই ।ঘ:- ১০/৫৮/৫৫ যোৱাত বাযু কোনত নাই।

যোগিনী :- পশ্চিম দিশত  ।ঘ:- ১০/৫৮/৫৫ যোৱাত বাযু কোনত।

মৰণত দোষ:- এপদ। ঘ:- ১০/৫৮/৫৫ যোৱাত দ্বিপদ।

ভক্ষাভক্ষ্য :- তিতা খোৱা নিষেধ।: ঘ: ১০/৫৮/৫৫ যোৱাত তাল খোৱা নিষেধ।


১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ হব, কৰ্মত শুভ হব, নতুন আচনী গ্ৰহণৰ সুযোগ লাভ কৰিব, যদিও কৰ্মত সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়। 

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত বিপৰীত লিংগৰ পৰা সহাৰি লাভ কৰিব,যদিও কৰ্মত সজাগ নহলে সামাজিক সন্মান হানি হব পাৰে,লগতে দেহ মনত সামান্য কষ্ট পোৱাৰ  যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ বাঢ়িব যদিও, কৰ্মত সজাগ নহলে সামান্য জতিলতা বাঢ়িব পাৰে, লগতে সঞ্চিত ধন ক্ষয় হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ,লগতে কৰ্মত সফল হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰাপ্য ধন লাভ হব, কৰ্মত সফল হব, যদিও সজাগ নহলে শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, আত্মীয় পৰিয়ালৰ শুভ হব, লগতে কৰ্মত উন্নতি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত  সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ কৰিব,  কৰ্মত বিপৰীত লিংগৰ পৰা সহায় লাভ কৰিব,  যদিও সজাগ নহলে বন্ধু আৰু আত্মীয় পৰিয়ালৰ লগতে মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম লাভ হব, যদিও সজাগ নহলে সামান্য  গৃহ অশান্তি হব পাৰে, লগতে দেহ মনত সামান্য দু:খ পোৱাৰ যোগ   দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সুখ বৃদ্ধি হব, অৰ্থ লাভ হব, লগতে ভোগ বিলাস বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, লগতে সম্পদ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত সম্পদ লাভ হব, প্ৰতিভা বিকাশৰ সুযোগ লাভ হব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ  বৃদ্ধি যোগ   দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, উত্তম ভোজন লাভ হব, যদিও শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages