১ বিঘা মাটিত প্ৰায় 3000 জোপা aloevera ৰ পুলি ৰুব পাৰি । সেই পুলিবোৰ দুই বছৰ পিছত ডাঙৰ হব আৰু সেইবোৰ জুইচ উলিয়াবৰ বাবে পৰিপক্ক হব ।
প্ৰতিজোপা Aloevera ৰ পৰা প্ৰতি 3 মাহত ভাল জাতৰ হলে 3-4 কিলোঁ পৰ্য্যন্ত Gel পোৱা যায় । বৰ্তমান বজাৰত যদি কেঁচা পাত বিক্ৰী কৰে , তেন্তে 25-30 টকা প্ৰতি কিলোঁ পোৱা যায় ।
মানে এজোপা Aloevera ৰ পৰা প্ৰতি 3 মাহত কমেও 100 টকাকৈ পোৱা যায় । এবিঘাত 3000x100=300000.00 ( 3 লাখ ) টকা প্ৰতি তিনি মাহৰ মূৰে মূৰে পোৱা যায় ।
এইটো হল কেঁচা পাতৰ মূল্য , কিন্তু যদি ইয়াৰ পৰা Gel বা জুইচ উলিয়াই বিক্ৰী কৰা হয় ,
তেন্তে এক কিলোঁ Aloevera পাতৰ পৰা 1 লিটাৰ ৰস উলিয়ায় , তেন্তে ইয়াৰ বজাৰ মূল্য 200 টকা প্ৰতি লিটাৰত । যদি সকলো খৰচ কাটি 100 টকাকৈ ধৰা হয় , তেন্তে কমেও প্ৰতিজোপা Aloevera ৰ পৰা প্ৰতি তিনি মাহৰ মূৰে মূৰে কমেও 300 টকাকৈ আহিব ।এতিয়া প্ৰতি বিঘাত কমেও 900000 লাখ প্ৰতি তিনি মাহৰ মূৰত আহিব ।
বৰ্তমান বজাৰত পোৱা Aloevera Juice ৰ ভিতৰত আটাইতকৈ কম দামৰ হল পতঞ্জলিৰ । তাৰ পিছত আমাৰ ঘৰুৱা ব্ৰেণ্ড 'সঞ্জীৱন'ৰ । বাকী বজাৰত পোৱা বেছিভাগ Aloevera juice ৰ দাম 600 টকাৰ পৰা 2000 টকালৈ প্ৰতি লিটাৰ বিক্ৰী হয়।
Aloevera খেতিৰ বাবে বিশেষ কোনো সাৰ বা কোনো ধৰণৰ বাহিৰা খৰচ নাথাকে । 15 দিনৰ মূৰত এবাৰ পানী দিলেই হৈ যায় । অলপ বালি mix বা 30% বালি থকা মাটিত ই বেছি ভাল হয় ।
বৰ্তমান ৰাজস্থান , গুজৰাট , কৰ্ণাটক আদি ৰাজ্যত ইয়াৰ খেতি বহুত জনপ্ৰিয় হৈছে । পানীৰ ব্যৱহাৰ কম হয় বাবে শুকান অঞ্চলসমূহৰ খেতিয়কে ইয়াক আঁকোৱালি লৈছে ।
বেলেগ খেতিতকৈ বহুত বেছি উপাৰ্জন দিয়া এই খেতিৰ বাবে অসমৰ মাটি বহুত ভাল উপযোগী হয় ।
আমি Aloevera ৰ উন্নত মানৰ পুলি যোগান ধৰিব পাৰো যদি কোনোবাই বিচাৰে । খেতি কিদৰে কৰিব পৰা যায় , এই বিষয়টো সহায় কৰিব পৰা যাব ।
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ(যোগাযোগ - ৮৪৭২৯৯৬৩১৬)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment