--- মই তাৰ নাম সোধা নাই, কৰ পৰা আহি আমাৰ ঘৰত লম্ভিলে সেইটো হে সুধিছো ।
--- হেয় এইজনী সি আমাৰ ঘৰৰ ভাড়াতিয়া ।
--- ভাড়াতিয়া অ মা তুমি আকৌ কেতিয়াৰ পৰা ঘৰভাড়া দিয়া হলা ।
--- এ নহয় অ কথাটো তো ভালকৈ শুন । আচলতে লৰাজন এজন টেট শিক্ষক আমাৰ এইখন স্কুলৰ এ । আৰু ৰজত বৰদেউতাৰে ( স্কুলৰ প্ৰধান শিক্ষক ৰজত ) লৰা জনৰ কাৰণে ভাড়াঘৰ বিচাৰি মোক লগ পালে আৰু লৰাজন থাকিব পৰা কৈ আমাৰ ঘৰত ৰুম হব নে সুধাত মই ও হব বুলি এ কলো । যিহেতু বৰদেউতাৰে তাক চিনি পাই সেই কাৰণে মই ইমান আপত্তি নকৰিলো । আৰু জানো সি বহুত ভাল লৰা এইকেইদিন থাকি এ বাৰীখনৰ বনবোৰ কি ধুনীয়া কৈ চাফা কৰিলে । বজাৰ ও এইকেইদিন সি এ কৰি দি আছে । আৰু আজি দুপৰীয়াৰ পৰাই মটৰতো বেয়া হৈ আছে তাকে ভাল কৰি আছিল বেচেৰাতৈ আৰু তই আহি তাকে চোৰ বুলি মিছাতে এই কাণ্ডখন কৰিলি বেচেৰাতো চাগে কমখন দুখ পাইছে নে । এবাৰ গৈ ক্ষমা খুজি আহিবি ।
--- মই কাৰো ওচৰত ক্ষমা খুজিব নাই । আৰু তুমি চিনি জানি নোপোৱা কোনোবাক কি দৰকাৰত ঘৰত থাকিব দিব লাগে । মই কালি এ খেদিম ইয়াক ঘৰৰ পৰা ।
--- চুপ থাক, খেদিব আহে তাই ।
এই যে আজি বায়েৰৰ ঘৰ কালি বান্ধৱী ঘৰ, ঘূৰি ফুৰো এই মাৰে জনী যে ঘৰত অকলে কেনেকৈ থাকো খবৰ ৰাখো । কথা এটা পাৰিব মানুহ এজন পালো তাকো তাই খেদিব আহে । খেদিবি চোন কেনেকৈ খেদো মই ও চাওঁ ।
--- অ মা সেইজন তোমাৰ কোনজন ভায়েৰৰ পুতেক হয় নে আগৰ জনমৰ তোমাৰ এ লৰা আছিল । এনেকৈ উকালতি কৰিছা যেন তুমি তাৰ চৈধ্য গোষ্টীৰ সকলোকে চিনি পোৱা । মই এটা কথা বুজি পোৱা নাই সি তোমাক কি যাদু কৰিলে এনেকৈ যে একেবাৰে তাৰ বিষয়ে এটা কথা ও তুমি শুনিব নোখোজা ।
--- তোৰ লগত অলগীতিয়াল কথা কৈ থাকিব মোৰ সময় নাই । বেচেৰাটোই চাগে বিষতে কেকাই আছে যিতো হে কোব মাৰিছা । তথাপিও বেচেৰাই তোক এতিয়ালৈ একো এটা কোৱা নাই ভাবচোন বেলেগ হোৱা হলে ইমান সময়ে কি পৰিস্থিতি হল হয় ।
--- অ মা মই তোমাক কি কৰি বুজাও । তুমি ভবাৰ দৰে সকলো মানুহ ইমান সহজ সৰল নহয় তাতে আৰু অচিনাকি ।
--- চুপ ... মনে মনে কো শুনিব সি ।
--- এ শুনিলে শুনোক মই কি তাক ভয় কৰি আছো নেকি । মই তাৰ ঘৰত থকা নাই নহয় সি হে মোৰ ঘৰত আছে ।
--- হেয় চুপ থাক এইজনী ইমান যে মুখখন চলা হৈছে নহয় । মুঠতে মই এটা কথাই জানো তাক তই একো নকবি । চাওঁ আঁতৰ হ ....
তাইৰ আগৰ পৰা উচত মাৰি গুচি আহিল মাক । কি কৰিব কি কব একো ভাবি নাপাই খঙতে ৰুমত ভিতৰতে সুমাই থাকিল তাই । ৰাতি ভাত খাব মাকে তাইক চিঞৰিলে । তাই ভাবিলে ভাত খাই থাকি এ মাকক বুজাব । কিন্তু এয়া কি ?
তাই যোৱাৰ আগতে সেই মানুহজন দেখোন সিহঁতৰ ডাইনিং টেবুলত বহি আছে । উঠি অহা খঙটোক ৰখাব নোৱাৰি তাই তাৰ পৰা গুচি আহিব লওঁতে মাকে মাত লগালে ।--- মাজনী কি হল ।
--- নাই একো হোৱা মোৰ ভোক নাই ।
--- শুনচোন এয়া উৎপল, আমাৰ ঘৰৰ নতুন সদস্য । আৰু আজি মটৰটো বেয়া হোৱা দেখি ভাল কৰিব গৈ বেচেৰাই তোৰ হাতত এ চোৰ বুলি মিছাতে মাৰ খালে । আৰু বাবা এয়া মোৰ সৰু ছোৱালী ৰেখা । মই তোমাক কৈছো এ তাইৰ কথা তাই কেনেকুৱা বেয়া পাই নাথাকিবা ।
--- নাই নাই খুৰী মই বেয়া পোৱা নাই ভুল হৈয়ে আৰু । আৰু মই মাৰটো খাই এ গম পাইছিলোঁ এওঁ যে এইখন ঘৰৰ এ ছোৱালী । ভাল ও লাগিছে এওঁৰ সাহস দেখি । সকলোৰে কিন্তু ইমান সাহস নাথাকে । মোৰ নিজকে lucky অনুভৱ হৈছে ইমান এজনী সাহসী মানুহৰ ঘৰত থাকিব পাই ।
--- হব নেকি অলপ বেছিকৈ কৈছে আপুনি । হব দিয়ক ভাত খাওঁক, মই আহিছো ।
--- তোৰ আকৌ কি ভাত খাব মন নোহোৱা হল ।
--- এওঁ চাগে মই থকাই বেয়া পায় আছে । হব দিয়ক খুৰী মই ৰূমতে গৈ ভাত খাম ।
--- নাই দিয়ক মই আৰু কি বেয়া পাম আচলতে আহোতে ৰেষ্টুৰেণ্টত সুমাই কিবা কিবি খাই আহিলো সেই কাৰণে ভোক নাই, আপুনি খাওক ।
খং উঠিছিল যদি ও ভাতৰ পাতৰ পৰা এনেকৈ এজন মানুহক উঠাই পঠোৱা বেয়া কথা সেই কাৰণে তাই নিজকে অলপ সহজ কৰি কথা কেইটা কলে । মনটোৱে মানি লোৱা নাছিল এজন অচিনাকি মানুহ সিহঁতৰ ঘৰত থকাটো । কিন্তু কি কৰিব তাই মাকে তাক একেবাৰে নিজৰ লৰা দৰে ভাবি লৈছিল ।
এনেকৈ এ দিনবোৰ গৈ থাকিল তাৰ ব্যৱহাৰবোৰ বেয়া নাছিল যদি ও তাই তাক একেবাৰে বিশ্বাসত লব পৰা নাছিল । কিন্তু এদিন হঠাৎ মাকৰ গাটো বহুত বেয়া হৈ পৰিল । পেটৰ বিষৰ উঠিব নোৱাৰা অৱস্থা ওচৰৰ হস্পিতাল খনত দেখাই ও একো সুফল নোপোৱাত মাকক গুৱাহাটীৰ লৈ আহিল । ডাক্তৰে পৰীক্ষা কৰি গম পালে মাকৰ পেটত টিউমাৰ হৈছে অপাৰেচন কৰিব লাগিব । একো উৱা দি নোপোৱা অৱস্থা পৰিল ৰেখা । এফালে বায়েকৰ শাহুৱেকৰ অৱস্থা ইমান ভাল নহয় তাই ও আহি খবৰ লৈ এ গুচি গল ।
সেইটো সময়ত ৰেখাক কোনোবা এজন মানুহৰ বহুতে প্ৰয়োজন হৈছিল আৰু তেতিয়া তাই বেয়া পোৱা মানুহজনে মাকক নিজৰ তেজ দি তাইৰ লগতে সদায় মাকক লগত থাকি মাকক সুস্থ কৰি ঘৰলৈ লৈ আহিছিল । তাই ও মানি লব বাধ্য হৈছিল উৎপল সচাই এজন বহুত ভাল লৰা । বিনা স্বাৰ্থত সি সিহঁতক সহায় কৰি গৈছিল । মাকক ঘৰলৈ লৈ অনাৰ কিছু দিনৰ পিছতে ৰাখি বন্ধন আছিল । তাই উৎপলক ৰাখি বান্ধি নিজৰ ককায়েক বনাই লৈছিল । তাই প্ৰতি দিনৰ সকলোবোৰ কথাই অনুৰাগক কৈ গৈছিল । তাৰ তাইৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল আৰু কোনো দিনে উৎপলৰ বিষয়ে সি ও বেয়া কৈ কোৱা নাছিল । উৎপলে ও জানিছিল যে ৰেখাৰ বিয়া ঠিক হৈ আছে অনুৰাগ নামৰ কোনোবাৰ লগত । দিনবোৰ বহুত ভালকৈ এ পাৰ হৈছিল গৈছিল আৰু উৎপল হৈ পৰিছিল সিহঁতৰ ঘৰৰ এজন এৰাব নোৱাৰা সদস্য । এনেতে এদিন সন্ধিয়া বায়েকে ফোন কৰি কলে ।--- ৰেখা তই যেনেকৈ পাৰো তেনেকৈ এতিয়াই আমাৰ ঘৰত আহ । মাৰ প্ৰেচাৰ হাই হৈ গৈছে মই মাকলৈ গুৱাহাটীৰ আহি আছো গুণক কাষৰ ঘৰৰ থৈ আহিছো । ঘৰৰ মানুহ কোনো নাথাকিলে সি কান্দি দিব । তই এতিয়াই নাইট চুপাৰত আহি যা ।
বায়েকৰ ফোন পাই তাই মাকক কলে । মাকে ও তাইক যাব দিলে যদি ও ৰাতি অকলে এজনী ছোৱালী এনেকৈ গতিকে মাকে উৎপলক লগত যোৱাৰ কথা কলে । তাই ও বেছি একো ভাবি নাথাকি তাৰ লগত এ গুচি আহিল । ৰাতিৰ গাড়ীত দুয়ো একেলগে বহি আহিছিল যদি ও দুয়োৰে মাজত দূৰত্ব বজাই ৰাখি বহিছিল । ৰাতিপুৱা দুয়োতা আহি গুৱাহাটীৰ পাইছিল । হস্পিতাল সুমাই সিহঁতে বায়েকক লগ কৰিলে ।
গোলাঘাট যোৱা গাড়ী তেতিয়া ও বহু দেৰি কৈ আছিল । গতিকে উৎপলে কলে কোনোবা এখন হোটেলত গৈ দুয়ো অলপ ফ্ৰেছ ও হব পাৰিব আৰু লগতে ভালকৈ খাব ও পাৰিব । ৰাতিটো বাছত আহি তাইৰ ও গাতো ধুই পেলাবৰ অলপ ভালকৈ ফ্ৰেছ হব মন গৈছিল গতিকে তাৰ কথাত একো আপত্তি নকৰি দুয়ো গৈ এখন হোটেলৰ ৰুম এটা ঠিক কৰি সুমাই গল । ভাগৰে আৰু টোপনি আৱৰি ধৰিছিল উৎপলক সি ৰুমত সুমাই এ বিচনাত শুই দিলে । সি শুই থকা দেখি তাই গৈ বাথৰুমত সোমাল । আৰু বাথৰূমৰ পৰা ওলাই আহি দেখে সি টোপনি তাই তাক উঠাই দিলে । সি ও টোপনিৰ জালত এ বাথৰুমলৈ বুলি সুমাই গল ।অলপ দেৰি থাকি সি ভিতৰৰ পৰাই তাইক চিঞৰি মাতিলে ।
--- ৰেখা মোৰ বেগৰ পৰা টাৱেলখন উলিয়াই লৈ আহাচোন টোপনিৰ জালতে একো নানা কৈ এ আহিলো ।
হাতখন বাথৰুমৰ বাহিৰলৈ উলিয়াই সি চিঞৰি কলে ।তাই তাৰ টাৱেলখন উলিয়াই তাৰ হাতত তুলি দিলে । লগে লগে টাৱেলখনৰ সলনি তাইৰ হাতত ধৰি সি তাইক ভিতৰলৈ টানি লৈ গল । একো ধৰিব নোৱাৰি তাই মাথো চিৎকাৰ কৰি চিঞৰি উঠিল ।
--- আ........
(আগলৈ )
কি হব গৈ আছে ৰেখাৰ লগত কিবা বেয়া নহয়তো ???
জানিবলৈ অপেক্ষা কৰক 🙏
ধাৰাবাহিক খনৰ এতিয়ালৈকে প্ৰকাশ পোৱা খণ্ড সমূহ পঢ়িবলৈ এই লিংকত ক্লিক কৰক - www.অৰ্ধাঙ্গিনী.in
বিঃদ্ৰঃ ছয়গাওঁ নিবাসী সন্মানীয় বন্দনা পাঠক ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment