( মনে আজি ময়ূৰীক কেনেকে ল'গ পালে পঢ়ক )
- কিন্তু কিয় ?
- ভাইটিক কলেজত লাগে |
- হাৰে তই মোক চিধাই সেই কথাটো কব পৰা নাই |
মন্দাকিনীয়ে বেগ খুচৰি টকা দুইহাজাৰ উলিয়ালে |
- হু ল' |
মনে হাত পাতি লৈছিল যদিওঁ,তাৰ হাত খন কঁপিছিল | মন্দাকিনীক আকৌ কেতিয়া বা পৰিশোধ কৰিব লাগে !
- কিন্তু মই কেতিয়া সুজাৱ লাগিব ?
- ঐ মোক পইচাঁ ঘূৰাই দিব নালাগে,তোক তানে বিপদে মই পাওঁ ন সেয়াই যথেষ্ট | এতিয়া ৰাতি হ'ল ! মই আহো তেন্তে,,,,,,,
- ঠিক আছে |
মনে মাত্র মন্দাকিনীক চাই হাতজোৰ কৰি থাকিলে ।
সি দেখিলে তাৰ চকুৰ পচাৰতে মন্দাকিনী য়ে এখন বিলাসী বাহনত উঠি গুছি গ'ল |
মনৰ যে এটা চিন্তা দূৰ হ'ল | যিজনীয়ে দূৰ কৰিলে সেইজনী সমাজৰ চকুত কলংকিনী | কিন্তু বাস্তৱত যে তাই কেতিয়াওঁ তেনে নহয় মনে আগতেই বুজি পাইছিল | তেনেতে মনে মন কৰিছিল ৰাতি হ'ল | এতিয়া আৰু সি ঘৰলৈ উভতা গাড়ী নাপাব | পিছে সি কি কৰে এতিয়া | উপায় নাই হয়টো সি আজি ফুটপাথ্তে থাকিব লাগিব |
সি দেখিলে ৰাতিৰ ব্যস্ততা কমাৰ ল'গে ল'গে তাৰ কাষেৰে এজন মানুহ খোজ কাঢ়ি গৈ আছিলে |
- দাদা কেইটা বাজিলে |
মানুহ জন ৰৈ গ'ল | আৰু নিজৰ ঘড়ীটোলৈ চালে |
- দহ বাজিৱৰ হ'ল |
- ধন্যবাদ দাদা |
মানুহ জন গ'লগৈ |
দহ বাজিল সি এতিয়া কি কৰিব | হোটেলত কিবা এটা খাই ফুটপাথ্তে পৰিব থাকিব আজি সি | ৰাতিপুৱাঁ সোনকালে ঘৰত যাৱ লাগিব | কাৰন কাইলৈ অংকিতৰ ফৰ্ম ফিলআপ আছে |
সি হোটেলত গৈ ৰুটি ভাজি খালে | বহুত ভোক লাগিছিল আজি | কাৰন চিন্তাতে তাৰ দিনটো আজি একো খোৱা নহ'ল | এতিয়া একমাত্র মন্দাকিনীৰ বাবে তাৰ সকলো চিন্তা নোহোৱা হৈ গ'ল | সি ৰিক্সাখন সদায় থোৱাঠাই দোখৰত থৈ আহিলে | আহি ফুটপাথৰ কাষৰ গছ জোপাত মূৰটো আউজাই অকমান শুৱলৈ ল'লে |
দিনৰ ব্যস্ত মহানগৰী নিশা লাহে লাহে নিজম হৈ আহিলে | গাড়ী মটৰৰ যাতায়ত কমিলে | মাত্র সি দুই এটা কুকুৰৰ ভুক ভুকনি শুনিৱ পালে |
আজি ময়ূৰীৰ জন্মদিন আছিলে | খুৱ শান্ত মৰম লগা ময়ূৰী | পৰোপকাৰী ময়ূৰী সকলো মানুহৰে প্রিয় | উচ্ছ শিক্ষীতা ময়ূৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ সহকাৰী অধ্যাপিকা | বিলাসী ঘৰৰ হ'লে ও ,এটা ভাল চাকৰি হ'লেওঁ ময়ূৰীয়ে সদায় সাধাৰণ জীৱন জাপন কৰে | বিশ্ববিদ্যালয়ত কোনো দিন নিজৰ বিলাসী বাহন লৈ নাহে | আহে সাধাৰণ ৰিক্সাৱালাৰ ৰিক্সাত | ময়ূৰীয়ে মানুহক সদায় আৱিস্কাৰ কৰিৱ চেষ্টা কৰে | কাৰন তাইও জীৱনত প্রতৰণা বিশ্বাসঘাটকতা ৰ বলী |nbsp;
ময়ূৰীয়ে আজি জন্মদিন পালন কৰিছে শুক্ৰেশ্বৰ দেৱালয়ৰ ফুটপাথ ৰ অনাথ মানুহবোৰ আৰু শান্তিবন অনাথ আশ্রমৰ অনাথ ল'ৰা-ছোৱালীবোৰৰ লগত | সেয়েহে আজি তাই ঘৰলৈ উভতি আহোতে কিছু পলম হ'ল | ড্ৰাইভাৰৰ কাষৰ চিটত বহি ময়ূৰী আহি আছিলে | তেনেতে মহানগৰীৰ ষ্ট্রীতলাইটৰ পোহৰত তাই দেখিছিল এজন ফুটপাথৰ মানুহক | লগে লগে তাই ড্ৰাইভাৰক কৈছিলে |
- গাড়ী ৰখোৱাছোন |
ড্ৰাইভাৰে গাড়ী ৰখাই দিছিলে |
- মাজনী কি হ'ল ?
পাছৰ চিটত বহি আছিলে তাইৰ মাক আৰু দেউতাক | দেউতাকে তাইক সুধিছিলে |
- ৰবা দেউতা অকমান সময় |
ময়ূৰীয়ে গাড়ীৰ দৰ্জা খুলি নামি গৈছিল | তাই দেখিছিল এজন মানুহ | খুৱ ক্লান্ত যেন লাগিছিল মানুহ জন | তাই পোহৰত মানুহ জনৰ মুখ খন ভালকৈ চাইছিল | কাৰন তাইৰ উদ্দেশ্য আছিল মানুহ জনক খাৱলৈ কিবা এটা দি যাব |
- হেৰি,,,,,,
তাই তাক মাতিছিলে |
ম'হৰ কামোৰত তাৰ টোপনি অহা নাছিলে | সেয়েহে এবাৰ মাতোতে তাৰ চকু মেল খাইছিল |
- আপুনি ?
তাই তাক ভালকৈ দেখাৰলগে লগে চিঞঁৰি উঠিছিল |
সি ও দেখিছিল সেইজনী দেখোন ময়ূৰী বাইদেউ |
ময়ূৰীয়ে মনক চিনি পাই | কাৰন বহুদিন মনৰ ৰিক্সাত ময়ূৰীয়ে অহা যোৱা কৰিছে | ময়ূৰীৰ চিন্তা হ'ল এদিন সোধোতে মনেটো কৈছিলে তাৰ ঘৰ ৰঙিয়াত | সি সদায় অহা যোৱা কৰে | তেন্তে আজি ফুটপাথত কিয় !
- আপুনি ফুটপাথ্ত যে ?
- নহয় মানে আজি কিবা এটা অসুবিধাৰ বাবে মই ঘৰলৈ যাৱ নোৱাৰিলো |
- আহক
- ক'লৈ
- মোৰ ঘৰলৈ |
- কিন্তু !
- একো নহয় আহক |
মনে চিন্তা কৰিলে কিয় ময়ূৰীয়ে তাক সিহঁতৰ ঘৰত নিৱ বিচাৰিছে | ইমান ধনী মানুহ তাত গৈ সি অপমানিত নহয় টো |
- আহক আকৌ |
ময়ূৰীৰ কথা মতে মনে উঠি আহি গাড়ীৰ কাষ পালে |
- বহক |
ময়ূৰীয়ে আগৰ চিতটো দেখাই দিলে তাক | সি ভয় ভয়কৈ বহিলে |
তাই মাক-দেউতাকৰ লগত পাছত বহিলে |
- মা,দেউতা এয়া এজন ভাল মানুহ | কিন্তু ৰিক্সা চলাই | তেওঁ আজি বিপদত পৰিছে | সেইকাৰনে,,,,
- মাজনী তোৰ এই মানৱতা গুনটোৰ বাবে আমি গৌৰৱ ক'ৰো |
ময়ূৰীৰ হাঁহি এটা ওলাই আহিছিল |
মনে বাৰে বাৰে তাৰ চাৰ্টত নাকটো লগাই চাইছে ঘামৰ গোন্ধ নাইটো | কি যে হ'ব গৈ আছে আজি !
কিছু সময় পাছত গাড়ী খন ৰৈ গ'ল | গাড়ীৰ পৰা ময়ূৰী নামিলে |
- আহক |
মন গাড়ীৰ পৰা নামিলে | আগে আগে ময়ূৰী,পিছত তাইৰ মাক দেউতাক ,তাৰ পাছত মন |
- আহক সোমাই আহক
কথা খিনি কৈ ময়ূৰী কোঠাত সোমাল |
- আহা বোপা
বুলি কৈ ময়ূৰীৰ মাক দেউতাক ও সোমাই গ'ল |
ইমান ধুনীয়া এটা ঘৰ,ইমান ধুনীয়া পৰিবেশ | সি মাত্র তবধ মানি চাই থাকিল | সি ঘৰৰ ভিতৰত সোমাব ভয় খালে |
ময়ূৰী আকৌ ওলাই আহিল |
- আহক আকৌ | কিয় বাহিৰতে ৰৈ আছে ?
- নহয় মানে !
- আহক ,আমাৰ ঘৰত অইন আৰু কোনো নাই ,মই মা আৰু দেউতা |
সি সোমাই গ'ল |
সি মন কৰিলে যে এনেকুৱা এখন ঘৰত থাকিলে পৰিস্কাৰ হৈ থকাটো বাঞ্চনীয় |
- বেয়া নাপায় যদি তাৱেল এখন দিব নেকি ?
- গা ধুৱ ন ?
- উম |
ময়ূৰীয়ে তাক তাৱেল এখন আৰু গামোছা এখন দিলে | সি সিহঁতৰ অত্যাধুনীক বাথৰুমত গা - ধুৱ গৈ বিপদত পৰিলে | একো ধৰিব নোৱাৰিলে সি | দুটাকৈ ডাঙৰ বাল্টিত পানী আছিলে | সেই পানীৰে ধুই সি আহিলে |
আৰু তাক ময়ূৰীয়ে জিৰাবলৈ এটা কোঠা দিলে |
- আপুনি ইয়াতে শুৱ পাৰিব |
সি একো উত্তৰ দিব পৰা নাছিলে |
- দেউতা এতিয়া আলহীক আমনি নকৰিবা কাইলৈ ৰাতিপুৱাঁ কথা হবা |
তাই কথা খিনি কৈ ভাত বাঢ়িবলৈ গ'ল | মন,ময়ূৰী,দেউতাক আৰু মাক একেল'গে ভাত খাৱ বহিলে |
মনে যেন খাৱলৈ বহিও খাৱ পৰা নাই |
- কি হ'ল ভাত খাওঁক | লাজ নকৰিব |
ময়ূৰীয়ে কৈছিলে |
- নাই নাই |
সি তৃপ্তিৰে এসাঁজ খালে | আৰু ময়ূৰীয়ে দেখাই দিয়া কোঠাত সি শুৱলৈ আহিলে |
- এয়া পানী,ৰাতি পিয়াঁহ লাগিলে খাৱ |
- হব বাৰু |
- শুৱক এতিয়া শুভৰাত্রি |
তেতিয়া ৰাতি বাৰ বাজি গৈছিল | এখন কোমল বিচনা য'ত শুই মনে স্বৰ্গপুৰীৰ দৰে অনুভৱ কৰিছিল | সি ভাগৰুৱা দেহটোৰ চকু মুদি দিছিলে |
- সৰু দা ভোক লাগিছে
তৰালিয়ে অংকিতক চিঞঁৰি আছিলে |
- মই নোৱাৰো বনাব,মোক চাকৰ পাইছ নেকি ?
- সৰু দা
- অ তই ও মোক বহুত যন্ত্রণা দিলি | দাদাৰ অনুপস্থিতিত মই ক'তো ফুৰিব নোৱাৰো | যাব নোৱাৰো সকলো তোৰ কাৰনে , মোৰ কি ফুৰিৱ মন নাযায় ,অন্ধ হৈ জন্ম লৈছ | অপদাৰ্থ তহঁত | তহঁত জীয়াই থকাতকৈ মৰি যোৱাই ভাল |
- সৰু দা
- চুপ শুই থাক,একো খাৱ নালাগে তই |
নাই তৰালি য়ে আৰু সহ্য কৰিব নোৱাৰিলে | তাই তাইৰ দোপাট্রা খন ডিঙিত মেৰিয়াই জোৰকৈ তানি ধৰিলে |
" নাথাকো জীয়াই তহঁতৰ বোজা হৈ , সঁচা মই পৃথিৱীত থাকি কৰিম কি ! মোৰ জীৱনৰ একো মূল্য নাই ,মই মৰি যোৱাই ভাল | "
তাই ডিঙিৰ দোপাট্রা খন জোৰকৈ তানি ধৰিলে |
ক্ৰমশঃ
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment