সত্য ঘটনাৰ ওপৰত আধাৰিত এটি হৃদয়স্পৰ্শী প্ৰেম কাহিনী: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, January 26, 2021

সত্য ঘটনাৰ ওপৰত আধাৰিত এটি হৃদয়স্পৰ্শী প্ৰেম কাহিনী:


 নমস্কাৰ, পোন প্ৰথমে মই আপোনালোক সকলোলৈকে হিয়া ভৰা মৰম যাছিলোঁ । মই আজি আপোনালোকৰ মাজত এটি সত্য প্ৰেমৰ কাহিনী লিখিব গৈ আছো । আজিলৈকে মই লিখা প্ৰতিটো কাহিনী এ কাল্পনিক কিন্তু এইটো কাহিনী মোক লিখিবলৈ কৈছে মোৰ অচিনাকি দাদা এজনে তেওঁক মই চিনি নাপাওঁ কিন্তু তেওঁ মোক voice মেছেজ কৰি তেওঁৰ সঁচা দুখলগা কাহিনীটো সকলোকে জনাব দিলে । তেওঁ বৰ্তমান বিবাহিত গতিকে তেওঁৰ নাম ঠিকনা সকলো মই গোপনে ৰাখি তেওঁৰ কাহিনীটো আপোনালোকলৈ আগবঢ়াই দিলোঁ । সঁচা কাহিনী লিখা মোৰ এয়ে প্ৰথম আশা কৰোঁ সকলোৱে আদৰি লব । তেওঁ তেওঁৰ কাহিনীটোৰ নামটো ও লিখি দিছে মোক । 


"" মনে আজি ও বিচাৰে তোমাক গোপনে গোপনে """


---   ঐ উৎপল আহি গল জনেমন সেয়া ছা ।


লগৰ ৰক্তিম আৰু প্ৰকাশ হতে তাইলৈ দেখুৱাই মোক জোকাব ধৰিলে । মই দেখিলো কান্ধত বেগটোৰ ফিটা ডালত ধৰি এখোজ দুখোজকৈ আহি আছে তাই । কিয় জানো তাইক দেখিলে বুকুখন কিবা কঁপি উঠে । বহুত ভালপাও মই তাইক কিন্তু কব নোৱাৰো । সকলোৱে মোক পাৰৰ জিও লৈ অহা বুলি জোকাই । কিয় জানো তাইৰ সন্মুখত গলে মই একো কব নোৱাৰা হয় যাওঁ ।


 ও তাইৰ পৰিচয় মই দিয়াই নাই । তাইৰ নাম ৰেখা কলিতা তেতিয়া তাই H.s frst  year ছাত্ৰী আছিল আৰু মই 2nd year ৰ । তেতিয়া আছিল 2009 চন । 


বহু দিন অপেক্ষা অন্তত আহিল এটা বিশেষ দিন সৰস্বতী পূজা । আৰু মই সেইদিনা সাহস কৰি  তাইক মোৰ মনৰ কথাটো কলো ।


---   ৰেখা তোমাৰ লগত মোৰ অলপ কথা আছে ।


---   কি কথা কোৱা ।


---  মানে এনেকৈ কবলৈ অলপ অসুবিধা হব তুমি অলপ আহিবা নেকি । 


---   কি ইমান ডাঙৰ কথা কোৱা আকৌ ইয়াতে । 


---  হব দিয়া তুমি ব্যস্ত আছা যদি পিছত এ কম ।


এনেকৈ কৈ মই তাৰ পৰা গুচি আহিলো । আৰু লগৰ কেইটাৰ লগত কথা পাতিব ললোঁ । প্ৰায় আধা ঘন্টা মান পিছত আহি মোক মোৰ বন্ধু এজনে কলে মোক বোলে ৰেখাই বিচাৰি আছে । কথাটো শুনি মনটো ভাললাগি গল । আহিব লওঁতেই ৰেখাক দেখিলো তাই আমাৰ ফালে আহি আছে । 


---    উৎপল কিবা কম বুলি কৈছিলা যে মোক । 


---  অ ..  


লগৰ কেইটাৰ ফালে চালোঁ ভয় ও লাগিছে অলপ । যদি না কয় দিয়ে তেতিয়া কি হব । তাই কাষলৈ অহা দেখি এটা এটা বাহানা বনাই লগৰ কেইটা আঁতৰি দিলে আৰু বহুত সাহস গোটাই মই তাইক কলো ।


---   ৰেখা আ মোৰ তোমাক ভাল লাগে । মানে মই তোমাক ভালপাওঁ । 


---   তুমি এইবোৰ কি কৈছা ।আমি ভাল বন্ধুৰ দৰে । 


---  মই নাজানো তোমাক কিয় ইমান ভাল লাগে কিন্তু বহুত বেছি ভালপাওঁ মই তোমাক । বাকী তোমাৰ কথা মই কেতিয়াও তোমাক জোৰ নকৰোঁ । 


---   মই তোমাক কেতিয়াও তেনেকৈ ভবা নাই ।


---  ভাবি চাবা যদি অলপ ও মোক ভাল লাগে মোক কবা ।


তেনেকৈ কয় মই তাৰ পৰা গুচি আহিলো । সেইটো দিন গুচি গল ভাবিলো তাই মোক ভাল নাপায় গতিকে বেছি ভাবি আৰু লাভ নাই । 

কিন্তু আচৰিত ভাৱে তাৰ পিছদিনাৰ পৰাই তাইৰ মোৰ প্ৰতি ব্যৱহাৰবোৰ বেলেগ হব ধৰিলে । কথাই কথাই যেন অভিমান খং । কেতিয়াবা কলেজ নাহিলে লগৰবোৰৰ পৰা খবৰ লোৱা । কাৰণ তেতিয়া মোৰ মোবাইল নাছিল আৰু তাইৰ ও নাছিলে । তেনেকৈ এ তাই নোকোৱাকৈ মোৰ বহুত আপোন হয় পৰিল । মই গম পালোঁ তাই মোক ভাল পাই । মই বহুত দুখীয়া ঘৰৰ লৰা আছিলোঁ । মা দেউতাই মোক বহুত কষ্ট কৰি পঢ়োৱাই আছে । কলেজত মই চাইকেল লৈ এ অহা যোৱা কৰিছিলোঁ । চাওঁতে চাওঁতে আমাৰ সম্পর্ক এটা বছৰ পাৰ হল । বহুত সুখী আছিলোঁ আমি কাজিয়া বুলি আমাৰ মাজত তেনে একো এ নাছিল । মই  H.s. final পৰীক্ষা দিয়াৰ বছৰে এটা একচিডেন্টত মোৰ দেউতাই আমাক এৰি একেবাৰে গুছি গল । ভন্টি আৰু মাৰ দায়িত্ব মোৰ মূৰৰ ওপৰত পৰিল জীৱনত কেতিয়া  হাজিৰা কৰি নোপোৱা লৰাটোই বেলেগৰ ঘৰত কাম কৰি ঘৰ চলাব লগা হল । পৰীক্ষাৰ ৰিজাল্ট ভাল হল কিন্তু মই আৰু পঢ়িবলৈ ক্ষমতা নোহোৱা হল ।


ইমান দুখ আৰু কষ্টৰ মাজত ও তাইৰ খবৰ লবলৈ মই পাহৰা নাছিলোঁ দিনটো কাম কৰি সন্ধিয়া এবাৰ হলে ও তাইক চাবলৈ মই 7..   8.. কিলোমিটাৰ চাইকেল কৰি গৈছিলোঁ ।  সিহঁতৰ ঘৰলৈ ও গৈছিলোঁ কেইবাবাৰ ও মোক সিহঁতৰ ঘৰৰ মানুহে চিনি পোৱা হয় গৈছিল । আৰু  তেনেতে কাষৰ দাদা এজনে মোক গুজৰাট যোৱাৰ কথা কলে ভাল দৰমহা দিব । মই যোৱাটো ঠিক কৰিলোঁ তাইক কলো তাই প্ৰথমে মানা কৰিছিল যদি ও পিছত যাব দিছিল । সিহঁতৰে কাষৰ খুৰী এজনীৰ মোবাইল নাম্বাৰ লৈ মই গুজৰাটলৈ গুচি গলো । তাত গৈ প্ৰথম মাহৰ দৰমহাৰে মোবাইল এটা কিনি ললোঁ । কাৰণ তাইৰ লগত কথা নোপোতকৈ মই থাকিব নোৱাৰো । সময়বোৰ গৈ থাকিল আমি কাম কৰা কোম্পানীতোৰ পৰা ও অলপ দৰমহাৰ বেছিকৈ বঢ়াই দিলে । মই তাইলৈ পইচা পঠাই দিলোঁ এটা মোবাইলৰ লবোৰ কাৰণে । তাই ও বহুত ভাল পালে । ঘৰত কলে তাই নিজৰ পইচা জমা কৰি মোবাইল কিনা বুলি । আমাৰ সম্পৰ্ক তেতিয়া সম্পূৰ্ণ 6 বছৰ হৈছিল । আমাৰ ভালপোৱাৰ কথাটো তাইৰ ঘৰত গম পোৱাৰ পিছত তাইৰ ঘৰত বহুত গালি দিছিল । মোক ফোন কৰা তাই প্ৰায় বন্ধ কৰি এ দিছিল । তাই  B. A. Complete  কৰা বাবে ঘৰত তাইক এটা স্মাৰ্ট ফোন দিছিল । মই লৈছিলো এটা fb  WhatsApp সকলো খুলি লৈছিল তাই । আৰু মই অনুভৱ কৰিছিলোঁ তাই যেন মোৰ পৰা লাহে লাহে আঁতৰি যাব ধৰিছিল । মই ঘৰলৈ অহাৰ ব্যৱস্থা কৰিলোঁ কাৰণ চকুৰ আঁতৰ হলে মনৰ ও আঁতৰ হয় বুলি কয় । অ এটা কথা কোৱাই নাই মই ঘৰলৈ পইচা পঠাই ঘৰ বনোৱাৰ ব্যৱস্থা কৰি আছিলোঁ আৰু ঘৰ প্ৰায় সম্পূৰ্ণ হৈছিল । ভাবিছিলোঁ পইচা অলপ বেছিলৈ আনি ইয়াতে কিবা এটা কৰিম আৰু ইমান দূৰ নাযাওঁ ।


তাইৰ ও পঢ়া শেষ হল গতিকে কিবা এটা কামত লাগি তাইক একেবাৰে নিজৰ কৰি লৈ আহিম । মনত বহুত আশা আৰু সপোন লৈ ঘৰলৈ উভতি আহিলো । কিন্তু মোৰ সপোন আৰু আশা যেন বতাহৰ লগত উৰি গল । ঘৰলৈ অহাৰ পিছদিনাই মই তাইক লগ কৰিবলৈ আমাৰ টাউনলৈ মাতিলোঁ তাই আহিব মন নাছিল যদি ও মই জোৰ কৰাত আহিল । কিন্তু তাই যেন মোৰ আগৰ ৰেখা জনী নহয় সম্পূৰ্ণ বেলেগ ছোৱালী এইজনী । কথাই কথাই মোক যেন তাই কিবা বুজাব বিচাৰি আছে । মই তাইক লগত লৈ কাপোৰৰ দোকান এখনলৈ গলো কাৰণ তাইৰ কাৰণে মই তাৰ পৰা বিশেষ একো অনা নাছিলোঁ । কাপোৰৰ দোকানত সোমাই এ তাই 10.000 টকাৰ কাপোৰ এযোৰ লব বিচাৰিলে । মোৰ লগত পইচা ইমান নাছিল আৰু মই ATM নিয়া নাছিলোঁ গতিকে তাইক অলপ কমৰ কাপোৰ লবলৈ কলো । তাই খং কৰি একো নোলোৱাকৈ গুচি আহিল মই তাইৰ পিছে পিছে ওলাই আহি তাইক কলো ।


---   sorry কলিজা মোৰ লগত ইমান পইচা নাই ও আৰু atm খন ও পাহৰি আহিলো । প্লিজ কিবা এটা লোৱা ।


---    হব মোক আৰু একো নালাগে তোমাৰ দৰে মানুহে নো আৰু কত ভাল বস্তু বিচাৰি পাবা । 


আৰু কিবা কিবি কলে মোক মই বুজিলোঁ তাইৰ খং উঠিছে । একো নোলোৱাকৈ তাই ঘৰলৈ গুচি আহিল । মনটো বহুত বেয়া লাগিল ৰাতি ও তাই মোৰ লগত একো কথা নাপাতিলে । পিছদিনা ৰাতিপুৱাই মই গৈ তাই পছন্দ কৰা কাপোৰযোৰ তাইলৈ লৈ আহিলো আৰু তাইৰ ঘৰলৈ দিবলৈ গলো । এটা কথা কবই পাহৰিছিলোঁ তাইৰ ঘৰত ও মোৰ কথা প্ৰায় গোটেই কেইজনে গম পাইছিল । সিহঁতৰ ঘৰত দেউতাক মাক আৰু সৰু ভাইটি এটা আৰু ভন্টি এজনী আছিল তাই ঘৰৰ ডাঙৰ ছোৱালী । মোক দেখি সিহঁতৰ ঘৰৰ মানুহ যেন সিমান এটা ভাল নাপালে । মোক বাহিৰতে বহিব দি মাক ভিতৰলৈ সোমাই গল আৰু দেউতাকক পঠাই দিলে । দেউতাকে আহি মোক কলে ।


---   কি লাগে তোমাক ইয়াত কিয় আহিছা ইয়ালৈ ।


---  মানে খুড়া ৰেখা নাই নেকি ।


---   তাই নাই আৰু তুমি তাইক লগ কৰিবলৈ দ্বিতীয় বাৰ যাতে আমাৰ ঘৰলৈ নাহা  ৰেখাৰ বিয়াৰ ঠিক হৈছে আৰু এইটো মাহতে আঙুঠি পিন্ধোৱা । তুমি যোৱা এতিয়া ইয়াৰ পৰা ।


 মূৰৰ ওপৰত যেন সৰোগ ভাগি পৰিছিল । ধলং পলং খোজেৰে কোনো মতে ঘৰ আহি পাইছিলোঁ । ৰূমৰ দৰ্জা বন্ধ কৰি হেঁপাহ পলুৱাই কান্দিছিলোঁ । মাই মোৰ দুখ সহিব নোৱাৰি পিছদিনাই সিহঁত ঘৰলৈ গৈছিল । সিহঁতৰ ঘৰৰ লগত কথা পাতি বিয়া ঠিক কৰিবলৈ । তেতিয়া হে আচল কথা ওলাই পৰিছিল যে ৰেখাই নিজে পছন্দ কৰা লৰাৰ লগত হে ঘৰৰ পৰা বিয়া ঠিক কৰিছে । মৰি যাব মন গৈছিল কি কৰোঁ ভাবি পোৱা নাছিলোঁ চাৰিওফালে অন্ধকাৰ দেখিছিলো মাথো । তাই মোক সকলোতে ব্লক কৰি দিছিল তাইৰ লগত কথা পতাৰ কোনো মাধ্যম এ ৰখা নাছিল তাই আনকি আগৰ চিমখন ও বন্ধ কৰি নতুন চিম লগাই তাইৰ হব লগা মানুহজনৰ লগত WhatsApp status দিছিল মোৰ লগৰ বান্ধৱী এজনীয়ে মোক সকলোবোৰ দেখুৱাই দিছিল । কিমান কষ্ট হৈছিল বুজাব নোৱাৰো । তাইৰ আঙুঠি পিন্ধোৱা দিন ঠিক হৈছিল । আৰু তাৰ মাজতে এদিন মই তাইক এবাৰ চাবলৈ সিহঁতৰ ঘৰলৈ গৈছিলোঁ । বুজাব নোৱাৰো কিমান অপমান কৰিছিল সিহঁতৰ ঘৰৰ প্ৰতিজন মানুহে । কিন্তু মই দেউতাকৰ ভৰিত ধৰিছিলোঁ । কৈছিলো ।


---  খুৰা মই আপোনালোকৰ কোনো অসুবিধা কৰিব অহা নাই মই আপোনাৰ ভৰিত ধৰিছো তাইক মাথো শেষ বাৰৰ বাবে এবাৰ চাই এ মই গুচি যাম । 


কান্দি দিছিলো সিহঁতৰ ঘৰতে পিছত তাইক মাকে উলিয়াই লৈ আহিছিল । আৰু তাই কৈছিল ।


---  কি লাগে তোক ইয়াত কিয় আহিছো কি ভাবিছোঁ তোৰ দৰে ভীক্ষাৰী এটাৰ লগত মই বিয়া হম । ইমান কোৱাৰ পিছত ও তই যোৱা নাই লাজ বোলা বস্তুতো নাই নেকি তোৰ চাবি কিন্তু যদি তোৰ কাৰণে মোৰ হব লগা বিয়া খনত কিবা অশান্তি হয় তেতিয়া হলে মই তোৰ ঘৰত গৈ চিপজৰী লম মনত ৰাখিবি ।


---   হব দিয়া ইমান কব নালাগে । তোমাক আৰু জীৱনত কেতিয়াও আমনি নকৰোঁ । কিন্তু তুমি বিচৰা এই কাপোৰযোৰ কেৱল তোমাৰ নামতে আনিছোঁ এইজোৰ দিবলৈ আহিছিলো । যাওঁ দিয়া বহুত সুখী হোৱা তুমি ।


আৰু নৰলো তাত গুচি আহিলো । নাজানো সেই দিনকেইটা কেনেকৈ পাৰ কৰিছিলোঁ । তাই বিয়া হৈ গুচি গল । তাইৰ বিয়াৰ 2বছৰ পিছতে মোক ও মাই ছোৱালী চাই বিয়া পাতি দিলে । কিন্তু মোৰ পত্নীক মই সকলো কথাই কৈছো তাইৰ । আৰু এদিন দুদিনকৈ মোৰ বিয়াৰ ও 6মাহ পাৰ হৈ গল আৰু এদিন হঠাৎ এটা অচিনাকি নাম্বাৰৰ পৰা ফোন আহিল । ফোনটো উঠাই গম পালোঁ ৰেখা । তাই বোলে তাইৰ সংসাৰত সুখী নহয় গিৰিয়েকে মদ খাই তাইৰ গাত হাত উঠাই । এতিয়া বুজি পাইছে তাই কি ভুল কৰিলে । দুখ লাগিছে মোৰ ও বহুত তাইৰ কথা শুনি কিন্তু কি কৰিম মই এতিয়া মোৰ জীৱনত ও যেন এতিয়া কোনোবা এজনী আছে যি মোক বহুত মৰম কৰে গতিকে তাইক মই আৰু কেতিয়াও আগৰ দৰে ভাবিব নোৱাৰো । তাই মোক ফোটো এখন দিছে মই দিয়া কাপোৰযোৰ পিন্ধি । মনটো দুখ লাগিছে বহুত তাইক দেখি । কিয় জানো তাইক মই বেয়াকৈ কব পৰা নাই ভাবি পোৱা নাই কি কৰোঁ মই তাইৰ দুখবোৰ মোক ও দুখ দিছে ।। এয়ে আছিল মোৰ জীৱনৰ প্ৰেম । ভাবি পোৱা নাই কি কৰোঁ এতিয়া কিবা এটা উপায় দিয়া মোক ।।।।    

         সমাপ্ত 


মই তোমাক এটা কথাই কওঁ অতীত সদায় অতীত এ তাক কেতিয়াও বৰ্তমানত ঠাই নিদিব । আপোনাৰ এতিয়া নিজৰ এখন ধুনীয়া ঘৰ আছে মৰমিয়াল এগৰাকী পত্নী আছে গতিকে তাইৰ কথাত মন বেয়া কৰিব লগা আপোনাৰ একো নাই । তাই আপোনাক কিমান কষ্ট দি গুচি গৈছে সেইটো ভাবক আৰু এতিয়া তাই যি দুখ পাই আছে সেয়া তাইৰ প্ৰাপ্য কাৰণ ধনী লৰা বিচাৰি আপোনাৰ সঁচা মৰমৰ ভৰিৰে মোহাৰি গুচি গৈছিল এতিয়া কোনটো নাকেৰে আপোনাক ফোন কৰিছে সেইটো হে মই বুজা নাই । কিন্তু এটা কথা কওঁ আপুনি তাইৰ লগত কথা পতা বন্ধ কৰি দিয়ক নহলে আপোনাৰ সংসাৰত তাৰ প্ৰভাৱ পৰিব আজি আপোনাৰ পত্নীয়ে গম পোৱা নাই কিন্তু এদিন গম পাব তেতিয়া কি কৰিব আপুনি । আৰু তাইৰ বাবে যদি আপুনি আপোনাৰ পত্নীক দুখ দিয়ে সেয়া আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল কৰা হব । 


বিঃদ্ৰঃ ছয়গাওঁ নিবাসী সন্মানীয় বন্দনা পাঠক ডাঙৰীয়াণীয়ে এই গল্পটো আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

2 comments:

Advertisement

Pages