মহিলাৰ যোনিৰে বগা ৰঙৰ তৰল পদাৰ্থ নিৰ্গত হোৱাকে বগাস্ৰাৱ বুলি কোৱা হয় ।বগাস্ৰাৱ যিকোনো সময়তে ওলায় আৰু অতি দুৰ্গন্ধযুক্ত হয় । বগাস্ৰাৱত আক্ৰান্ত মহিলা দিনে দিনে দুৰ্বল হৈ গৈ থাকে আৰু সর্ব শৰীৰ , কঁকাল আদিৰ বিষ অনুভৱ কৰে । টোপনি বেছি লাগিব পাৰে , কাম-বন কৰিবৰ একদম মন নোযোৱা হয় । চুলি সৰে , চকুৰ গুৰি কলা পৰা , মূৰ ঘূৰায় আৰু মাজে মাজে এন্ধাৰ এন্ধাৰ দেখিব পাৰে ।
ঘৰুৱা বিধান :
১. পকা কল এটা , গাখীৰ এগিলাচ আৰু দুই চামুচ মৌ মিহলাই জুইচ বনাই খাওঁক ৰাতিপুৱা খালি পেটত ।
২. ভীম কলৰ কোমল পাত অলপ লৈ সৰু সৰুকৈ কাটি গাখীৰ এগিলাছত ভালদৰে উতলাই ডেৰ মাহ খালে আৰাম পায় ।
৩ .পকা কল ঘিঁউৰ লগত পুৱা-গধূলি খালে বগাস্ৰাৱ ৰোগ সোনকালে ভাল পাব ।
৪ . বট গছৰ পাতৰ এঠা দহ-বাৰ টোপাল মিছৰীৰ লগত মিহলাই কিছুদিন খালে বগাস্ৰাৱ ৰোগ ভাল হয় ।
৫ . শত মূল চূৰ্ণ এক চামুচ লৈ মৌ বা ঘিউৰ লগত খাই পিছত গৰম গাখীৰ খাই দিলে এই ৰোগ দুমাহৰ ভিতৰত ভাল হয় ।
৬. গৰুৰ গাখীৰত তুলসী ৰস ২ চামুচ মিহলাই ৰাতিপুৱা -ৰাতিপুৱা দুমাহ খালে এই ৰোগ আঁতৰ হয় ।
৭ . শুকান আমলখিৰ গুড়ি আৰু যষ্ট মধুৰ গুড়ি মিহলাই এক চামুচ এক গিলাচ গৰম পানীত লৈ ৰাতি শোৱাৰ সময়ত খাব পাৰে ।
ওপৰৰ যিকোনো বিধান এটা বা দুটা একেলগে কৰিব পাৰে । 3 মাহ বা তাতোধিক কৰিলে বেছি ভাল ফল পাব ।
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment