নকল সোণৰ নাওঁ,যীশু খ্ৰীষ্টৰ মূৰ্তি সহ এজন আতক - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 30, 2020

নকল সোণৰ নাওঁ,যীশু খ্ৰীষ্টৰ মূৰ্তি সহ এজন আতক


 নকল সোণেৰে নিৰ্মিত এখন নাওঁ আৰু এটা যীশু খ্ৰীষ্টৰ মূৰ্তিৰ সৈতে এজন প্ৰৱঞ্চক যুৱকক আজি হাতে-লুটে আতক কৰে লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰক্ষীয়ে।

ধৃত যুৱক জন বিহপুৰীয়াৰ ফাটেহপুৰ লাওগাৱৰ জনৈক জলিল বুলি জানিব পৰা গৈছে।


উল্লেখ্য,এনে প্ৰৱঞ্চক সকলে মাটিৰ তলত উদ্ধাৰ হোৱা সোনৰ সামগ্ৰী আধাতকৈও কম মূল্যত বিকিম বুলি অচিনাকি নম্বৰৰ যিকোন ব্যক্তিলৈ ফোন কৰে।

লগতে নানান ধৰনৰ লোভনীয় কথাও কয়।ফলত একাংশ ব্যক্তিয়ে এনে প্ৰবঞ্চক সকলৰ কথাত ভুল গৈ ৰাতিটোৰ ভিতৰতে ধনী হোৱাৰ সপোন দেখে।আৰু অৱশেষত এনেধৰনৰ নকল সোণ ক্ৰয় কৰি প্ৰবঞ্চনাৰ বলি হব লগা হয়।সেয়ে অনাগত দিনত আপোনালৈও এনেধৰনৰ ফোন কল আহিলে পলম নকৰি ততাতৈয়কৈ কাষৰ আৰক্ষী থানাত খবৰ দিয়ক।

No comments:

Post a Comment

Advertisement

Pages