ইয়াৰ আগতে ভগৱানৰ ইমান খঙাল ৰূপ-ধাৰণ কৰাৰ পূৰ্ব কাহিনী লিখিব লাগিব,তেতিয়া হে আচল অৰ্থ ওলাব..
বৈকুন্ঠত শ্রী নাৰায়ণ আৰু লক্ষ্মী দেৱীয়ে অনন্ত শৰ্যাত কথোপকথনত লিপ্ত থকাৰ সময়ত জয়-বিজয় দুৱৰী হৈ আছিল. জয়-বিজয় দুৱৰী হৈ বহুত অহংকাৰী হবলৈ ধৰিলত তেওঁলোকতকৈ সুখী কোনো নাই বুলি অহংকাৰত মত্ত হৈ পৰে..
এদিন বিষ্ণু নথকা সময়ত লক্ষ্মদেৱীয়ে এধাৰী পুষ্প মালা বিষ্ণু অহাৰ লগে লগে-পিন্ধাবলৈ জয়-বিজয়ৰ হাতত দি তেওঁ অন্তেষপুৰত প্ৰৱেশ কৰে.. জয়-বিজয়ে-ফুলৰ সুগন্ধত মুগ্ধ হৈ-ফুলৰ মালাডাল ভক্ষণ কৰে.. বিষ্ণুৰ উপস্থিত লক্ষ্মীয়ে ফুলৰ মালাডাল গলত নেদেখি- ক্ষোভিত হৈ পৰে. জয়-বিজয়ে মালাডাল দিয়া নাই বুলি কোৱাত লক্ষ্মীয়ে খংত অগ্নিশৰ্মা হৈ আসুৰিক স্বভাৱৰ কাৰণে-অসুৰ যোনিত জন্ম হব লাগিছিল বুলি অভিসম্পাদ জাৰি কৰিলে... সেই সময়তে ব্ৰহ্মাদেৱৰ প্ৰথম মানসপুত্ৰই বৈকুণ্ঠপুৰীৰ সৌন্দর্য উপভোগ কৰাৰ লগতে-ভগৱান দৰ্শনৰ মানসেৰে উপস্থিত হয়.. বয়সত জেষ্ঠ্য আৰু দেখাত পঞ্চ বয়সৰ অনুমান কৰি-জয়-বিজয়ে তেওঁলোকক বৈকুণ্ঠ প্ৰৱেশত বাধা দিয়ে... লগতে বেতেৰে শৰীৰত প্ৰহাৰ কৰি-বাহিৰ কৰি দিবৰ বাবে বল প্ৰয়োগ কৰে... চাৰি সিদ্ধই বেতৰ প্ৰহাৰ পায়-
সন্ত শিষ্টাচাৰ পাহৰি ক্ৰোধৰ বশৱৰ্তী হৈ-অসুৰৰ বিযানিত জন্ম লবলৈ-অভিশাপ দিয়ে। তেনেতে ভগৱান বিষ্ণু ওলাই আহি দেখে-চাৰি সিদ্ধৰ চৰণত পৰি জয়-বিজয়ৰ কাতৰ প্ৰাৰ্থনা.. ভগৱন্তই সেই শাপৰপৰা মুক্ত কৰিব পাৰিলেহেতেন...
কিন্তু ভক্তপ্ৰাণ ভগৱন্তই-ভকত বাক্য ৰাখি আৰু নিজৰ লক্ষ্মীৰ বাক্য ৰাখি শাপ খণ্ডন নকৰি- জয়-বিজয়ক এটি উপদেশ দিলে-
"বৈৰভাৱে চিন্তিবাহা মোক...
অল্পকালে পাইবা এহি লোক (ভাগৱত)
এই বাক্যকে শিৰোগত কৰি জয়-বিজয়ে বৈকুণ্ঠৰপৰা মৰ্ত্যলৈ নামি আহে...
এই খিনিতে- শিৰণ্যকশিপুৰ আৰু হিৰনাক্ষৰ জন্ম সম্পর্কে উল্লেখ কৰিব লাগিব..
কাশ্যপমুনিৰ দুগৰাকী পত্নী দিতি আৰু অদিতি..
অদিতিৰ গৰ্ভত কাশ্যপমুনিৰ ঔৰষত দেৱতাসকলৰ জন্ম গ্রহণ কৰি স্বৰ্গ ৰাজ্যত ৰজা হৈ সুখে সন্তুষে থকা দেখি দিতিৰ মনত-অশেষ যন্ত্রনাৰ সৃষ্টি হৈ পুত্র কামৰ্নাথে-কাশ্যপ মুনিৰ কাষ চাপে.. সেই সময় আছিল-সন্ধ্যা উপাসনাৰ সময়..
সেই সময়তে কামনাৰ জুইত দগ্ধ হৈ-দিতিয়ে পুত্র কামনা কৰে.. কাশ্যপমুনিয়ে সেই সময়ত-পুত্ৰ সন্তান স্থিতি হলে-আসুৰিক স্বভাৱৰ হব বুলি- বহুতো উপদেশ দিছিল... কিন্তু সতিনী পুত্রৰ সুখ সহ্য কৰিব নোৱাৰি-স্বামীক খাতনি ধৰাত-কাশ্যপ মুনিৰ ঔৰষত জয়-বিজয় আহি-দিতিৰ গৰ্ভত স্থিতি লয় আৰু-তেওঁলোকে দানৱৰূপে জন্মগ্ৰহণ কৰে.... জন্মৰ পৰাই দুই ভাতৃ যুদ্ধ বিলাসী আৰু উদণ্ড হৈ পৰে... মাতৃয়েও পুত্র বল শক্তিৰ অদম্য উৎসাহ দেখি-ইন্দ্ৰৰ ইন্দত্ব হৰণ কৰি-পথৰ ভিখু কৰিবলৈ উদগনি দিয়ে...
সেই উদগণিত উৎহাসিত হৈ-হিৰণাক্ষই সৈন্য সামন্ত লগত লৈ- স্বৰ্গ ৰাজ্য আক্ৰমণ কৰি গৰ্বিত হৈ-সমক্ষক যুদ্ধা বিচাৰি- তিনিভূৱন তোলাপাৰ লগাই.. পদৰভৰ বসুমতীয়ে সহ্য কৰিব নোৱাৰি-সমুদ্ৰৰ অটল গৰ্ভত স্থান লয়.। সেই সময়তে নাৰদৰ আগমন ঘটে আৰু-কোনো চিন্তা নকৰাকৈয়ে-বৰাহে যুদ্ধৰ বাবে আহ্বান কৰা বুলি কয়... যেতিয়াই বৰাহৰ কথা শুনিলে উন্মুক্ত হিৰনাক্ষই তেওঁক বিচাৰিবলৈ ললে.. তেতিয়া নাৰদে ভগৱন্তক প্ৰাৰ্থনা কৰি-তেওঁৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে মিনতি যনায়... ভক্তাধীন ভগৱন্তই-বৰাহৰ ৰূপ ধাৰণ কৰি ভকতৰ-মনোবাঞ্চা পূৰণ কৰি-সমুদ্ৰ গৰ্ভত প্ৰৱেশ কৰি-বসুমতীক দন্তৰ আগত লৈ-ওপৰলৈ ওঁঠি আহোতে- হিৰনাক্ষৰ লগত ভেটাভেটি হয়... দয়োজনৰ মাজত তুমুল যুদ্ধ হয়....যুদ্ধত দাঁতৰ প্ৰহাৰত-হাত ভৰি ভাঙি-বক্ষ বিদাৰি হিৰনাক্ষক বধ কৰে.....
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment