বন বিভাগৰ জ্যেষ্ঠ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী বৈঠক: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 30, 2020

বন বিভাগৰ জ্যেষ্ঠ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী বৈঠক:

 


মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে অসম বিধানসভাৰ সভাকক্ষত বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় আৰু লাইকা-দধিয়া বনাঞ্চলৰ গাঁওবাসীৰ পুনৰ সংস্থাপনৰ বিষয়টো গুৰুত্বসহকাৰে আলোচনা কৰে।


লাইকা-দধিয়াৰ পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ বাবে স্থায়ী সমাধান উলিয়াবলৈ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী, সাংসদ, বিধায়ক আৰু জ্যেষ্ঠ বিষয়াসকলেৰে এখন সমিতি গঠন কৰিছে। ২০২১ বৰ্ষৰ ৩১ জানুৱাৰীৰ ভিতৰত যাৱতীয় সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।


এই সংক্ৰান্তীয় সকলো প্ৰক্ৰিয়া সঠিকভাৱে সম্পূৰ্ণ কৰাৰ লগতে পুনৰ সংস্থাপনৰ বিষয়টো মানৱীয় দৃষ্টিৰে ৰূপায়ণ কৰিবলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে।


বৈঠকত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় শ্ৰী পৰিমল শুক্লবৈদ্য, শ্ৰী নৱ কুমাৰ দলে, সাংসদ শ্ৰী প্ৰদান বৰুৱা, বিধায়কদ্বয় শ্ৰী ৰণোজ পেগু, শ্ৰী বিনোদ হাজৰিকা উপস্থিত থাকে।

No comments:

Post a Comment

Advertisement

Pages