ডিভোৰ্চ পেপাৰখন তাইৰ মুখৰ ফালে দলিয়াই দিয়াৰ দৰে দি গৰজি উঠিল অনুৰাগ ।
--- চহী কৰা........
--- এ...ই বোৰ কি কৈছা তুমি । আমাৰ এই ডেৰ বছৰৰ সম্পৰ্কতো এনেকৈ জানো শেষ কৰিব পাৰি ।
--- চুপ ...
চিঞৰি উঠিল অনুৰাগ তাইৰ ফালে আগুৱাই আহিল সি, ভয়তে তাইৰ ডিঙিটো শুকাই গল । সি আগুৱাই অহা দেখি তাই দুখোজ পিছুৱাই দিলে খঙত ৰঙা পৰি থকা চকু দুটা এইবাৰ যেন জ্বলন্ত আঙঠাৰ দৰে হৈ আৰু বেছি ভয় লগা হয় পৰিল । তাৰ চকুৰ পৰা চকু নমাই আনিলে তাই দুচকু দি নামি আহিল দুটোপাল তপত চকুলো ।
--- কি সম্পৰ্ক হা কিহৰ সম্পৰ্ক ।
নোকোৱা কিয়, মনে মনে আছা যে কোৱা কি সম্পৰ্ক ???
--- আ.হ... দুখ পাইছো এৰি দিয়া ।
--- কি সম্পর্ক কথা কৈছা তই হা..... যি সম্পৰ্কই মোৰ জীৱন মোৰ সপোন সকলো কাঢ়ি লৈ গল সেই সম্পৰ্ক ? যি তই মিছা ভালপোৱাৰ অভিনয় কৰি মোৰ জীৱনত আহিলি সেই সম্পৰ্ক ? নোকোৱা কিয় ।
মেৰিয়াই ধৰা চুলিখিনিৰ পৰা এৰুৱাই এইবাৰ তাইক বিচনাত গতিয়াই পেলাই দিলে হুকহুকাই কান্দি উঠিল উপমা । তাইৰ কান্দোন শুনি আকৌ গৰজি উঠিল অনুৰাগ ।
--- চুপ একদম চুপ .. তোৰ এই ঘৰীয়ালৰ চকুপানী মোৰ আগত নহয় ।
তাইক তেনেকৈ থকা দেখি যেন আৰু বেছি উত্তেজিত হৈ পৰিল অনুৰাগ । ফুলদানিটো লৈ মজিয়াত গাৰ জোৰেৰে দলিয়াই দিলে এটা ভয় লগা শব্দ হৈ কাছৰ টুকুৰাবোৰ চাৰিওফালে চিটিকি পৰিল । উচপ খাই উঠিল উপমা একে জাপে বিচনাৰ পৰা উঠি এক ভয়াটোৰ চাৱনিৰে তাই অনুৰাগৰ ফালে চালে । এক জ্বলন্ত আঙঠাৰ দৰে লাগিছে তাক । কৰবাৰ পৰা যেন এটা সাহস আহিল তাইৰ । বিচনাৰ পৰা উঠি আহি তাৰ সন্মুখত ঠিয় দি কৈ উঠিল তাই ।
--- এনেকৈ থকাত কৈ একেবাৰে মাৰি নেপেলোৱা কিয় তুমি মোক, মাৰি পেলোৱা মোক মাৰি পেলোৱা ।
তাৰ হাতদুখন তাইৰ ডিঙিত হেঁচি ধৰিলে তাই নিজে । এক টান মাৰি তাইৰ ডিঙিৰ পৰা হাতখন মুকলি কৰিলে সি । এক খঙাল দৃষ্টিৰে তাইলৈ চাই কলে সি ।
কথা কেইটা কৈ দোপদপাই ৰূমটোৰ পৰা ওলাই গল অনুৰাগ । ঠাইতে বহি হুকহুকাই কান্দি উঠিল উপমা । ৱালত লগাই থোৱা গণেশৰ ফটোখন চাই কৈ উঠিল তাই ।
" কি ভুলৰ ইমান শাস্তি দিছা মোক প্ৰভু "
উপমা চৌধুৰী ইঞ্জিনীয়াৰ অনুৰাগ চৌধুৰী পত্নী । পৰিয়াল বুলিবলৈ মাথো ঘৰখনত তিনিজন এ মানুহ অনুৰাগৰ মাক উপমা আৰু অনুৰাগ । ভনীয়েক দুজনী বিয়া হৈ গৈছে গোলাঘাটতে চাকৰি সূত্ৰে অনুৰাগৰ পৰিয়াৰতো গুৱাহাটীত এ থাকে । ঘৰ গোলাঘাটত আছিল যদি ও তাৰ মাটিবাৰী সকলোবোৰ বেছি এতিয়া সিহঁত গুৱাহাটীৰ স্থায়ী বাসিন্দা ।
উপমাৰ নিজা ঘৰ গোৱালপাৰা জিলাৰ এখন গাঁওত । মাক দেউতাকৰ বহুত মৰমৰ একমাত্ৰ ছোৱালী তাই । মধ্যবিত্ত ঘৰৰ যদি ও কোনো দিনে একো অভাৱ পাব দিয়া নাই তাইক । খেতিয়ক দেউতাকৰ লগত পথাৰৰ মাজত প্ৰাণ চঞ্চলা হৈ খেলি নাচি ভালপোৱা ছোৱালী আছিল উপমা ।
আৰু তাইৰ লগৰ আছিল সিহঁতৰ এ বৰদেউতাৰ ছোৱালী "ৰেখা"" ৰেখা উপমাতকৈ এবছৰ ডাঙৰ আছিল যদি ও দুয়ো একেলগে পঢ়া খেলা ফুৰিব যোৱা সকলো কৰিছিল ।
দেউতাক নোহোৱা ৰেখাই খুড়াকৰ এ নিজৰ দেউতাক দৰে মানিছিল আৰু তেওঁ ও তাইক উপমাতকৈ কোনো গুণে কম ভবা নাছিল । ৰেখাহতৰ দুজনী বা ভনী আৰু মাক । ৰেখাৰ ডাঙৰ বায়েক নিৰ্মালি বিয়া হৈছে গোলাঘাটত । গিৰিয়েক এজন পুলিচ অফিচৰ আৰু এটা সময়ত তেওঁ গোৱালপাৰাত এ আছিল আৰু তেনেকৈ এ চিনাকি হৈ প্ৰেম তাৰ পিছত বিয়া । পুলিচৰ চাকৰি যিহেতো তেওঁ বেছি ভাগ সময় ঘৰৰ বাহিৰত এ থাকিব লগা হয় মা ও বেমাৰী । সেই কাৰণে বায়েকৰ ডেলিভাৰীৰ সময়ত ৰেখাগৈ তিনিমাহ আছিল বায়েকহতৰ ঘৰত আৰু তাৰ মানুহবোৰৰ লগত তাইৰ ও এটা ভাল চিনাকি গঢ়ি উঠিছিল । অনুৰাগহতৰ ঘৰ আৰু ৰেখাৰ বায়েকৰ ঘৰ প্ৰায় একে লগতে অনুৰাগৰ সৰু ভনীয়েক মেঘালী প্ৰায়ে আহিছিল নিৰ্মালিহতৰ ঘৰত আৰু ৰেখাৰ লগত তাইৰ বন্ধুত্ব গঢ়ি উঠিছিল । ৰেখা ও এদিন গৈছিল সিহঁতৰ ঘৰত আৰু মেঘালী চিনাকি কৰাই দিছিল ককায়েক অনুৰাগৰ লগত । প্ৰথমে চিনাকি তাৰ পিছত বন্ধুত্ব আৰু পিছত গৈ দুয়ো দুয়োকে প্ৰাণভৰি ভালপাই পেলাইছিল ।।।
(যদি ৰেখা এ অনুৰাগৰ প্ৰেম আছিল তেতিয়া হলে ৰেখাৰ ভনীয়েক উপমা কেনেকৈ হল অনুৰাগৰ পত্নী ? )
আগলৈ......
বিঃদ্ৰঃ ছয়গাওঁ নিবাসী সন্মানীয় বন্দনা পাঠক ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment