মেধাৱী ছাত্ৰীলৈ অসম চৰকাৰৰ স্কুতি - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 18, 2020

মেধাৱী ছাত্ৰীলৈ অসম চৰকাৰৰ স্কুতি

 


২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ২২,২৪৫ গৰাকী মেধাৱী ছাত্ৰীক উৎসাহ যোগোৱাৰ লক্ষ্যৰে অসম চৰকাৰে আগ বঢ়াব একোখনকৈ স্কুতি।প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত  অহা ২০ ডিচেম্বৰত দিনৰ ১১ বজাত আমিনগাঁৱৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত এই স্কুতি বা বঁটা প্ৰদানৰ শুভাৰম্ভনি অনুষ্ঠান অনুষ্ঠিত হব।এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব শিক্ষা, বিত্ত, লোক নিৰ্মাণ আদি বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।উল্লেখ্য যে ১৪৪.৩০ কোটি টকা ব্যয় সাপেক্ষে শুভাৰম্ভ কৰা এই আঁচনি অধিনত ২২,০৩৪ খন পেট্ৰ'ল চালিত স্কুতি আৰু ২১১ খন বিদ্যুৎচালিত স্কুতি প্ৰদান কৰা হব ছাত্ৰী সকলক।

No comments:

Post a Comment

Advertisement

Pages