বিষৰ কাৰন:---- সচৰাচৰ বয়স্ককালত বাত নাইবা অন্যান্য ৰোগৰ প্ৰভাৱত বা দেহত উপযুক্ত কেলচিয়াম ভিটামিন ডি , চি, ফচফৰাচ আদিৰ অভাৱত হাড় মাংসপেশী আদিৰ দুৰ্বলতাৰ বাবে কঁকাল , ৰাজহাড় আদি যিকোনো অংগত হোৱা বিষ হল --- স্বাভাৱিক ৰোগৰ উপসৰ্গ ।
অন্যহাতে মহিলাৰ অনিয়মীয়া ঋতুস্ৰাৱ বা প্ৰসৱ জনীত কাৰনত (বিশেষকৈ চাৰ্জিকেল ডেলিভাৰীৰ পিচত ) , প্ৰস্ৰাৱৰ বিকাৰ , দীৰ্ঘদিন কৌষ্ঠ কাঠিন্যতাত ভুগা , যথোচিত পৰিশ্ৰম নকৰা বা অত্যধিক শ্ৰম কৰা ,গধুৰ বস্তু উঠোৱা , ওখ গেৰোহাৰ চেন্দেল পিন্ধা , কোনো ৰোগ বা দৰৱৰ পাৰ্শক্ৰিয়াত বা কোনো দুৰ্ঘটনা জনীত কাৰনতো হব পাৰে ।
এনে নানাবিধ কাৰনৰ উপৰি আধুনিক জীৱনশৈলীৰ পৰিৱৰ্তন - বিশেষকৈ ডিজিটেল যুগত টিভি , মোবাইল, যান বাহন চলোৱা ,বিৰামবিহীনভাৱে কম্পিউটাৰত বহা আদি যিকোনো বয়সৰ লোকৰে এই ৰোগৰ প্ৰভাৱ বেচিকৈ পৰা দেখা যায় ।
ৰোগৰ লক্ষণ:- ৰাজহাড় , পিঠি আৰু ককাল অংশত বিষ হয় । গা ভাল নাথাকে । উঠা বহাত কষ্ট হয় । বিষত জ্বৰ হব পাৰে । উপযুক্ত চিকিত্সা নল'লে বা সঘনাই বিষৰ দৰৱ খাই থাকিলে ৰোগৰ পৰিস্থিতি জটিল হব পাৰে ।
প্ৰাথমিক পৰ্যায়ত বহুতো ৰোগ প্ৰাকৃতিকভাৱে নাইবা ঘৰুৱা যতনেৰেও আৰোগ্য হব পাৰি । তাকে নকৰি ৰোগ দেখা দিয়াৰ লগে লগে লক্ষন নুবুজি নিজে নিজে দৰৱ কিনি খোৱা অতি হানিকাৰক ।
বিশেষকৈ বিষনাশক দৰৱৰ পাৰ্শক্ৰিয়াই দেহত বিভিন্ন ৰোগৰ বাহক হব পাৰে ।
সেয়ে বিষ নিৰাময়ৰ কিছু প্ৰাথমিক উপায় তলত বৰ্নোৱা হ'ল -------
ঘৰুৱা চিকিৎসা :-
🌀 মালিচ:----- ককাল , পিঠি বা গাৰ বিষৰ প্ৰাথমিক চিকিত্সা হিচাবে মালিচ কৰাতো অতি ভাল উপায় । মালিচৰ ফলত ৰক্ত সঞ্চালন সুচাৰু ৰূপে হয় আৰু বিষ বেদনাৰ উপসম হয় ।
১) ২৫ মি:লি সৰিয়হ তেলত ৮/১০ কোহ নহৰু সৰুকৈ কাটি দি ৰঙা হোৱাকৈ ভাজিব আৰু ঠান্ডা হলে বটলত ভৰাব । এই তেলেৰে দিনে ১-২ বাৰ মালিচ কৰিলে ককাল,পিঠি বা যিকোনো স্থানত হোৱা বিষৰ উপসম হয় ।।
একেদৰে মেথিগুটি ভজা তেলেৰে বা মেথি আৰু নহৰু ভজা তেলেৰে মালিচ কৰিলে যথেস্থ আৰাম পায় ।
২। লং আৰু নহৰু মিহিকৈ থেতেলাই সৰিয়হ তেলত ভাজি সেই তেলেৰে মালিচ কৰিব পাৰে ।
৩। আদা এডোখৰ , পচতিয়া পাত ৮-১০টা আৰু নহৰু ৪-৫ ফুটা মিহিকৈ খুন্দি এড়ি তেল
( অভাৱত অন্য তেল ) মিহলাই অলপ তপতাই মালিচ কৰিব ।
৪ । বচ এডোখৰ তেলত ভাজি মালিচ কৰিব ।
৫ । জাইফল ১টা তিয়াই থৈ থেতেলাই তিল তেল মিহলি কৰি মালিচ কৰিব পাৰে ।
৬। মাটি মাহ নাইবা আলু থেতেলাই লেপ দিলেও বিষ কমে ।
৭। বিষ হোৱা ঠাইত নহৰুৰ ৰস লগালেও বিষ উপসম হয় ।
নাইবা আয়ুৰ্ব্বেদিক ফাৰ্মাচিত উপলব্ধ বিষনাশক তেলেৰেও মালিচ কৰিব পাৰে ।
খোৱা বনদৰৱ-----
১। ৰাতিপুৱা খালিপেটত দুইকোহ নহৰু থেতেলাই আধাকাপ পানীৰ লগত খালে বিভিন্ন ৰোগৰ লগতে বিষ নিৰাময় হয় ।
২। তুলসী সৰ্বৰোগ নাশক । ৮-১০টা তুলসী পাত সিজাই চাহৰ দৰে খালে বিষৰ লগতে নানাবিধ ৰোগ উপসম হয় ।
৩ । আদাৰ বিষনাশক গুণ আছে । সেয়ে নিয়মিত আদা কিছুপৰ সিজাই চাহ বনাই খাব পাৰে
৪। প্ৰস্ৰাৱৰ দোষত বিষ হ'লে মালিচৰ লগতে পাতেগজা( দুপৰটেঙা)ৰ ৮-১০খন পাতৰ ৰস দিনে দুবাৰ খাব ।
৫। কৌষ্ট কাঠিন্য বা ত্ৰিদোষ জনীত ( বাত,পিত্ত ,কফ) বিষত মালিচৰ লগতে নিয়মিত ১ চামুচকৈ '#ত্ৰিফলা_চুৰ্ন ৰাতি শোৱাৰ আগতে নাইবা তিয়াই থৈ ৰাতিপুৱা এগিলাচ গৰম পানীৰে খাব । বয়সীয়াল লোকে পাৰিলে সদায় খাব ।
৬) এগিলাচ গাখীৰত ১চামুচ হালধি মিহলাই খালে বিষ কমে ।
🌀 গৰম সেক দিয়া :--
গৰম পানীত আন্দাজমতে নিমখ দি কপাহী কাপোৰ তিয়াই সেক দিলে ,গৰম পানী ঢালিলে নাইবা বালি বা নিমখৰ টোপোলা তাৱা বা কেৰাহীত গৰম কৰি সেক দিলে বিষ কমে ।
💧সুপথ্য---- ভেদাইলতা , মানিমুনি , অমিতা , শেৱালি ফুল , আমলখি , মৌজোল আদিৰ লগতে কেলচিয়াম, ফচফৰাচ ,ভিটামিন চি , ভিটামিন ডি যুক্ত আহাৰ খাব ।
, চিগাৰেট , ধপাত আদি নিচাদ্ৰব্য এৰাই চলিব ।
যৌগিক চিকিৎসা :
ওপৰোক্ত চিকিত্সা সমুহতকৈ আটাইতকৈ
স্থায়ী , আৰু নিৰ্ভৰযোগ্য বিনামুলীয়া চিকিত্সা হল ---#যোগচৰ্চা ।
যোগচৰ্চাৰ বাবে তলত ককাল বা পিঠিৰ বিষৰ উপযোগী কিছু যৌগিক আসন , প্ৰাণায়ামৰ নাম আঙুলিয়াই দিলো । (ওচৰৰ কোনো অভিজ্ঞ ব্যক্তি বা যোগ পুস্তিকাৰ জৰিয়তে শিকি লব )
আসন---১। তাড়াসন ২। মকৰাসন
৩। মৰ্কতটাসন ৪।ভুজঙ্গসন ৫।শলভাসন ৬। অৰ্ধ ধনুৰাসন ৭।নৌকাসন ৮।উষ্ট্ৰাসন ৯।ত্ৰিকোনাসন ১০। কটি চক্ৰাসন ১১।কন্ধৰাসন ১২। পৱন মুক্তাসন ১৩।অৰ্ধ_হলাসন আদি
প্ৰাণায়াম --ভস্ত্ৰিকা, কপালভাতি ,বাহ্য-প্ৰাণায়াম , অনুলোম বিলোম ,ভ্ৰামৰী আদি
নিয়মিত অ্ভ্যাস কৰিলে সোনকালে আৰোগ্য হব ।
🚫 সতৰ্কতা -
✔- ১। কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নোলোৱাকৈ একেদিনেই সকলো আসন নকৰিব ।
✔ ২। আসন প্ৰাণায়াম সমুহ নিয়ম মতে লাহে লাহে কৰিব
✔৩। অধিক বিষ থাকিলে সহজ আসন কৰিব ।
✔৪। অধিক সময় ক'তো বহি নাথাকিব । মাজে মাজে থিয় হৈ বা খোজ কাঢ়ি জিৰনি লব ।
✔ ৫। গধুৰ বস্তু উঠোৱা নমোৱা নকৰিব
📛 ৬। পৰাপখক্ষত আগফাল কমকে হালিব ।
💋 ৭। মহিলাৰ গৰ্ভৱতী বা ঋতুকালীন অৱস্থাত, অস্ট্ৰোপচাৰ কৰা বা অন্য জটিল ৰোগত ভুগা ব্যক্তিয়ে যোগাসন নকৰিব ।
✔ ৮। ওখ গেৰোহা থকা বা হাই হীল চেন্দেল পৰিত্যাগ কৰিব ।
🏓 ৮। বিষনাশক দৰব সঘণাই নাখাব ।
🎈চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ দৰৱ নাখাব
( এনে প্ৰাথমিক উপায়েৰে ৰোগ আৰোগ্য নহলে বা বিষ অধিক যন্ত্ৰণাদায়ক হ'লে চিকিত্সকৰ পৰামৰ্শ লব )
আপোনাসৱৰ সুস্বাস্থ্য কামনাৰে
শ্ৰী যতীন দাস মালয়বাৰী
কামৰূপ -ম (অসম)
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য যতীন দাসৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰ ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
ভাল দিহা।
ReplyDelete