পদূলি মুখত পোহৰৰ উৎসৱ দীপাৱলী , সেই উপলক্ষে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত থলুৱাভাৱে প্ৰস্তুত কৰা মাটিৰ চাকি নিজ হাতে মৃৎশিল্পী সকলৰ পৰা ক্ৰয় কৰা দেখিবলৈ পোৱা যায়।
লগতে তেওঁ সকলোকে আহ্বান জনাই যে, "আহক, আমি সকলোৱে থলুৱা সামগ্ৰীৰ ব্যৱহাৰেৰে এইবাৰৰ দীপান্বিতা অধিক উজ্জ্বল কৰি তোলোঁ।"
মুখ্যমন্ত্ৰী গৰাকীৰ এই সুন্দৰ নিদৰ্শনে ৰাজ্যৰ দৰিদ্ৰ মৃৎশিল্পী সকলৰ পৰা মাটিৰ চাকি বা আন কোনো সামগ্ৰী ক্ৰয় কৰাত সৰ্বসাধাৰন ৰাইজক নিশ্চয়কৈ অনুপ্ৰাণিত কৰিব।
No comments:
Post a Comment