আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 15, 2020

আজিৰ ৰাশিফল

শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                          ২৯ কাতি , দেওবাৰ,ইং ১৫ নৱেম্বৰ ২০২০। 

সূৰ্য্যোদয় ঘ:৫/৪৪/১০সূৰ্য্যাস্ত ঘ:৪/২৭/১০


ৰাশি - তুলা ৰাশি। দি:ঘ:- ১/২৩/৩৫ যোৱাত বৃশ্চিক ৰাশি।

তিথি - অমাৱস্যা  ।দি: ঘ:- ১১/১০/৫৮ লৈ।

নক্ষত্ৰ  - বিশাখা স:ঘ:৬/৫৯/৯ লৈ।

আদ্যঋতু হলে - বেশ্যা যোগ।

যাত্ৰা :- ঈশান কোনত নাই । দি:ঘ: ১১/১০/৫৮ যোৱাত পূৱ দিশত নাই ।

যোগিনী :- ঈশান কোনত । দি:ঘ: ১১/১০/৫৮ যোৱাত পূৱ দিশত ।

মৰণত দোষ:- তিনি পাদ,স:ঘ: ৬/৫৯ /৯ যোৱাত এপদ। 

ভক্ষাভক্ষ্য :- তেল মাছ,মাংস , দি:ঘ: ১১/১০/৫৮ যোৱাত কোমোৰা  খোৱা নিষেধ । 


১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, কৰ্মত ভাতৃৰ উন্নতি হব, যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।  

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত গৃহ নিৰ্মাণৰ সুযোগ লাভ হব, বিদ্যাৰ্থী সকলৰ শুভ হব,যদিও কৰ্মত সজাগ নহলে বুদ্ধি নাশ  হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত দেহত সামান্য ৰোগ বাঢ়িব পাৰে, কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে,লগতে সজাগ নহলে মিছা অপৱাদ পোৱাৰ   যোগ দেখা যায়‌।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত  দেহ মনত সামান্য আঘাট পাৱ পাৰে, লগতে সজাগ নহলে  মনত হতাশা ভাৱ বৃদ্ধি পোৱাৰ  যোগ  দেখা যায়।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়ত শুভ, ধন আগমন হব, লগতে আদৰ সাদৰ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত বস্ত লাভ হব, প্ৰেম শুভ, যদিও মনত সামান্য কষ্ট পোৱাৰ  যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সুখ বাঢ়িব, যদিও শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে শত্ৰুৰ পৰা সাৱধান হব।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনৰ প্ৰসংশা লাভ হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, ধন লাভ হব, যদিও মনত সামান্য ভয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  চঞ্চলতা বাঢ়িব, ধন আগমন হব লগতে বুদ্ধি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত ধন মান প্ৰাপ্তি হব, লগতে সম্পত্তি লাভ  হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

No comments:

Post a Comment

Advertisement

Pages