ভাত খাওঁতে ঠাণ্ডা পানী খোৱা , ভাতৰ লগত বেছি পানী খোৱা , ঠাণ্ডা পানী খোৱা , সময়ত খাদ্য নোখোৱা , ৰাতি বেছি দেৰিলৈ টোপনি নোহোৱা , অত্যাধিক তেল -মছলা আদি খোৱা আদিবোৰেই প্ৰধান ।
1 . খাদ্য খোৱাৰ পাছত 2 গ্ৰাম আদা চোবাই খাওক ।
2. 1 গিলাচ গৰম পানীত 1 চামুচ শুকান আদাৰ গুড়ি মিহলাই খালে আৰাম পায় ।
3. পিয়াজৰ ৰস উলিয়াই 2 চামুচ খালেও শৌচ চাফা হয় ।
4. দৈনিক ত্ৰিফলা গুড়ি এক চামুচ এক গিলাচ গৰম পানীত মিহলাই ৰাতি ভাত খোৱাৰ পিছত খাব পাৰে ।
5. ৰাতি শুৱাৰ সময়ত 1 চামুচ এৰা পাতৰ ৰস খালে ৰাতিপুৱা শৌচ চাফা হব ।
6. আমলখি শুকাই গুড়ি কৰি দৈনিক 1 চামুচ ৰাতি গৰম পানীৰ লগত খাব পাৰে । আমলখিৰ ৰস বজাৰত পোৱা যায় ।। দৈনিক ৰাতি 2 চামুচ খাব পাৰে ।
7. আধা চামুচ আঁহত গছৰ ফলৰ গুড়ি আৰু তাৰ লগত আধা চামুচ গুড় মিহলাই খালেও কোষ্ঠকাঠিন্য দূৰ হয় ।
8. ৰাতি শুৱাৰ সময়ত গৰম গাখীৰত 1 চামুচ আদাৰ শুকান গুড়ি মিহলাই খাব পাৰে ।
9. ৰাতি তামৰ বাচনত পানী থৈ ৰাতিপুৱা খালি পেটত নিয়মিত খালে কোষ্ঠকাঠিন্য নোহোৱা হয় ।
10. শুকান আদাৰ গুড়ি , ইলাচীৰ গুড়ি আৰু ডালচিনিৰ গুড়ি 5:1:2 অনুপাতত মিহলাই ৰাতিপুৱা 1 গিলাচ পানীত এক চামুচ মিহলাই খাব পাৰে ।
11. আদাৰ শুকান গুড়ি আৰু ধনীয়াৰ গুড়ি 2:1 অনুপাতত মিহলাই দৈনিক ৰাতি 1 গিলাচ গৰম পানীত আধা চামুচ খাব পাৰে ।
12. আদা পতাত বটি লৈ তাত কাজী টেঙাৰ ৰস মিহলাই 1 চামুচ খালে গেছ নোহোৱা হয় আৰু পেট চাফা হয় ।।
-আচাৰ্য পংকজ পাঠক
No comments:
Post a Comment