আজি গুৱাহাটীৰ লালমাটিৰ নিধি ভৱনৰ সন্মূখৰ এখন দেৱালত এটা স্বেচ্ছাসেৱী সংগঠনে কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখীল গগৈৰ মুক্তিৰ দাবী জনাই অংকন কৰা এখন বিশেষ চিত্ৰৰ বাবে চিত্ৰশিল্পীৰ দলটোক বশিষ্ঠ আৰক্ষীয়ে আটক কৰে।আৰু আটকাধীন চিত্ৰশিল্পীৰ দলটোক আৰক্ষীয়ে হেঁচা প্ৰয়োগ কৰি তেওঁলোকে অংকন কৰা সেই বিশেষ চিত্ৰখন মচি দিবলৈ বাধ্য কৰায় বুলি জানিব পৰা গৈছে।
ইতিমধ্যে চিত্ৰখন দেৱালৰ পৰা মচি দিয়া হৈছে।আৰু এই ঘটনাই আজি সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
No comments:
Post a Comment