তিতাবৰত শিক্ষকৰ অকাল মৃত্যুত গভীৰ শোকৰ ছাঁ : - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 19, 2020

তিতাবৰত শিক্ষকৰ অকাল মৃত্যুত গভীৰ শোকৰ ছাঁ :

তিতাবৰ ধপাতবাৰীৰ নিবাসী তথা প্ৰাগজ্যোতিকা ইংলিছ স্কুলৰ শিক্ষক বিপীন শৰ্মাৰ (৪৭) অকাল বিয়োগৰ বাতৰিয়ে সমগ্ৰ তিতাবৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পেলাইছে।জানিব পৰা মতে প্ৰয়াত শিক্ষক গৰকী কৰ্কত ৰোগত আক্ৰান্ত হৈ আছিল আৰু যোৱা নিশা প্ৰায় ১২:১০ বজাত ডিব্ৰুগড়ৰ এক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।


অজি বিয়লি তেখেতৰ নশ্বৰ দেহ প্ৰাগজ্যোতিকা ইংলিছ স্কুলৰ চৌহদলৈ অনা হয় আৰু তেকেখতক শেষ শ্ৰদ্ধাঞ্জলি জনাই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকলে।যিহেতু শিক্ষক গৰাকীয়ে প্ৰাগজ্যোতিকা ইংলিছ স্কুলত প্ৰতিষ্ঠা কালৰে পৰা শিক্ষাদান কৰাৰ ওপৰিও বিদ্যালয়খনৰ অগ্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰিম ভূমিকা পালন কৰি আহিছিল।সেয়ে তেওঁৰ মৃত্যু এক অপোৰনীয় ক্ষতি বুলি মত পোষন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।

মৃত্যুৰ পৰত তেওঁ পত্নী আৰু দুটি পুত্ৰ সন্তান ইহ সংসাৰত এৰি গৈছে।বিভিন্ন জনৰ লগতে আমাৰ তৰফৰ পৰাও প্ৰয়াত শিক্ষক গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো, ঔঁ শান্তি।


No comments:

Post a Comment

Advertisement

Pages