দ্বিতীয় খণ্ড : ব্যক্তিগত ৰাশিফল:---নতুন বছৰ অহাৰ লগে লগে বহুতৰে আগ্ৰহ হয় অহা বছৰটোৰ ভাল- বেয়া শুভ-অশুভ জানিবলৈ। .....হয়! নতুন বছৰত নিজৰ পৰিয়াল বা দেশৰ ভাল বেয়া চাবলৈ সকলোৰে মন যায় । পঞ্জিকা , পুস্তিকা,প্ৰচাৰ মাধ্যম আদিত ৰাশি ফলৰ জোৱাৰ উঠে । বছৰটোৰ নিৰ্দিষ্ট দিন/মাহত গ্ৰহনক্ষত্ৰ সমুহৰ অৱস্থান অনুসৰি ১২টা ৰাশিৰ ওপৰত পৰা প্ৰভাৱ আৰু ৰাশি বিশেষে শুভ-অশুভ ব্যক্তিগত ভাগ্যফল বৰ্ণোৱা হয় ,। সেইমতে ৰাজ্য দেশ বিদেশৰ বৰ্ষফল আদিও জানিব পাৰি
আৰু ৰাশি ফলসমুহ অভিজ্ঞ জ্যোতিষীৰ দ্বাৰা বিচাৰ কৰা হয় ।
পিছে ব্যক্তিগত ৰাশি ফল বুলি আপোনাৰ ব্যক্তিগত ফলাফল নহবও পাৰে । আপোনাৰ ৰাশিৰ লোক আন লাখ লাখজনৰ ভাগ্যফল একে হোৱাতো অসম্ভৱ । একেদৰে দৈনিক বা মাসিক ৰাশি ফলতো একে ৰাশিৰ সকলোৰে একে ফল হোৱাটো ও দেখা নাযায় । ৰামৰ ভাগ্য ৰাৱনৰ লগত, বা কংসৰ ভাগ্য কৃষ্ণৰ লগত সম্ভৱত একে কেতিয়াও নাছিল । গ্ৰহৰ অৱস্থান য'তেই নহওক ব্যক্তিগত জন্মকুন্ডলী অনুসৰিহে এজন লোকৰ ব্যক্তিগত ৰাশি ফল বিচাৰ কৰাতো সম্ভৱ ।
সেয়ে পঞ্জিকা বা আন মাধ্যমৰ ৰাশি ফল সমুহ দুইএকৰ মিল থাকিলেও সকলোৰে বাবে নিৰ্ভৰযোগ্য ভাগ্যফল বুলি কব নোৱাৰি ।
জন্ম চক্ৰ্ বা হস্তৰেখা বিচাৰ
সঠিক জন্ম সময় চন তাৰিখ্ বা জন্ম চক্ৰ বা জন্মকুন্ডলী নাইবা হাতৰ ৰেখা বিচাৰ কৰি এজন অভিজ্ঞ জ্যোতিষী বা হস্তৰেখাবিদৰ জৰিয়তে এজন লোকৰ বাৰ্ষিক নতুবা গোটেই জীৱন পঞ্জি সঠিক ভাৱে জানিব পাৰি । কি গ্ৰহৰ প্ৰভাবত তেখেতৰ ভালদশা চলিচে কি পাপগ্ৰহৰ অপদৃষ্টিত বেয়া চলিছে বা ভাল বেয়া ,শুভ-অশুভ সমুহৰ দশা ভোগ কিমান দিন মাহ বছৰলৈ চলিব সকলো জনা যায় ।
- যিকোনো লোকৰ ভাগ্যফল বিচাৰত সৌৰজগতত নিৰন্তৰ গতিশীল আটাইবোৰ গ্ৰহৰ দৃষ্টি সময়ে সময়ে পৰিৱৰ্তণ হয় ।কেতিয়াবা পোণ ,কেতিয়াবা বক্ৰ ,সুদৃষ্টি কুদৃষ্টি আদি । কেতিয়াবা কালসৰ্পযোগ ৰাহু কেতু শনি মংগল আদি পাপ দশা ইত্যাদি
গ্ৰহদোষৰ বাবে জ্যোতিষীৰ প্ৰতিকাৰ
ৰোগ হলে প্ৰতিকাৰো আছে !তেনেকৈ ভাগ্য দোষ গ্ৰহ দোষ বা অশুভ শান্তিৰ বাবে জ্যোতিষ বিচাৰক সকলেও গ্ৰহ পুজা যাগ যজ্ঞ দান দক্ষিণা , গ্ৰহ কৱচ, মালা নাইবা গ্ৰহ পাথৰ (stone ) যেনে প্ৰবাল ,গোমেদ ,পোখৰাজ ,নীলম ,হীৰা মুকুতা আদি ধাৰন কৰাৰ দিহা দিয়ে । বৈদিক যুগৰ পৰা চলি অহাএনে দিহা সমুহৰ বিজ্ঞান সন্মত যুক্তি আছে যদিও অধিক মুল্যৱান আৰু খৰছী ব্যৱস্থা হোৱা হেতুকে সাধাৰণ লোকৰ বাবে ক্ৰয় কৰাটো অসুবিধাজনক ।
আনহাতে বিস্বাস অবিশ্বাস নাইবা গুণাগুণ পোৱা নোপোৱা অদিক লৈও বিতৰ্ক নথকা নহয় । আজিৰ ভেজাল যুগত চলাহী পাথৰ তাৱিজ কবচ বিক্ৰেতাৰো অভাৱ নাই। এইবোৰ বিশ্বাসত ধাৰন কৰা ভুক্তভোগীয়েহে বুজিব ।
এটা কথা হলে থিক ভাগ্যৰ লিখণ নাযায় খন্ডন।
সচা ;পুৰ্বজনমৰ সঞ্চিত পাপ পূণ্যৰ ফল কপালত লৈ য'তেই যেনেকৈ জন্মগ্ৰহন কৰিছো তাৰ প্ৰাৰব্ধ কৰ্মফল ভুগিবই লাগিব । তাৰ ব্যতিক্ৰম কোনেও কৰাই দিব নোৱাৰে। ভাগ্য গঢ়াৰ মালিক ভগৱান নহয়।
ভাগ্য আমিয়েই গঢ়ো আমিয়েই ভাঙো। বেযা /ভাল,সৎ /অসৎ,সুমীতি /দুৰ্নীতি,হিংসা/অহিংসা,ধৰ্ম/অধৰ্ম ,কৰ্ম/অকৰ্ম,পাপ/পূণ্য আমিয়েই কৰো ।
কেৱল ভগৱানৰ আজ্ঞাবাহী গ্ৰহ সমুহে আমাক ফলভোগ কৰায়।
পাপ গ্ৰহ বুলি ভবা শনি ৰাহু কেতু মংগল আদি কেতিয়াও পাপীগ্ৰহ নহয়। আমি পুৰ্বতে লৈ অহা পাপ-পূণ্য ফলভোগৰ বাবেহে আমাৰ প্ৰতি সুদৃষ্টি-কুদৃষ্টি ।
গ্ৰহ প্ৰতিকাৰৰ সহজ পদ্ধতি :------
ভগৱান সন্ৰুষ্ট হ'লে,গ্ৰহ সন্তুষ্ট হলে প্ৰতিকাৰৰ বাবে পুজা বলী বহুমূল্যৰ পাথৰ কবচৰ প্ৰয়োজন নাই । গ্ৰহ দোষৰ বিধান বা পুজা কৰোতা জনো গ্ৰহদৃষ্টিৰে পীড়িত ।
সেয়ে নিজ মুখেৰে ধ্যান কৰক । ঔঁ শব্দেৰে নিজ ইষ্টদেৱৰ ধ্যান কৰক ; গ্ৰহ সমুহৰ ধ্যান কৰক - ঔঁ সূৰ্য্যদেৱায় নমঃ ঔঁ শনিদেৱায় নমঃ ঔঁ গুৰু বৃহস্পতয়ে নমঃ ঔঁ ৰাহুদেৱায় নমঃ ঔঁ কেতৱে নমঃ যাৰ যি গ্ৰহদোষ আছে সদায় শুদ্ধচিত্তে পুৱা গধুলি একাান্তমনে আৰাধনা কৰক ।
দীঘলকৈ নিশ্নাস এৰি উচ্চাৰন কৰক ------
: ➡ 🕉 ➡🕉 ➡ 🕉
মনত ৰাখিব সু-সংস্কাৰ ,সু-সংগ সু-পন্থা আৰু সঠিক সিদ্ধান্তৰে কৰা কৰ্মেৰেহে ভাগ্য সনলি কৰাব পাৰি ।
👺👺👺 বাটে পথে ,ঘৰলৈ অহা নাইবা যিকোনো অনভিজ্ঞ জ্যোতিষ বা হস্তৰেখা বিচাৰ কৰোতাক কোষ্ঠী বা হাত নেদেখুৱাব । তেখেতৰ ভুল বিচাৰে অপোনাৰ মানসিক ক্ষতি সাধন তথা চলনাৰ বলী হব পাৰে ।
বন্ধুসকল,
মই কোনো জ্যোতিৰ্বিদ বা হস্তৰেখাবিদ নহওঁ ;
জীৱনৰ বাটে বাটে বুতলি পোৱা সাধাৰন অভিজ্ঞতা খিনিকে আপোনাসৱলৈ আগবঢ়াইছো । ভুল ত্ৰুটি হলে ক্ষমিব ,, লগতে পৰামৰ্শ পাবলৈকো আশা কৰিলো ।
মোৰ ক্ষুদ্ৰ জ্ঞানেৰে প্ৰয়াস কৰিছো--- আপোনাসৱলৈ জ্যোতিষ বিদ্যাৰ কিঞ্চিত আভাস বিলোৱাৰ । ( যিসকলে এই বিদ্যাক বিশ্বাসত লব নুখুজে তেখেতসকলে কোনো বিতৰ্কিত মন্তব্য নিদিবলৈ অনুৰোধ জনালোঁ ।)
অহাতো খন্ডত আকৌ লিখিম ; পঢ়িব, পঢ়ি মতামত জনাব । ক্ৰমশঃ
আপোনাৰ সেৱাত শ্ৰী যতীন দাস।
মালয়বাৰী কামৰূপ-ম(অসম)
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য যতীন দাসৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম-ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment