সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহত আজি এনেদৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্দাৰ্থ ভট্টাচাৰ্য্যই।আৰু লগতে তেওঁ মন্তব্য আগ বঢ়াই যে -
"অসমৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ডাঙৰীয়াৰ দেহাৱসানত অতিকৈ মৰ্মাহত হৈছোঁ।
সহজ-সৰল ব্যক্তিত্বৰ অধিকাৰী পৰম শ্ৰদ্ধাৰ গগৈ ডাঙৰীয়াৰ বিয়োগ অসমৰ ৰাজনীতি আৰু অসমীয়া সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।
এই শোকাকুল মুহূৰ্তত তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ।
GMCH ত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। ঈশ্বৰৰ শ্ৰীচৰণত তেখেতৰ বিদেহ্ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ ।
ঔঁম শান্তিঃ শান্তিঃ শান্তিঃ" - সিদ্দাৰ্থ ভট্টাচাৰ্য্য
No comments:
Post a Comment